সমললৈ যাওক

মঞ্জুলা ৰামস্বামী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মঞ্জুলা ৰামস্বামী
জন্ম ২৮ মাৰ্চ, ১৯৫৮ (৬৭ বছৰ)
থাঞ্জাভূৰ জিলা, তামিলনাডু
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা ভাৰতনাট্যম নৃত্যশিল্পী
দাম্পত্যসঙ্গী ৰামস্বামী আয়াৰ
পিতৃ-মাতৃ ভি এছ ৰামমূৰ্তি আৰু ৰাজলক্ষ্মী
সন্তান
বঁটা, সন্মান, পুৰস্কাৰ আদি সংগীত নাটক একাডেমী বঁটা (২০২২)

মঞ্জুলা ৰামস্বামী (ইংৰাজী: Manjula Ramaswamy ) তামিলনাডুৰ থাঞ্জাৱুৰৰ এগৰাকী ভাৰতনাট্যম নৃত্যশিল্পী আৰু নৃত্য শিক্ষয়িত্ৰী। পিতৃৰ সৈতে মিলি তেওঁ হায়দৰাবাদত শ্ৰীৰাম নাটক নিকেতন নামৰ নৃত্য একাডেমী আৰম্ভ কৰে। অন্ধ্ৰ প্ৰদেশ চৰকাৰৰ পৰা উগাদী পুৰস্কাৰ আৰু সংগীত নাটক একাডেমী বঁটাকে ধৰি বহু বঁটা আৰু সন্মান লাভ কৰে।

১৯৫৮ চনৰ ২৮ মাৰ্চত তামিলনাডুৰ থাঞ্জাভুৰ জিলাৰ বিছমনপেত্তাই গাঁৱত মঞ্জুলাৰ জন্ম হৈছিল। তেওঁৰ পিতৃ আৰু মাতৃ আছিল ভাৰতনাট্যম নৃত্যশিল্পী তথা নৃত্য শিক্ষক ভি. ৰামমূৰ্তি আৰু ৰাজলক্ষ্মী ৰামমূৰ্তি। আঠ বছৰ বয়সৰ পৰাই পিতৃৰ অধীনত নৃত্য শিকিবলৈ আৰম্ভ কৰে। নৃত্য অধ্যয়নৰ বাবে হায়দৰাবাদ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত যোগদান কৰে আৰু ভাৰতনাট্যমত স্বৰ্ণ পদক লাভ কৰি শিক্ষা সম্পূৰ্ণ কৰে।[1]

মঞ্জুলাই ২১ বছৰ বয়সত ৰামস্বামী আয়াৰক বিয়া কৰায় আৰু এই দম্পতীৰ দুগৰাকী কন্যা সন্তান আছে।[2] তেওঁ এতিয়া হায়দৰাবাদত থাকে।[3]

কৰ্মজীৱন

[সম্পাদনা কৰক]

মঞ্জুলাই পিতৃৰ সৈতে একেলগে হায়দৰাবাদত শ্ৰীৰাম নাটক নিকেতন নামৰ নৃত্য একাডেমী আৰম্ভ কৰে।[4][5] এতিয়া তেওঁ প্ৰতিষ্ঠানটোৰ পৰিচালক। ভাৰতনাট্যমৰ শিক্ষয়িত্ৰী হিচাপে তেওঁ ৩০০০ তকৈ অধিক ছাত্ৰ-ছাত্ৰীক প্ৰশিক্ষণ দিছে।[6]

মঞ্জুলা ভাৰতীয় সাংস্কৃতিক সম্পৰ্ক পৰিষদৰ এগৰাকী সূচীবদ্ধ ভাৰতনাট্যম শিল্পী।[7]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Sangeet Natak Akademi Award 2022 and 2023". Press information bureau, Government of India. https://static.pib.gov.in/WriteReadData/specificdocs/documents/2024/mar/doc202437320201.pdf. 
  2. "Manjula Teacher Holds Special Place In Students Hearts - Natyahasini" (en-US ভাষাত). 2021-05-21. Archived from the original on 2025-01-27. https://web.archive.org/web/20250127071841/https://natyahasini.in/torchbearer-of-masters-legacy/। আহৰণ কৰা হৈছে: 2025-01-27. 
  3. Mary, S. B. Vijaya (2024-03-13). "Manjula Ramaswamy conferred with the Sangeet Natak Akademi award" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/entertainment/dance/the-daughter-of-the-late-bharatanatyam-guru-v-s-ramamooorthy-hyderabad-based-manjula-ramaswamy-received-the-award-from-the-president-on-march-6/article67946024.ece. 
  4. J, Bansari trivedi (2018-12-20). "For her dance is divine" (en ভাষাত). Deccan Chronicle. https://www.deccanchronicle.com/amp/lifestyle/viral-and-trending/201218/for-her-dance-is-divine.html। আহৰণ কৰা হৈছে: 2025-01-27. 
  5. Mary, S. B. Vijaya (2017-10-04). "Sri Rama Nataka Niketan and the classical G-7" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/entertainment/dance/sri-rama-nataka-niketan-and-the-classical-g-7/article19796301.ece. 
  6. Sharma, Swati (2012-12-01). "Jamming with bhajans" (en ভাষাত). The New Indian Express. https://www.newindianexpress.com/magazine/2012/Dec/02/jamming-with-bhajans-429932.html। আহৰণ কৰা হৈছে: 2025-01-27. 
  7. "Manjula Ramaswamy | Official website of Indian Council for Cultural Relations, Government of India". www.iccr.gov.in. https://www.iccr.gov.in/cultural/list-of-empanelment-artist/manjula-ramaswamy। আহৰণ কৰা হৈছে: 2025-01-27.