সমললৈ যাওক

মণিবেন কাৰা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মণিবেন কাৰা
জন্ম ১৯০৫
বোম্বে, বৃটিছ ভাৰত (বৰ্তমান মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত)
মৃত্যু ১৯৭৯
পেচা সমাজ কৰ্মী, ট্ৰেড ইউনিয়নিষ্ট
বঁটা, সন্মান, পুৰস্কাৰ আদি পদ্মশ্ৰী বঁটা

মণিবেন কাৰা (ইংৰাজী: Maniben Kara, ১৯০৫-১৯৭৯)[1] এগৰাকী ভাৰতীয় সমাজকৰ্মী আৰু ট্ৰেড ইউনিয়নৰ সদস্য আছিল।[2]তেওঁ হিন্দ মাজদুৰ সভাৰ প্ৰতিষ্ঠাপক সদস্য আছিল আৰু ইয়াৰ সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[3] তেওঁৰ অৱদানৰ বাবে ১৯৭০ চনত ভাৰত চৰকাৰে তেওঁক চতুৰ্থ সৰ্বোচ্চ ভাৰতীয় অসামৰিক বঁটা পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰে।[4]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

১৯০৫ চনত ব্ৰিটিছ ভাৰতৰ বম্বেত (বৰ্তমান মুম্বাই) এটা মধ্যবিত্ত পৰিয়ালৰ আৰ্য সমাজৰ এজন সদস্যৰ ঘৰত মণিবেন কাৰাই জন্মগ্ৰহণ কৰিছিল। তেওঁ আনুষ্ঠানিক প্ৰাৰম্ভিক শিক্ষা মুম্বাইৰ গামদেৱীৰ ছেইণ্ট কলম্বা হাইস্কুলৰ পৰা লাভ কৰিছিল আৰু পিছত বাৰ্মিংহাম বিশ্ববিদ্যালয়ৰ পৰা সমাজ বিজ্ঞানত ডিপ্লমা লাভ কৰে।[5]

কৰ্মজীৱন

[সম্পাদনা কৰক]

ডিপ্ল’মা লাভ কৰাৰ পিছত তেওঁ ১৯২৯ চনত ভাৰতলৈ উভতি আহি স্বাধীনতা আন্দোলনৰ লগত জড়িত হৈ পৰে। তেওঁ সেৱা মন্দিৰ আৰু এটা ছপাশাল প্ৰতিষ্ঠা কৰিছিল আৰু ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া নামৰ জাতীয়তাবাদী চিন্তাধাৰাৰে[6] ভাৰতীয় বিপ্লৱী এম এন ৰয়ৰ হৈ কাকত প্ৰকাশ কৰিছিল,[5] পিছলৈ তেওঁ সৰ্বভাৰতীয় ট্ৰেড ইউনিয়ন কংগ্ৰেছৰ আদি নেতা নাৰায়ণ মালহাৰ যোশীৰ দ্বাৰা প্ৰভাৱিত হোৱা বুলি জনা যায়,[7] আৰু ট্ৰেড ইউনিয়নৰ কাম-কাজৰ সৈতে জড়িত হ’বলৈ আৰম্ভ কৰে।[5] তেওঁৰ কাৰ্যকলাপৰ ক্ষেত্ৰ আছিল মুম্বাইৰ বস্তিবোৰ, যিটো অঞ্চল বম্বে ইম্প্ৰুভমেণ্ট ট্ৰাষ্টৰ বহু সংৰক্ষণ কৰ্মীৰ বাসস্থান আছিল।[5] তেওঁ এটা মাতৃ ক্লাব আৰু এটা স্বাস্থ্যসেৱা কেন্দ্ৰ স্থাপন কৰে আৰু সুল বাসিন্দাসকলৰ মাজত পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু সাক্ষৰতাৰ বাবে জন-সজাগতাৰ সৃষ্টি কৰে।[5] পিছলৈ তেওঁ সামাজিক সংগঠন আৰম্ভ কৰিলে, যাৰ নাম সেৱা মন্দিৰ, যিটো পিছলৈ ভাংগিনী সমাজ নামৰ বেচৰকাৰী সংস্থা এটাৰ সৈতে একত্ৰিত কৰা হয়।[1]

