সমললৈ যাওক

মডাৰ্ন প'য়েট্ৰী ইন ট্ৰেন্সলেশ্যন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মডাৰ্ন প'য়েট্ৰী ইন ট্ৰেন্সলেশ্যন (Modern Poetry in Translation)
সম্পাদক জননী অম্বিকাপতি
পূৰ্বৰ সম্পাদক টেড হিউজ, ডেনিয়েল ৱেইছবৰ্ট, ডুগডেল, ক্লেৱাৰ পোলাৰ্ড আৰু খাইৰনি বাৰোক্কা
প্ৰকাৰ কবিতা
প্ৰতিষ্ঠাপক টেড হিউজ আৰু ডেনিয়েল ৱেইছবৰ্ট
প্ৰথম সংখ্যা ১৯৬৫
দেশ ইংলেণ্ড
ভিত্তি লণ্ডন
ভাষা ইংৰাজী
ৱেবচাইট https://modernpoetryintranslation.com/

মডাৰ্ন প'য়েট্ৰী ইন ট্ৰেন্সলেশ্যন (ইংৰাজী: Modern Poetry in Translation) ইংলেণ্ডৰপৰা প্ৰকাশিত এখন কবিতাৰ আলোচনী।[1] চাৰিমহীয়া আলোচনীখন মুদ্ৰিত আৰু অনলাইন দুয়োটা ৰূপতে উপলব্ধ। আলোচনীখনত সমসাময়িক বিশ্বৰ বিভিন্ন ভাষাৰ কবিতা ইংৰাজী অনুবাদত প্ৰকাশ পায়। ১৯৬৫ চনত টেড হিউজ আৰু ডেনিয়েল ৱেইছবৰ্টে আলোচনীখন আৰম্ভ কৰিছিল। আলোচনীখন ১৯৯২ চনত কিংছ কলেজ লণ্ডনৰ পৰা নতুনকৈ প্ৰকাশ পায়। ২০০৩ চনলৈকে কিংছ কলেজৰপৰা আলোচনীখন প্ৰকাশ পায়।[2]

আলোচনীখনৰ প্ৰথম সংখ্যাটো স্মৰণীয় আছিল। এই সংখ্যাটোত সম্পাদক হিউজ আৰু ৱেইছবৰ্টে পশ্চিমৰ সাহিত্য জগতত পূৰ্বতে অপৰিচিত কিছু লেখকক পৰিচয় কৰাই দিছিল, যাৰ ভিতৰত মিৰোশ্লাভ হোলুব, য়েহুদা আমিখাই, আইভান লাইলিক, চেচোৱা মিলোজ, ভাস্কো পপা, আণ্ড্ৰেই ৱজনেছেনস্কি অন্যতম আছিল।[2]

হিউজ আৰু ৱেইছবৰ্টৰ পিছত বিভিন্ন সময়ত ছছা ডুগডেল, ক্লেৱাৰ পোলাৰ্ড আৰু খাইৰনি বাৰোক্কাই আলোচনীখনৰ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰে। বৰ্তমান আলোচনীখনৰ সম্পাদক হ'ল জননী অম্বিকাপতি (জুলাই, ২০২৪-ৰপৰা)।[2][1][3]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 https://modernpoetryintranslation.com/
  2. 2.0 2.1 2.2 https://en.wikipedia.org/wiki/Modern_Poetry_in_Translation
  3. https://modernpoetryintranslation.com/about/