সমললৈ যাওক

মজতবা মিৰতাহমাছব

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মজতবা মিৰতাহমাছব
জন্ম ১৯৭১
কেৰমান, ইৰান
শিক্ষা ইউনিভাৰ্ছিটি অৱ আৰ্ট মজতামে-এদানেছগাহীয়েহ হোনাৰ
পেচা চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক
সক্ৰিয় হৈ থকা সময় ১৯৯২–বৰ্তমান
জনা যায় দিছ ইজ নট এ ফিল্ম
সন্তান য়াছনা মিৰতাহমাছব

মজতবা মিৰতাহমাছব (ফাৰ্চী: مجتبی میرطهماسب; জন্ম ১৯৭১) হৈছে এগৰাকী ইৰানী চলচ্চিত্ৰ নিৰ্মাতা আৰু প্ৰযোজক। তেওঁ জাফৰ পানাহীৰ সৈতে যুটীয়াভাৱে দিছ ইজ নট এ ফিল্ম (২০১১) পৰিচালনা কৰিছিল।

মিৰতাহমাছবৰ জন্ম ১৯৭১ চনত ইৰানৰ কেৰমানত হৈছিল। ১৯৯২ চনৰপৰা ১৯৯৫ চনলৈকে তেওঁ তেহৰানৰ ইউনিভাৰ্ছিটি অৱ আৰ্ট "মজতামে-এদানেছগাহীয়েহ হোনাৰ"ত অধ্যয়ন কৰি দৃশ্যকলা আৰু হস্তশিল্পৰ শিক্ষা গ্ৰহণ কৰে। বিশ্ববিদ্যালয়ত পঢ়ি থকা সময়ছোৱাত তেওঁ মূলতঃ শ্বিয়া ধৰ্মীয় ৰীতি-নীতি আৰু অনুষ্ঠানসমূহৰ প্ৰতি আগ্ৰহী আছিল, কিন্তু ইয়াৰ সমান্তৰালভাৱে তেওঁ ফটোগ্ৰাফী আৰু চলচ্চিত্ৰ নিৰ্মাণৰো অধ্যয়ন কৰিছিল।

স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত মিৰতাহমাছবে ১৯৯৬ আৰু ১৯৯৭ চনত ইৰানী শ্বিয়াবাদৰ ইছলামিক কলা আৰু বস্তুগত সংস্কৃতিৰ ওপৰত আঠখন প্ৰামাণ্যচিত্ৰ পৰিচালনা কৰে। এই চলচ্চিত্ৰসমূহৰ বিষয়-বস্তুৰ ভিতৰত কেলিকো প্ৰস্তুত কৰা, গ্লেজিঙৰ কলা, এনামেলৰ কাম, ইছলামিক টাইলছৰ কাম আৰু ইছলামিক বেজীৰ কাম অন্তৰ্ভুক্ত আছিল। এই সময়ছোৱাত তেওঁ সামৰিক সেৱাত থকাৰ সময়ত তিনিটা চুটি ভিডিঅ' পৰিচালনা কৰিছিল, যাৰ নাম আছিল দ্য ষ্ট'ৰী অৱ খোৰামশ্বহৰ, মাদাৰলেণ্ড আৰু ষ্টাৰছ। তেওঁ ইৰানী চলচ্চিত্ৰ পৰিচালক কাম্বোজিয়া পাৰ্টোভী, মহচেন মাখমালবাফ আৰু আফগান চলচ্চিত্ৰ নিৰ্মাতা চিদ্দিক বাৰমাকৰ সৈতেও কাম কৰিছে।[1]

