মঞ্জুলা চেল্লুৰ
সন্মানীয় ন্যায়াধীশ মঞ্জুলা চেল্লুৰ | |
---|---|
![]() | |
বোম্বে উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ | |
কাৰ্যকাল ২২ আগষ্ট ২০১৬ – ৪ ডিচেম্বৰ ২০১৭ | |
নিয়োগকৰ্তা | প্ৰনৱ মুখাৰ্জী |
পূৰ্বসূৰী | ধীৰেন্দ্ৰ এইচ্ছ ৱাগেলা |
কলিকতা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ | |
কাৰ্যকাল ৬ আগষ্ট ২০১৪ – ২১ আগষ্ট ২০১৬ | |
নিয়োগকৰ্তা | প্ৰনৱ মুখাৰ্জী |
পূৰ্বসূৰী | অৰুণ কুমাৰ মিশ্ৰ |
উত্তৰসূৰী | ন্যায়াধীশ গিৰিশ চন্দ্ৰ গুপ্তা |
কেৰেলা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ | |
কাৰ্যকাল ২৬ ছেপ্টেম্বৰ ২০১২ – ৫ আগষ্ট ২০১৪ ভাৰপ্ৰাপ্ত: ৯ নৱেম্বৰ ২০১১ – ২৬ ছেপ্টেম্বৰ ২০১২ | |
নিয়োগকৰ্তা | প্ৰতিভা পাটিল (ভাৰপ্ৰাপ্ত) প্ৰণৱ মুখাৰ্জী (স্থায়ী) |
পূৰ্বসূৰী | ন্যায়াধীশ জাষ্টী চেলামেশ্বৰ |
উত্তৰসূৰী | অশোক ভূষণ |
কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ | |
কাৰ্যকাল ২১ ফেব্ৰুৱাৰী ২০০০ – ২৫ ছেপ্টেম্বৰ ২০১২ | |
ব্যক্তিগত তথ্য | |
জন্ম | ০৫ ডিচেম্বৰ, ১৯৫৫ (৬৯ বছৰ) বেলাৰী, মহীশূৰ ৰাজ্য, ভাৰত |
নাগৰিকত্ব | ভাৰতীয় |
ৰাষ্ট্ৰীয়তা | ![]() |
শিক্ষানুষ্ঠান | আল্লুম শূনমংগলম মহিলা বিদ্যালয়, বেলাৰী |
মঞ্জুলা চেল্লুৰ (ইংৰাজী: Manjula Chellur, জন্ম ৫ ডিচেম্বৰ ১৯৫৫) বম্বে উচ্চ ন্যায়ালয়ৰ এগৰাকী প্ৰাক্তন মুখ্য ন্যায়াধীশ। তেওঁ কলিকতা উচ্চ ন্যায়ালয়ৰ প্ৰথম মহিলা মুখ্য ন্যায়াধীশ, কেৰেলা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশ আছিল। ২০১৭ চনৰ ৪ ডিচেম্বৰত তেওঁ অৱসৰ গ্ৰহণ কৰে৷[1][2][3][4]
শিক্ষা
[সম্পাদনা কৰক]মঞ্জুলা চেল্লুলৰ কৰ্ণাটকত জন্ম হৈছিল। বেলাৰীৰ আলুম সুনমংগলম্মা মহিলা মহাবিদ্যালয়ৰ পৰা তেওঁ কলা শাখাত স্নাতক ডিগ্ৰী লাভ কৰি বাংগালুৰুৰ ৰেণুকাচাৰ্য আইন মহাবিদ্যালয়ৰ পৰা আইনৰ ডিগ্ৰী লাভ কৰে। ১৯৭৭ চনত ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ আৰ্থিক সহযোগত তেওঁ ইংলেণ্ডৰ ৱাৰউইক বিশ্ববিদ্যালয়লৈ জেণ্ডাৰ এণ্ড ল ফেল'শ্বিপ লাভ কৰে।[2] ২০১৩ চনত চেল্লুৰে কৰ্ণাটক ৰাজ্যিক মহিলা বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰে।[5]
কৰ্মজীৱন
[সম্পাদনা কৰক]চেল্লুৰে বেলাৰীত আইন চৰ্চা কৰা প্ৰথমগৰাকী মহিলা অধিবক্তা হিচাপে পৰিগণিত হয়। তেখেতে আইনী উপদেষ্টা হিচাপে কাম কৰিছিল৷ তেওঁ স্থানীয় বেলাৰী আদালতত দেৱানী আৰু অপৰাধমূলক আইন দুয়োটাতে চৰ্চা কৰিছিল।[2]
১৯৮৮ চনত তেওঁক জিলা আৰু অধিবেশন ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হয়৷ তেওঁ কোলাৰ আৰু মহীশূৰৰ অধ্যক্ষ আৰু অধিবেশন ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। এই পদসমূহৰ উপৰিও তেওঁ ক্ষুদ্ৰ কাৰণ আদালতৰ (Court of Small Causes) মুখ্য ন্যায়াধীশ, আৰু বাংগালুৰুৰ পৰিয়াল আদালতৰ প্ৰধান ন্যায়াধীশ আছিল। ২০০০ চনৰ ২১ ফেব্ৰুৱাৰীত তেওঁক কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হয়।[2][4]
