মঞ্জুছা কোঁৱৰ
| মঞ্জুছা কোঁৱৰ | |||||||||||||||||||||||||
|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
২০২৪ চনত কোঁৱৰ | |||||||||||||||||||||||||
| ব্যক্তিগত তথ্য | |||||||||||||||||||||||||
| দেশ | ভাৰত | ||||||||||||||||||||||||
| জন্ম | ২০ মাৰ্চ, ১৯৭১ (৫৪ বছৰ) পুনে, মহাৰাষ্ট্ৰ, ভাৰত | ||||||||||||||||||||||||
| বাসগৃহ | নইদা, উত্তৰ প্ৰদেশ, ভাৰত | ||||||||||||||||||||||||
| উচ্চতা | ১.৭৫ মি | ||||||||||||||||||||||||
| হাত | সোঁ-হাত | ||||||||||||||||||||||||
পদক অভিলেখ
| |||||||||||||||||||||||||
| BWF profile | |||||||||||||||||||||||||
মঞ্জুছা কোঁৱৰ (ইংৰাজী : Manjusha Kanwar, জন্ম: ২০ মাৰ্চ ১৯৭১) এগৰাকী ভাৰতীয় প্ৰাক্তন বেডমিণ্টন খেলুৱৈ। ভাৰতৰ মহাৰাষ্ট্ৰৰ পুনেত তেওঁ জন্মগ্ৰহণ কৰিছিল। বৰ্তমান তেওঁ ভাৰতীয় তেল নিগমৰ[1] ক্ৰীড়া বিভাগৰ নতুন দিল্লীত উপ-সাধাৰণ প্ৰবন্ধক হিচাপে কাম কৰে। ২০১৮–২০ চনত দিল্লী দলৰ প্ৰশিক্ষক হিচাপে ইণ্ডিয়ান বেডমিণ্টন লীগৰ অংশ আছিল। খেলুৱৈ হিচাপে আৰু ক্ৰীড়াৰ প্ৰসাৰৰ বাবে কৰা কামৰ বাবে ২০২০ চনত তেওঁক FICCI লাইফ টাইম এচিভমেণ্ট বঁটা[2] প্ৰদান কৰা হয়।
কেৰিয়াৰ
[সম্পাদনা কৰক]১৯৯১ চনত মঞ্জুছা কোৱঁৰে প্ৰথমবাৰৰ বাবে ভাৰতত ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ জয় কৰে। ইয়াৰ পিছত ২০০২ চনলৈকে আৰু ৯টা খিতাপ লাভ কৰে। ১৯৯৮ চনত তেওঁ কমনৱেলথ গেমছত ব্ৰঞ্জৰ পদক লাভ (দল)[3] কে য'ত তেওঁ একক আৰু ডাবল দুয়োটা খেলতে অংশগ্ৰহণ কৰে। দক্ষিণ এছিয়ান গেমছ ২০০৪ চনত দলীয় ভাৱে স্বৰ্ণ পদক লাভ কৰে আৰু মহিলা ডাবলছ আৰু মিক্সড ডাবলছত ৰূপৰ পদক লাভ কৰে। ১২ বছৰ ধৰি তেওঁ ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Indian Oil Corporation Ltd. : IndianOil - The Energy of India". IndianOil. https://iocl.com/। আহৰণ কৰা হৈছে: 2021-10-13.
- ↑ "FICCI presents India Sports Awards 2020,The Pioneer,Dec 10, 2020". ficci.in. Archived from the original on 2022-05-16. https://web.archive.org/web/20220516150624/https://ficci.in/ficci-in-news-page.asp?nid=27907। আহৰণ কৰা হৈছে: 2021-10-13.
- ↑ "Manjusha Kanwar | Commonwealth Games Federation" (en ভাষাত). thecgf.com. Archived from the original on 2021-10-27. https://web.archive.org/web/20211027183509/https://thecgf.com/results/athletes/42501। আহৰণ কৰা হৈছে: 2021-10-13.