সমললৈ যাওক

মঞ্জুলা পদ্মনাভন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মঞ্জুলা পদ্মনাভন
জন্ম ২৩ জুন, ১৯৫৩ (৭২ বছৰ)
দিল্লী, ভাৰত
পেচা নাট্যকাৰ, ঔপন্যাসিক, চিত্ৰকৰ, চুটিগল্পকাৰ, সাংবাদিক, শিশু সাহিত্যিক
মাতৃশিক্ষায়তন এলফিনষ্টোন কলেজ
ধৰণ কমিক ষ্ট্ৰিপ, কল্পবিজ্ঞান
উল্লেখযোগ্য বঁটা ওনাচিছ বঁটা
ৱেবছাইট magnoliana.com

মঞ্জুলা পদ্মনাভন (ইংৰাজী: Manjula Padmanabhan; জন্ম: ২৩ জুন ১৯৫৩) এগৰাকী ভাৰতীয় নাট্যকাৰ, সাংবাদিক, কমিক ষ্ট্ৰিপ শিল্পী আৰু শিশু গ্ৰন্থৰ লেখিকা। তেওঁৰ কৰ্মৰাজিয়ে বিজ্ঞান, প্ৰযুক্তি, লিংগ আৰু আন্তৰ্জাতিক বৈষম্যৰ বিষয়ে অন্বেষণ কৰে।

পদ্মনাভনৰ জন্ম ১৯৫৩ চনত দিল্লীত এজন ভাৰতীয় কূটনীতিবিদৰ ঘৰত হৈছিল। তেওঁ ছুইডেন, পাকিস্তান আৰু থাইলেণ্ডত ডাঙৰ-দীঘল হৈছিল।[1][2] তেওঁ কমিকছ আৰু কাৰ্টুনৰ এজন উৎসাহী পাঠক আছিল আৰু সৰুৰে পৰাই প্ৰায়ে ছবি অঁকা আৰু লিখা-মেলা কৰিছিল।[3]

যেতিয়া পদ্মনাভনৰ বয়স ষোল্ল বছৰ আছিল, তেতিয়া তেওঁৰ পিতৃ অৱসৰ গ্ৰহণ কৰে আৰু তেওঁলোকৰ পৰিয়াল ভাৰতলৈ উভতি আহে। ইয়াত তেওঁ অধিক পৰম্পৰাগত সমাজখন দেখি আচৰিত হৈছিল আৰু হিন্দী বা মাৰাঠী ভাষা নজনাৰ বাবে তেওঁৰ যোগাযোগ সীমাবদ্ধ হৈ পৰিছিল।[1]

পদ্মনাভনে এলফিনষ্টোন কলেজত অধ্যয়ন কৰিছিল। স্কুলত পঢ়ি থকা সময়ছোৱাত তেওঁ পৰিয়ালৰ পৰা আৰ্থিকভাৱে স্বতন্ত্ৰ হ'বলৈ পাৰ্ছিয়ানাত কাম কৰিছিল।[1]

কেৰিয়াৰ আৰু কৰ্মৰাজি

[সম্পাদনা কৰক]

পদ্মনাভনে ২০ আৰু ৩০ বছৰ বয়সত সাংবাদিক আৰু গ্ৰন্থ পৰ্যালোচক হিচাপে কাম কৰি গৈছিল।[3] তেওঁ ১৯৭৯ চনত আলী বেগৰ গ্ৰন্থ ইন্দ্ৰানী এণ্ড দ্য এনচাণ্টেড জংঘলৰ জৰিয়তে এগৰাকী চিত্ৰকৰ হিচাপে কেৰিয়াৰ আৰম্ভ কৰিছিল।[2]