২০০৮ চনৰ ২১ জুনৰ পৰা ২০১০ চনৰ ২৫ মাৰ্চলৈকে কৰ্ণাটক ন্যায়িক একাডেমীৰ সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা চেল্লুৰ কৰ্ণাটক ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যবাহী অধ্যক্ষও আছিল। ২০১১ চনৰ ৯ নৱেম্বৰত তেওঁক কেৰালা উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হয়[6] আৰু ২০১২ চনৰ ২৬ ছেপ্টেম্বৰৰ পৰা তেওঁ কেৰালাৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰে।[2][4]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Manjula Chellur to become first woman Chief Justice of Calcutta High Court; Assumes office on August 5". Bar and Bench. B&B News Network. 23 July 2014. http://barandbench.com/content/212/manjula-chellur-become-first-woman-chief-justice-calcutta#.U9Cws0AjCUU.
- ↑ 2.0 2.1 2.2 2.3 2.4 Kerala High Court (2013). "Website Kerala High Court". Kerala High Court. Archived from the original on 29 June 2013. https://web.archive.org/web/20130629090305/http://www.highcourtofkerala.nic.in/mc.html। আহৰণ কৰা হৈছে: 26 March 2013.
- ↑ Express News Service (27 September 2012). "Manjula Chellur sworn in as Kerala HC CJ". The New Indian Express. Archived from the original on 12 August 2014. https://web.archive.org/web/20140812173016/http://www.newindianexpress.com/states/kerala/article1274670.ece। আহৰণ কৰা হৈছে: 26 March 2013.
- ↑ 4.0 4.1 4.2 Venkatesan, J. (31 August 2012). "Manjula Chellur to be Chief Justice of Kerala High Court". The Hindu. http://www.thehindu.com/todays-paper/tp-national/manjula-chellur-to-be-chief-justice-of-kerala-high-court/article3842536.ece। আহৰণ কৰা হৈছে: 26 March 2013.
- ↑ Express News Service (4 March 2013). "Honorary Doctorates for 5 Women". The New Indian Express. Archived from the original on 7 March 2013. https://web.archive.org/web/20130307064426/http://newindianexpress.com/states/karnataka/article1487361.ece। আহৰণ কৰা হৈছে: 28 March 2013.
- ↑ "Manjula Chellur Acting Chief Justice". The Hindu. 8 November 2011. http://www.thehindu.com/todays-paper/tp-national/manjula-chellur-acting-chief-justice/article2607639.ece। আহৰণ কৰা হৈছে: 26 March 2013.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]![]() |
ৱিকিমিডিয়া কমন্সত Manjula Chellur সম্পৰ্কীয় মিডিয়া ফাইল আছে। |