তেওঁৰ কামৰ পৰৱৰ্তী পৰ্যায় আৰম্ভ হৈছিল মুম্বাই বন্দৰ আৰু বন্দৰ শ্ৰমিক সংঘ গঠনৰ সময়ৰ পৰা, যি পিছলৈ দৰ্জী আৰু বস্ত্ৰশিল্পৰ শ্ৰমিকসকলক সামৰি লৈ সম্প্ৰসাৰিত কৰা হৈছিল।[5] তেওঁ ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ ট্ৰেড ইউনিয়ন শাখা অল ইণ্ডিয়া ট্ৰেড ইউনিয়ন কংগ্ৰেছত যোগদান কৰে আৰু কেইবাটাও শ্ৰমিক ধৰ্মঘটৰ নেতৃত্ব দিয়ে; যাৰ ফলত ১৯৩২ চনত প্ৰশাসনে তেওঁক গ্ৰেপ্তাৰ কৰি নিৰ্জন কাৰাগাৰত বন্দী কৰি ৰখা হয়।[5] ১৯৩৭ চনত কংগ্ৰেছ মন্ত্ৰালয় গঠনৰ পিছত সৰ্বভাৰতীয় ট্ৰেড ইউনিয়ন কংগ্ৰেছ আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ মাজত বিচ্ছেদ ঘটিছিল। মণিবেন আছিল এম এন ৰয়ৰ নেতৃত্বৰ ৰয়িছ পাৰ্টিৰ সদস্য। ৰয়ষ্ট পাৰ্টিয়ে আৰম্ভ কৰিলে ইণ্ডিয়ান ফেডাৰেচন অৱ লেবাৰ (আই এফ এল) নামেৰে নতুন কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন অৰ্গেনাইজেচন। ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ দিনবোৰত তেওঁ নিজৰ কাৰ্যকলাপ অব্যাহত ৰাখিছিল আৰু ১৯৪৬ চনত শ্ৰম মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ কৰি তেওঁক কেন্দ্ৰীয় বিধানসভালৈ মনোনীত কৰা হৈছিল।[5] উত্তৰ স্বাধীনতা কালত, দেশ বিভাজনৰ পিছত আই এফ এলে হিন্দ মাজদুৰ সভাত যোগদান কৰে।[1] ১৯৪৮ চনত হিন্দ মজদুৰ সভা গঠন হোৱাৰ সময়ত তেওঁ ইয়াৰ এগৰাকী প্ৰধান সদস্য আছিল[8] আৰু অল ইণ্ডিয়া ৰেলৱেমেন ফেডাৰেচনৰ সৈতেও জড়িত আছিল আৰু এই সংগঠনৰ তেওঁ প্ৰাক্তন সভানেত্ৰীও আছিল।[9] তদুপৰি, তেওঁ আন্তৰ্জাতিক মুক্ত ট্ৰেড ইউনিয়ন সন্মিলন (ICFTU)[5]ৰ প্ৰতিষ্ঠাপক সদস্য আছিল আৰু নেচনেল কমিটি অন দ্য ষ্টেটাছ অৱ উইমেন[10] আৰু অন্যান্য চৰকাৰী পদক্ষেপৰ সৈতে চৰকাৰী সমিতিৰ সৈতে জড়িত আছিল।[11]

কেতিয়াও কোনো ৰাজনৈতিক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰা মণিবেন কাৰাক[12] ১৯৭০ চনত ভাৰত চৰকাৰে অসামৰিক বঁটা পদ্মশ্ৰীৰে সন্মানিত কৰে। ইয়াৰ ৯ বছৰ পাছত ৭৪ বছৰ বয়সত তেওঁৰ মৃত্যু হয়[5]। হিন্দ মজদুৰ সভাই ১৯৮০ চনত তেওঁৰ নামত মণিবেন কাৰা ইনষ্টিটিউট (এম কে আই) নামৰ এটা প্ৰতিষ্ঠান স্থাপন কৰি তেওঁক সন্মান জনায়।[3]