১৯৮২ চনত পদ্মনাভনে ডাবলটক নামৰ এখন কমিক ষ্ট্ৰিপ সৃষ্টি কৰে, য’ত চুকী নামৰ এগৰাকী মহিলা চৰিত্ৰ আছিল।[4] তেওঁ দ্য ছানডে অবজাৰ্ভাৰৰ সম্পাদক বিনোদ মেহতালৈ এটা প্ৰস্তাৱ লিখিছিল, যিয়ে বহু বছৰ ধৰি তেওঁৰ এই ধাৰাবাহিকখন প্ৰকাশ কৰিছিল।[5][6] ইয়াৰ পিছত চুকী চৰিত্ৰটো ১৯৯২ চনৰ পৰা ১৯৯৮ চনলৈ দিল্লীৰ কাকত দ্য পায়নিয়াৰত সপ্তাহত ছয় দিন প্ৰকাশ পাইছিল। যেতিয়া বিনোদ মেহতাই প্ৰকাশন প্ৰতিষ্ঠানটো ত্যাগ কৰে আৰু দ্য পায়নিয়াৰত কমিকছ প্ৰকাশ বন্ধ হয়, তেতিয়া পদ্মনাভনেও ডাবলটক সৃষ্টি কৰা বন্ধ কৰি দিয়ে।

পদ্মনাভনে তেওঁৰ নাটক হাৰ্ভেষ্টৰ বাবে প্ৰথমবাৰৰ বাবে ওনাচিছ বঁটা লাভ কৰে। এই নাটকখনৰ আধাৰত গোবিন্দ নিহালনীয়ে দেহম নামৰ এখন বঁটা বিজয়ী ছবি নিৰ্মাণ কৰিছিল।

পদ্মনাভনে এজন লেখক আৰু চিত্ৰকৰ হিচাপে কাম অব্যাহত ৰাখিছে আৰু বহুতো ভিন্ন খণ্ডত চুটিগল্প প্ৰকাশ কৰিছে।

পদ্মনাভনে দ্য হিন্দুজ বিজনেছ লাইনৰ বাবে চুকী ইয়াকী ধাৰাবাহিকখনৰ জৰিয়তে চুকীক লৈ পুনৰ কমিকছ সৃষ্টি কৰিবলৈ আৰম্ভ কৰে।

নাট্যকাৰ হিচাপে

[সম্পাদনা কৰক]
  • ১৯৯৫ - দ্য আৰ্টিষ্টছ মডেল
  • ১৯৯৬ - চেক্সটেট
  • ১৯৯৭ - হাৰ্ভেষ্ট। লণ্ডন: অৰোৰা মেট্ৰ’ বুকছ
  • ২০১৬ - "লাইটছ আউট"[3]

লেখিকা আৰু চিত্ৰকৰ হিচাপে

[সম্পাদনা কৰক]
  • ২০১৫ - আইলেণ্ড অৱ লষ্ট গাৰ্লছ। হেচেট।
  • ২০১৩ - থ্ৰী ভাৰ্জিনছ এণ্ড আডাৰ ষ্টৰীজ। নতুন দিল্লী: জুবাণ বুকছ।
  • ২০১১ - আই এম ডিফাৰেণ্ট! কেন ইউ ফাইণ্ড মি? ৱাটাৰটাউন, মাছ: চাৰ্লছব্ৰিজ পাব্লিছিং।
  • ২০০৮ - এস্কেপ। হেচেট।
  • ২০০৫ - আনপ্ৰিন্সেছ! নতুন দিল্লী: পাফিন বুকছ।
  • ২০০৫ - ডাবল টক। নতুন দিল্লী: পেংগুইন বুকছ।
  • ২০০৪ - ক্লেপটোমেনিয়া: টেন ষ্টৰীজ। নতুন দিল্লী: পেংগুইন বুকছ।
  • ২০০৪ - মাউচ ইনভেডৰ্ছ। পেন মেকমিলান। মঞ্জুলা পদ্মা নামেৰে লিখা।
  • ২০০৩ - মাউচ এটাক। পেন মেকমিলান। মঞ্জুলা পদ্মা নামেৰে লিখা।
  • ২০০০ - দিছ ইজ চুকী! নতুন দিল্লী: ডাকফুট প্ৰেছ।
  • ১৯৯৬ - হট ডেথ, ক’ল্ড ছুপ: টুৱেল্ভ চুটি ষ্টৰীজ। নতুন দিল্লী: কালী ফৰ উইমেন।
  • ১৯৮৬ - এ ভিজিট টু দ্য চিটী মাৰ্কেট। নতুন দিল্লী: নেচনেল বুক ট্ৰাষ্ট

