মণিকা দেৱী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মণিকা দেৱী
জন্ম ১৯৭৯
মঙ্গলদৈ, দৰং, অসম, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
শিক্ষা স্নাতকোত্তৰ, বি.এড.
পেচা সাহিত্যিক, শিক্ষকতা
পিতৃ-মাতৃ কামিনী কুমাৰ শৰ্মা (পিতৃ)
তৰুলতা দেৱী (মাতৃ)
বঁটা, সন্মান, পুৰস্কাৰ আদি মুনীন বৰকটকী বঁটা,সাহিত্য অকাডেমি যুৱ বঁটা

মণিকা দেৱী (ইংৰাজী: Manika Devee; জন্ম:১৯৭৯) এগৰাকী অসমীয়া গল্পকাৰ, গীতিকাৰ আৰু শিক্ষক। তেওঁৰ পিতৃ কামিনী কুমাৰ শৰ্মা আৰু মাতৃ তৰুলতা দেৱী। দৰং জিলামঙলদৈত তেখেতৰ জন্ম হয়। তেওঁলোকৰ মূল বাসস্থান নলবাৰীৰ নামখলাত।[1] ২০০৫ চনত তেখেতে ‘প্ৰিয় আলাপ’ গল্প সংকলনৰ বাবে মুনীন বৰকটকী বঁটা আৰু ২০১৪ চনত ‘জহৰ-মহৰ’ গল্প সংকলনৰ বাবে সাহিত্য অকাডেমি যুৱ বঁটা লাভ কৰে৷ তেখেতে ২০১৭ চনত গীতিকাৰ হিচাপেও আত্মপ্ৰকাশ কৰে। বৰ্তমানলৈকে তেখেতৰ সৰ্বমুঠ ৯খন গল্প গ্ৰন্থ প্ৰকাশ পাইছে৷ মণিকা দেৱীৰ গীতত সুৰকাৰ সুনীল দেৱে সুৰ সংযোজনা কৰিছে আৰু পুলক বেনাৰ্জী, মিতালী দে আদি শিল্পীয়ে কণ্ঠ দান কৰিছে।[1]

শিক্ষা[সম্পাদনা কৰক]

  • প্ৰাথমিক শিক্ষাঃ বৰখলা প্ৰাথমিক বিদ্যালয় আৰু নামখলা নিম্ন বুনিয়াদী বিদ্যালয়।
  • হাইস্কুলীয়া শিক্ষাঃ বৰখলাৰ পশ্চিম বড়িগোগ ধীৰদত্ত উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অষ্টম শ্ৰেণীলৈ, তাৰপিছত মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নৱম আৰু দশম শ্ৰেণী পঢ়ি তাৰপৰাই ১৯৯৫ চনত প্ৰথম বিভাগত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ।
  • ১৯৯৭ চনত সন্দিকৈ মহাবিদ্যালয়ৰ পৰা কলা শাখাত প্ৰথম বিভাগত উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ।
  • সন্দিকৈ মহাবিদ্যালয়ৰ পৰা ২০০০ চনত ইংৰাজী বিভাগত স্নাতক ডিগ্ৰী লাভ।
  • কটন মহাবিদ্যালয়ৰ পৰা ২০০৩ চনত স্নাতকোত্তৰ ডিগ্ৰী লাভ।
  • ২০০৪ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা প্ৰথম শ্ৰেণী লাভ কৰি বি.এড ডিগ্ৰী লাভ।

সাহিত্য কৰ্ম[সম্পাদনা কৰক]

  • প্ৰিয় আলাপ, বাণী মন্দিৰ, ২০০৫
  • সখীয়তী, অৰ্থাৎ প্ৰেছ, ২০০৭
  • মৈদামৰ জোনাকী, আঁক-বাক, ২০০৯
  • জহৰ মহৰ, পি.জি ইণ্ডিয়া, ২০১১
  • The Igloo (trans), পি জি ইণ্ডিয়া, ২০১৩
  • বানপানী আহিছি চমাকে ভমাকে, ভবানী বুক্চ, ২০১৪
  • বুঢ়াটোৱে ক'লে, বনফুল প্ৰকাশন, ২০১৭
  • বৈতৰণী, পূৰ্বায়ণ প্ৰকাশন, ২০২০
  • মণিকা দেৱীৰ নিৰ্বাচিত গল্প, সম্প্ৰীতি প্ৰকাশন, ২০২৩
  • ভালপোৱা: (গীতালি বৰাৰ সৈতে যুটিয়াভাবে) প্ৰকাশক পাঞ্চজন্য, ২০২৩

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

তথ্য উৎস[সম্পাদনা কৰক]

  1. 1.0 1.1 দেৱী, মণিকা (2022). বৈতৰণী (দ্বিতীয় সংস্কৰণ সম্পাদনা). প্ৰকাশক গুৱাহাটী: পূৰ্বায়ণ. পৃষ্ঠা. লেখকৰ পৰিচয় বেটুপাৰ শেষপৃষ্ঠা. ISBN 978-81-949671-9-4. 
  2. "YUVA PURASKAR (2011-2022)". Sahitya Akademi Official Website. https://sahitya-akademi.gov.in/awards/yuva_samman_suchi.jsp। আহৰণ কৰা হৈছে: 13 July 2023.