সমললৈ যাওক

মণিকা ডোগ্ৰা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মণিকা ডোগ্ৰা

২০১৮ চনত মণিকা ডোগ্ৰা
জন্ম অলনী, মেৰীলেণ্ড, আমেৰিকা যুক্তৰাষ্ট্ৰ
ৰাষ্ট্ৰীয়তা আমেৰিকান
শিক্ষা নিউ য়ৰ্ক ইউনিভাৰ্ছিটি (স্নাতক, মিউজিকেল থিয়েটাৰ)
পেচা সংগীত শিল্পী, অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ২০০৬–বৰ্তমান
ৱেবছাইট
www.monicadogra.com


মণিকা ডোগ্ৰা (ইংৰাজী: Monica Dogra) এগৰাকী আমেৰিকান সংগীতজ্ঞ আৰু অভিনেত্ৰী।[1][2][3] মণিকা ছখন বৈশিষ্ট্যপূৰ্ণ ছবিত অভিনয় কৰাৰ লগতে শ্বা’ইৰ আৰু ফাংক (Shaa’ir and Func) বেণ্ডৰ সৈতে পাঁচটা ষ্টুডিঅ’ এলবাম মুকলি কৰিছে। তেওঁ ভাৰতৰ প্ৰথম ইংৰাজী সংগীত প্ৰতিভা সন্ধানী অনুষ্ঠান দ্য ষ্টেজৰ (The Stage) জুৰি পেনেলৰ সদস্য আছিল।[4] তেওঁ কান লায়নৰ (Cannes Lion) বাবে মনোনীত হোৱা সংগীত-ডকুমেণ্টৰি ধাৰাবাহিক দ্য ডেৱাৰিষ্টছৰ (The Dewarists) চাৰিটা ছিজনৰ আয়োজন কৰিছিল। গ্ল’ৰিয়া ষ্টেইনমে প্ৰযোজনা কৰা ভাইচলেণ্ড এমি (Viceland Emmy) মনোনীত ধাৰাবাহিক উইমেনতো (Woman) তেওঁ কাম কৰিছিল।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

মণিকা ডোগ্ৰা ভাৰতীয়মূলৰ জম্মুৰ হিন্দু ডোগ্ৰা পৰিয়ালৰ কন্যা।[2] তেওঁৰ মাতৃৰ ফালৰ পৰা ককাক হৈছে ডোগ্ৰী লোকসংগীতৰ গায়ক প্ৰকাশ শৰ্মা।[5][6] তেওঁ মেৰিলেণ্ডৰ বাল্টিমোৰত ডাঙৰ-দীঘল হৈছিল। তেওঁ অকলি প্ৰাথমিক বিদ্যালয়, মণ্টেছৰী আৰু ডুলানি হাইস্কুলত পঢ়িছিল। তেওঁ নিউ য়ৰ্ক ইউনিভাৰ্ছিটিৰ পৰা মিউজিকেল থিয়েটাৰ বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে৷

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]