চিত্ৰকৰ হিচাপে

[সম্পাদনা কৰক]
  • ১৯৮৯ - ইণ্ডি ৰাণা আৰু মঞ্জুলা পদ্মনাভন। দ্য ডেভিল ইন দ্য ডাস্টবিন। লণ্ডন: হামিশ হ্যামিল্টন।
  • ১৯৮৪ - মৈথিলী জগন্নাথন আৰু মঞ্জুলা পদ্মনাভন। দ্ৰুপী ড্ৰেগন। নতুন দিল্লী: থমছন প্ৰেছ।
  • ১৯৭৯ - বেগ, তাৰা আলী আৰু মঞ্জুলা পদ্মনাভন। ইন্দ্ৰানী এণ্ড দ্য এনচাণ্টেড জংঘল। নতুন দিল্লী: থমছন প্ৰেছ (ইণ্ডিয়া) লিমিটেড।

কমিক ষ্ট্ৰিপসমূহ

[সম্পাদনা কৰক]
  • ২০১৫ - চুকী ইয়াকীদ্য হিন্দুজ বিজনেছ লাইন
  • ১৯৮২-১৯৯৮ - ডাবলটকদ্য ছানডে অবজাৰ্ভাৰ আৰু দ্য পায়নিয়াৰ

চুটিগল্প

[সম্পাদনা কৰক]
  • ২০১৯ - "দ্য ৰিহাৰ্চেল", ডিচপ্লেচড লাইভছ : ফিকচন, পয়েট্ৰী, মেময়াৰ্ছ, এণ্ড প্লেজ ফ্ৰম ফ’ৰ কন্টিনেন্টছত অন্তৰ্ভুক্ত। সম্পাদক: ফ্ৰেংক ষ্টুৱাৰ্ট; অলক ভাল্লা, মিং ডি। হনোলুলু: ইউনিভাৰ্চিটি অৱ হাৱাই প্ৰেছ।
  • ২০১২ - "দ্য আদাৰ ওমেন", ব্ৰেকিং দ্য বৌ : স্পেকুলেটিভ ফিকচন ইনস্পায়াৰড বাই দ্য ৰামায়ণত অন্তৰ্ভুক্ত। সম্পাদক: অনিল মেনন, বন্দনা সিং। নতুন দিল্লী: জুবাণ।

আত্মজীৱনী

[সম্পাদনা কৰক]
  • ২০০২ - গেটিং দেয়াৰ

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 "And still I rise: Why Manjula Padmanabhan never came to terms being the second sex" (en ভাষাত). The Indian Express. 2015-10-04. https://indianexpress.com/article/lifestyle/books/and-still-i-rise-why-manjula-padmanabhan-never-came-to-terms-being-the-second-sex/। আহৰণ কৰা হৈছে: 2022-08-26. 
  2. 2.0 2.1 The Oxford encyclopedia of children's literature. Jack Zipes. প্ৰকাশক Oxford: Oxford University Press. 2006. ISBN 0-19-514656-5. OCLC 62342788. 
  3. 3.0 3.1 3.2 Manjula padmanabhan. (2013, Aug 24). Mint Retrieved from Proquest.
  4. Padmanabhan, Manjula (9 April 2016). "The return of Suki: four windows to India's most original comic strip" (en-US ভাষাত). Scroll.in. http://scroll.in/article/806400/the-return-of-suki-four-windows-to-indias-most-original-comic-strip। আহৰণ কৰা হৈছে: 2022-08-26. 
  5. Padmanabhan, Manjula (9 April 2016). "The return of Suki: four windows to India's most original comic strip" (en-US ভাষাত). Scroll.in. http://scroll.in/article/806400/the-return-of-suki-four-windows-to-indias-most-original-comic-strip। আহৰণ কৰা হৈছে: 2022-08-26. 
  6. Moddie, Mandira (2005-08-28). "Antics of Suki". The Hindu. http://www.hindu.com/thehindu/mag/2005/08/28/stories/2005082800140500.htm। আহৰণ কৰা হৈছে: 2009-08-14. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]