পশ্চিম ৰে’লৱে ইউনিয়নে তেওঁৰ সন্মানত মণিবেন কাৰা ফাউণ্ডেশ্যন নামেৰে এটা ট্ৰাষ্ট আৰম্ভ কৰে,[13] আৰু মুম্বাইৰ গ্ৰাণ্ট ৰোড অঞ্চলত থকা মণিবেন কাৰা ফাউণ্ডেশ্যন হল ৰক্ষণাবেক্ষণ কৰে।[14]

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 3 Nayar, Sushila, ed (2003). Women Pioneers In India's Renaissance. National Book Trust, India. পৃষ্ঠা. 469. ISBN 81-237-3766 1. http://www.exoticindiaart.com/book/details/women-pioneers-in-india-s-renaissance-IDD677/.
  2. Geraldine Hancock Forbes (1999). Women in Modern India, Volume 4. Cambridge University Press. পৃষ্ঠা. 290. ISBN 9780521653770. https://books.google.com/books?id=hjilIrVt9hUC&q=Kumari+Maniben+Kara&pg=PA174.
  3. 1 2 "Labour Rights". Labour Rights. 2015. Archived from the original on 15 February 2015. https://web.archive.org/web/20150215233255/http://www.labour-rights-india.eu/index.php?id=partners_mki আহৰণ কৰা হৈছে: 15 May 2015.
  4. "Padma Shri". Padma Shri. 2015. Archived from the original on 31 December 2015. https://web.archive.org/web/20151231171650/http://mha.nic.in/sites/upload_files/mha/files/LST-PDAWD-2013.pdf আহৰণ কৰা হৈছে: 11 November 2014.
  5. 1 2 3 4 5 6 7 8 9 10 "Stree Shakti". Stree Shakti. 2015. http://www.streeshakti.com/bookM.aspx?author=9 আহৰণ কৰা হৈছে: 16 May 2015.
  6. "Independent India". Hathi Trust. 2015. http://catalog.hathitrust.org/Record/007132445 আহৰণ কৰা হৈছে: 16 May 2015.
  7. "N. M. Joshi". The Hindu. 31 May 1955. http://www.thehindu.com/2005/05/31/stories/2005053100610902.htm আহৰণ কৰা হৈছে: 16 May 2015.[সংযোগবিহীন উৎস]
  8. Richard L. Park (August 1949). "Labor and Politics in India". Far Eastern Review খণ্ড 18 (16): 181–187. doi:10.2307/3024423.
  9. "AIRF". AIRF. 2015. Archived from the original on 14 August 2015. https://web.archive.org/web/20150814070241/http://www.airfindia.com/Women%20Wing%20AIRF.html আহৰণ কৰা হৈছে: 15 May 2015.
  10. "National Committee on the Status of Women". ICSSR. 2015. Archived from the original on 11 August 2015. https://web.archive.org/web/20150811211828/http://arvindguptatoys.com/arvindgupta/JP-59.pdf আহৰণ কৰা হৈছে: 15 May 2015.
  11. "INFLIBNET". INFLIBNET. 2015. http://shodhganga.inflibnet.ac.in/bitstream/10603/812/16/16_bibliography%201.pdf আহৰণ কৰা হৈছে: 16 May 2015.
  12. Bela Rani Sharma (1998). Women's Rights and World Development. Sarup and sons. পৃষ্ঠা. 383. ISBN 9788176250153. https://books.google.com/books?id=qnJ9J9UygR0C&q=Kumari+Maniben+Kara&pg=PA312.
  13. "Maniben Kara Foundation". Indiacom. 2015. http://www.indiacom.com/mumbai/maniben-kara-foundation_mumbai_mum_1180543.html আহৰণ কৰা হৈছে: 16 May 2015.
  14. "Maniben Kara Foundation Hall". Mojo Street. 2015. http://www.mojostreet.com/place/government-buildings/maniben-kara-foundation-hall-grant-road-mumbai-maharashtra-india-1661419 আহৰণ কৰা হৈছে: 16 May 2015.