মচৌৰা
কেঁচা মচৌৰা | |
| প্ৰকাৰ | কিম্বন কৰা খাদ্য খাদ্যবস্তু |
|---|---|
| উৎপত্তিৰ স্থান | নেপাল |
| সম্পৰ্কিত ৰাষ্ট্ৰীয় ব্যঞ্জন | নেপালী খাদ্য |
মচৌৰা হৈছে কিম্বন কৰি সূৰ্যৰ তাপত শুকুৱাই তৈয়াৰ কৰা খাদ্যবস্তু, যি কলা দালিৰ লগত বিভিন্নধৰণৰ সেউজীয়া শাক-পাচলি মিহলাই তৈয়াৰ কৰা হয়। এই খাদ্যৰ উৎপত্তি হৈছে নেপালত আৰু বিভিন্ন দেশত থকা নেপালী সমাজে ইয়াক প্ৰস্তুত কৰে। ইয়াৰ প্ৰস্তুতিত সাধাৰণতে পিঙালু (এক প্ৰকাৰৰ কচু), তৰুল (এক প্ৰকাৰৰ আৰু) আৰু কৰ্কল (এক প্ৰকাৰৰ কচু) পাত আদি সেউজীয়া শাক-পাচলি ব্যৱহাৰ কৰা হয়।
প্ৰাচীন সময়ত বছৰত সকলো ঋতুত, বিশেষকৈ শীত কালত, সতেজ সেউজীয়া শাক-পাচলি পোৱা কঠিন হৈছিল; সেই সময়ত সতেজ সেউজীয়া শাক-পাচলিৰ অভাৱৰ সময়ত বিকল্প পুষ্টিকৰ খাদ্য হিচাপে ব্যৱহাৰ কৰা হৈছিল মচৌৰা।[1] ইয়াক তেলত ভাজি আন সেউজীয়া শাক-পাচলিৰ লগত মিহলাই ৰন্ধা হয়।[2]
ব্যুৎপত্তি আৰু ইতিহাস
[সম্পাদনা কৰক]ঠিক লিখিত কোনো প্ৰমাণ নাই যদিও স্থানীয় লোকসকলে ‘‘মচৌৰা’’ শব্দটো ‘‘মাচ’’ (মাহ দালি (একপ্ৰকাৰৰ কলা দালি)) শব্দৰপৰা আহিছে বুলি বিশ্বাস কৰে। ‘‘মাচ’’ দালি হ'ল মচৌৰা বনাবলৈ ব্যৱহাৰ কৰা প্ৰধান উপাদান।
মচৌৰা প্ৰথমে কোনে বা কেতিয়া আবিষ্কাৰ কৰিছিল সেইটো নিশ্চিত কৰা হোৱা নাই, কিন্তু এইটো সম্ভৱতঃ নেপালৰ এটা পৰম্পৰাগত সংৰক্ষিত খাদ্যবস্তু।
চিত্ৰ গেলাৰী
[সম্পাদনা কৰক]-
তেলত ভাজি থকা মচৌৰা
-
শুকান মচৌৰা
-
আলুৰ লগত মচৌৰাৰ জোল
-
মচৌৰাৰ চানা
এইটোও চাওক
[সম্পাদনা কৰক]তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "How to make Masyura?" (en-US ভাষাত). The Nepali Food Blog | theGundruk.com. 2016-02-15. http://www.thegundruk.com/how-to-make-masyura/। আহৰণ কৰা হৈছে: 2019-11-24.
- ↑ "Masaura and Potato Tarkari (Traditional)". Nepali Recipes. http://ournepal.info/nepalirecipes/vegeterian/masaura-and-potato-tarkari-traditional/। আহৰণ কৰা হৈছে: 5 January 2014.