মজিদ বাৰ্জেগাৰ
| মজিদ বাৰ্জেগাৰ | |
|---|---|
২০২০ চনত বাৰ্জেগাৰ | |
| জন্ম | ৬ মাৰ্চ, ১৯৭৩ (৫৩ বছৰ) হামেদান, ইৰান |
| শিক্ষানুষ্ঠান | তেহৰাণ ইউনিভাৰ্ছিটি অৱ আৰ্ট চুৰে ইউনিভাৰ্ছিটি |
| পেচা | চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক, চিত্ৰনাট্যকাৰ, ফটোগ্ৰাফাৰ |
| ৱেবছাইট | |
| ব্যক্তিগত ৱেবছাইট | |
মজিদ বাৰ্জেগাৰ (ফাৰ্চী: مجید برزگر; জন্ম ৬ মাৰ্চ, ১৯৭৩) এজন ইৰানী চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক, চিত্ৰনাট্যকাৰ আৰু ফটোগ্ৰাফাৰ। ইৰানত স্বতন্ত্ৰ চলচ্চিত্ৰ নিৰ্মাণক প্ৰসাৰিত কৰাৰ উদ্দেশ্যে তেওঁ ২০০৫ চনত নিজাকৈ চলচ্চিত্ৰ প্ৰতিষ্ঠান ৰেইনী পিকচাৰ্ছ[1] প্ৰতিষ্ঠা কৰে।
জীৱনী
[সম্পাদনা কৰক]১৯৯০ চনৰেপৰা সমালোচকৰ প্ৰশংসা বুটলি অহা ইৰানী চলচ্চিত্ৰ নিৰ্মাতা আৰু প্ৰযোজক মজিদ বাৰ্জেগাৰে বহুতো স্বতন্ত্ৰ চুটি আৰু পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ নিৰ্মাণৰ লগত জড়িত হৈ আহিছে। এই চলচ্চিত্ৰসমূহৰ বেছিভাগেই বাৰ্লিনাল, ছান ছেবাষ্টিয়ান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, ৰটাৰডেম চলচ্চিত্ৰ মহোৎসৱ, ছাও পাওলো চলচ্চিত্ৰ মহোৎসৱ আৰু থিছাল’নিকি চলচ্চিত্ৰ মহোৎসৱকে ধৰি আন বহুতো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছে।
বাৰ্জেগাৰে প্ৰযোজনা কৰা এ মাইনৰ लीप ডাউন নামৰ চলচ্চিত্ৰখনে শেহতীয়াকৈ ২০১৫ চনৰ বাৰ্লিনালৰ প্যানোৰামা শাখাত সন্মানীয় ফিপ্ৰেছী (FIPRESCI) বঁটা লাভ কৰে।[2] বাৰ্জেগাৰে নিজে সহ-প্ৰযোজনা আৰু পৰিচালনা কৰা পাৰভিজ নামৰ চলচ্চিত্ৰখনে ২০১২ চনৰ ছান ছেবাষ্টিয়ান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ জুৰীৰ বিশেষ উল্লেখ বঁটা (প্ৰতিযোগিতামূলক শাখা-নতুন পৰিচালক)[3] আৰু ইটালীৰ ৰোমত অনুষ্ঠিত ২০১২ চনৰ এছিয়াটিকা ফিল্ম মেডিয়ালেত নেটপেক বঁটাকে ধৰি বহুতো বঁটা লাভ কৰিছে।[4] তেওঁৰ ২০১০ চনৰ চলচ্চিত্ৰ ৰেইনী ছিজনছ-এ ব্ৰাজিলৰ ৩৪সংখ্যক ছাও পাওলো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত জুৰীৰ বিশেষ উল্লেখ বঁটা লাভ কৰে আৰু ২০১১ চনৰ ৰটাৰডেম আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত টাইগাৰ বঁটাৰ বাবে মনোনীত হয়।[5]
বাৰ্জেগাৰে ২০০৮ চনৰপৰা ইৰানী চুটি চলচ্চিত্ৰ সন্থাৰবোৰ্ডৰ সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰি আহিছে।[6]
এজন প্ৰযোজক হিচাপে, বাৰ্জেগাৰে ইৰানৰ মূলসুঁতিৰ চলচ্চিত্ৰৰ গতানুগতিকতাৰ মাজত স্বতন্ত্ৰ আৰু মৌলিক চলচ্চিত্ৰৰ বিকাশ আৰু প্ৰযোজনাৰ উদ্দেশ্যে ১৯৯৮ চনত তেহৰাণত থকা নিজৰ প্ৰতিষ্ঠান ৰেইনীপিকচাৰ্ছ প্ৰতিষ্ঠা কৰে।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "RainyPictures". rainypictures.com. Archived from the original on January 1, 2019. https://web.archive.org/web/20190101145843/http://rainypictures.com/। আহৰণ কৰা হৈছে: January 1, 2019.
- ↑ "Movies". https://fipresci.org/awards/2015/.
- ↑ "San Sebastian Film Festival". sansebastianfestival. https://www.sansebastianfestival.com:443/2012/awards_and_jury_members/1/3465/in.
- ↑ "Majid Barzegar". iffr.com. Archived from the original on 2023-11-08. https://web.archive.org/web/20231108225121/https://iffr.com/en/persons/majid-barzegar। আহৰণ কৰা হৈছে: 2026-05-29.
- ↑ "At The Cinema - Entertainment, Performance, Movies to Watch". www.atthecinema.net. http://www.atthecinema.net/.
- ↑ "Iranian Short Film Association". http://iranianshortfilm.com/en/isfa/MemberPage.aspx?un=835.[সংযোগবিহীন উৎস]
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- মজিদ বাৰ্জেগাৰ সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।