২০১১ চনৰ শৰৎকালত ইৰানৰ সৰ্বোচ্চ নেতা আলী খামেনেইৰ ওপৰত বিবিচি পাৰ্চিয়ানৰ প্ৰামাণ্যচিত্ৰত অংশগ্ৰহণ কৰাৰ বাবে মিৰতাহমাছব আৰু আন পাঁচজন ইৰানী চলচ্চিত্ৰ নিৰ্মাতাক ইৰানী কৰ্তৃপক্ষই গ্ৰেপ্তাৰ কৰে। ইৰানৰ চোৰাংচোৱা মন্ত্ৰীয়ে এই ছয়জন চলচ্চিত্ৰ নিৰ্মাতাক বিবিচি নামেৰেও জনাজাত ব্ৰিটিছ চোৰাংচোৱা সংস্থাৰ মানসিক আৰু গোপন অভিযান কেন্দ্ৰৰ হৈ দেশবিৰোধী অভিযান চলোৱাৰ অভিযোগ উত্থাপন কৰিছিল। ২০১১ চনৰ ডিচেম্বৰ মাহত তেওঁ মুক্তি লাভ কৰে।[2] ২০১২ চনৰ ডিচেম্বৰ মাহত ৮৫সংখ্যক একাডেমী বঁটাত শ্ৰেষ্ঠ প্ৰামাণ্যচিত্ৰ শাখাৰ বাবে যোগ্য ১৫খন চলচ্চিত্ৰৰ চুটি তালিকাত দিছ ইজ নট এ ফিল্ম অন্তৰ্ভুক্ত হৈছিল।[3]

নিৰ্বাচিত চলচ্চিত্ৰপঞ্জী

[সম্পাদনা কৰক]

পৰিচালক

  • ১৯৯৭: দ্য ষ্ট'ৰী অৱ খোৰামশ্বহৰ
  • ১৯৯৭: মাদাৰলেণ্ড
  • ১৯৯৭: ষ্টাৰছ
  • ২০০৮: লেডী অৱ দ্য ৰোজেছ
  • ২০১১: দিছ ইজ নট এ ফিল্ম

অন্যান্য কাম

  • ১৯৯৬: গাবেহ (শব্দ গ্ৰহণ বিভাগ)
  • ২০০০: ব্লেকব'ৰ্ডছ (সহকাৰী পৰিচালক)
  • ২০০০: দ্য ডে আই বিকেম এ ৱমেন (সহকাৰী পৰিচালক)
  • ২০০০: হাউ চ মীৰা মেড দ্য ব্লেকব'ৰ্ডছ (প্ৰামাণ্যচিত্ৰ) (শব্দ গ্ৰহণ)
  • ২০০১: কান্দাহাৰ (সহকাৰী পৰিচালক)
  • ২০০৩: টু এঞ্জেলছ (সহকাৰী পৰিচালক)
  • ২০০৩: মিলকান (শব্দ গ্ৰহণ)
  • ২০০৬: চিলড্ৰেন অৱ দ্য প্ৰফেট (লাইন প্ৰযোজক)
  • ২০০৮: লেডী অৱ দ্য ৰোজেছ (প্ৰযোজক)
  • ২০১০: ইম বজাৰ ডেৰ গেছলেশটাৰ (লাইন প্ৰযোজক)

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Mojtaba Mirtahmasb's Films in The Middle East Centre". St. Antony’s College, University of Oxford (Trinity Term 2006). Archived from the original on September 6, 2011. https://web.archive.org/web/20110906174315/http://www.sant.ox.ac.uk/mec/MEClectures/mojtaba.pdf আহৰণ কৰা হৈছে: December 25, 2012.
  2. "Iranian Filmmaker Released After Three Months". Radio Zamaneh. 2011-11-12. Archived from the original on 2022-07-03. https://web.archive.org/web/20220703183655/http://www.payvand.com/news/11/dec/1109.html আহৰণ কৰা হৈছে: 2012-12-25.
  3. "15 Documentary Features Advance In 2012 Oscar® Race". Oscars.org. 2012-12-22. http://www.oscars.org/press/pressreleases/2012/20121203.html আহৰণ কৰা হৈছে: 2012-12-25.