সমললৈ যাওক

মঞ্জু ৰায়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মঞ্জু ৰায়
জন্ম ১ জানুৱাৰী ১৯৪৭
ছয়ছুতি, বাংলাদেশ
মৃত্যু ৩০ জুন ২০২১
কলিকতা
শিক্ষা ৰাজাবজাৰ বিজ্ঞান মহাবিদ্যালয়, কলিকতা বিশ্ববিদ্যালয়
পেচা জৈৱ ৰসায়নবিদ
জনা যায় আণৱিক এনজাইমবিজ্ঞান মিথাইলগ্লাইঅক্সেল জৈৱ ৰসায়ন
দাম্পত্যসঙ্গী প্ৰয়াত সুভংকৰ ৰায়
সন্তান ইছিকা ৰায়, একাৰ্ষী ৰায়
বঁটা, সন্মান, পুৰস্কাৰ আদি শান্তি স্বৰূপ ভাটনগৰ বঁটা (১৯৮৯)

মঞ্জু ৰায় (ইংৰাজী: Manju Ray) হ'ল এগৰাকী মলিকুলাৰ এনজাইম’লজী আৰু কেন্সাৰ বায়’কেমিষ্ট্ৰীৰ বিশেষজ্ঞ ভাৰতীয় বিজ্ঞানী। তেওঁৰ গৱেষণাই কেন্সাৰ প্ৰতিৰোধী ঔষধৰ বিকাশ আৰু কোষৰ পাৰ্থক্য প্ৰক্ৰিয়া বুজি পোৱাত যথেষ্ট অৰিহণা যোগাইছে।[1] তেওঁৰ আগ্ৰহৰ ভিতৰত টিউমাৰ জৈৱ ৰসায়ন আৰু আণৱিক এনজাইম’লজী।[2] ১৯৮৯ চনত তেওঁ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ শান্তি স্বৰূপ ভাটনগৰ বঁটাৰে সন্মানিত হৈছিল, ‘জৈৱ বিজ্ঞান’ শিতানত এই বঁটা লাভ কৰা মাত্ৰ দ্বিতীয়গৰাকী মহিলা।[3]

ৰায়ে কলিকতা বিশ্ববিদ্যালয়ৰ সন্মানীয় বিজ্ঞান মহাবিদ্যালয় চৌহদৰ পৰা ১৯৬৯ চনত শৰীৰবিজ্ঞানত এম.এছচি. আৰু ১৯৭৫ চনত জৈৱ ৰসায়ন বিষয়ত পিএইচ.ডি. লাভ কৰে।

ৰায়ে ইণ্ডিয়ান এছ’চিয়েশ্যন অৱ কালটিভেচন অৱ ছায়েন্সৰ বায়’কেমিষ্ট্ৰি বিভাগত কেৰিয়াৰ আৰম্ভ কৰিছিল। ২০১০ চনৰ ডিচেম্বৰৰ পৰা তেওঁ কলকাতাৰ বসু ইনষ্টিটিউটত এমেৰিটাছ বিজ্ঞানী আছিল।[2] ৰায়ৰ গৱেষণাই কেইবাটাও বিপাকীয় পথৰ পাৰ্শ্বক্ৰিয়াত মিথাইলগ্লাইঅক্সেলৰ জৈৱিক ভূমিকা বুজি পোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। তেওঁৰ কেৰিয়াৰৰ সময়ছোৱাত তেওঁ আৰু তেওঁৰ দলটোৱে মিথাইলগ্লাইঅক্সেল এনাবলিজম আৰু কেটাবলিজমৰ সৈতে জড়িত এনজাইমৰ শৃংখলা পৃথক, বিশুদ্ধ আৰু বৈশিষ্ট্য নিৰ্ণয় কৰিছে। তেওঁৰ কামে মিথাইলগ্লাইঅক্সেলৰ কেন্সাৰ বিৰোধী গুণ অধ্যয়নতো গুৰুত্ব আৰোপ কৰিছে, প্ৰথম পৰ্যায়ৰ ক্লিনিকেল ট্ৰায়েলত ইতিবাচক ফলাফল পোৱা গৈছে।[4]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Manju Ray". Indian Association for the Cultivation of Science. Archived from the original on 23 April 2016. https://web.archive.org/web/20160423135848/http://www.iacs.res.in/biochem/bcmr/। আহৰণ কৰা হৈছে: 1 November 2015. 
  2. 2.0 2.1 Dutta, Kausik (25 October 2013). "Noted Women Scientists of India – an attempt at enumeration". SciLogs. http://www.scilogs.com/in_scientio_veritas/noted-women-scientists-of-india/। আহৰণ কৰা হৈছে: 1 November 2015. 
  3. "Shanti Swarup Bhatnagar Awardees | Women in Science | Initiatives | Indian Academy of Sciences". www.ias.ac.in. https://www.ias.ac.in/Initiatives/Women_in_Science/Shanti_Swarup_Bhatnagar_Awardees। আহৰণ কৰা হৈছে: 2019-08-31. 
  4. Ukil, Amit. "Hope For Cancer Patients In Calcutta Team's Drug Trials". https://www.telegraphindia.com/india/hope-for-cancer-patients-in-calcutta-team-s-drug-trials/cid/931442। আহৰণ কৰা হৈছে: 1 November 2015.