সমললৈ যাওক

মণিবেন পেটেল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মণিবেন পেটেল

১৯৪৭ চনত পেটেল
ব্যক্তিগত তথ্য
জন্ম ২৪ এপ্ৰিল, ১৯০৪ (১২১ বছৰ)
কৰমচাদ, বম্বে প্ৰেচিডেন্সী, ব্ৰিটিছশাসিত ভাৰত
মৃত্যু ২৬ মাৰ্চ, ১৯৯০ (৮৫ বছৰ)
ৰাজনৈতিক দল কংগ্ৰেছ
পিতৃ-মাতৃ চৰ্দাৰ বল্লৱভাই পেটেল (পিতৃ)

মণিবেন পেটেল (ইংৰাজী: Maniben Patel, ২৪ এপ্ৰিল ১৯০৪ — ২৬ মাৰ্চ ১৯৯০) ভাৰতীয় স্বাধীনতা আন্দোলনৰ এগৰাকী কৰ্মী আৰু ভাৰতীয় সংসদৰ সদস্য আছিল।[1]তেওঁ স্বাধীনতা সংগ্ৰামী তথা স্বাধীনোত্তৰ ভাৰতীয় নেতা চৰ্দাৰ বল্লভভাই পেটেলৰ কন্যা। বম্বেত শিক্ষা গ্ৰহণ কৰি পেটেলে ১৯১৮ চনত মহাত্মা গান্ধীৰ শিক্ষা গ্ৰহণ কৰে, আৰু আহমেদাবাদৰ তেওঁৰ আশ্ৰমত নিয়মিতভাৱে কাম কৰিবলৈ আৰম্ভ কৰে।

প্ৰাথমিক জীৱন

[সম্পাদনা কৰক]

১৯০৪ চনৰ ২৪ এপ্ৰিলত ব্ৰিটিছ ভাৰতৰ বম্বে প্ৰেচিডেন্সিৰ কৰমছাদত মণিবেন পেটেলে জন্মগ্ৰহণ কৰিছিল। তেওঁক তেওঁৰ ককাক বিত্তলভাই পেটেলে ডাঙৰ-দীঘল কৰিছিল। বম্বেৰ কুইন মেৰী হাইস্কুলত তেওঁ প্ৰাথমিক শিক্ষা সমাপ্ত কৰে। ১৯২০ চনত তেওঁ আহমেদাবাদলৈ গুচি যায় আৰু মহাত্মা গান্ধীয়ে আৰম্ভ কৰা ৰাষ্ট্ৰীয় বিদ্যাপিঠ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰে। ১৯২৫ চনত স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত পেটেলে পিতৃক সহায় কৰে।[2]

বৰছাদ আন্দোলন

[সম্পাদনা কৰক]

১৯২৩-২৪ চনত ব্ৰিটিছ চৰকাৰে সাধাৰণ মানুহৰ ওপৰত গধুৰ কৰ আৰোপ কৰিছিল আৰু সেই কৰ আদায়ৰ বাবে তেওঁলোকে তেওঁলোকৰ গৰু, মাটি আৰু সম্পত্তি জব্দ কৰিবলৈ আৰম্ভ কৰিছিল। এই অত্যাচাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ মণিবেনে মহিলাসকলক গান্ধী আৰু চৰ্দাৰ পেটেলৰ নেতৃত্বত চলা অভিযানত যোগদান কৰিবলৈ আৰু কৰবিহীন আন্দোলনক সমৰ্থন কৰিবলৈ প্ৰেৰণা দিয়ে।[2]

বৰদলি সত্যাগ্ৰহ

[সম্পাদনা কৰক]

১৯২৮ চনত বৰদলিৰ কৃষকসকলৰ ওপৰত ব্ৰিটিছ কৰ্তৃপক্ষই অত্যধিক কৰ আৰোপ কৰিছিল আৰু তেওঁলোকেও বৰছাদৰ দৰে হাৰাশাস্তি সহ্য কৰিছিল। মহাত্মা গান্ধীয়ে চৰ্দাৰ বল্লভভাই পেটেলক সত্যগ্ৰহৰ নেতৃত্ব ল’বলৈ নিৰ্দেশ দিয়ে। প্ৰথম অৱস্থাত মহিলাসকলে এই আন্দোলনত যোগদান কৰিবলৈ অনিচ্ছুক আছিল। মিথুবেন পেটিট আৰু ভক্তিবা দেশাইৰ সৈতে পেটেলে এনে মহিলাক প্ৰেৰণা যোগাইছিল যিসকলে শেষত আন্দোলনত পুৰুষতকৈ অধিক সংখ্যাত যোগ আছিল। প্ৰতিবাদৰ অংশ হিচাপে তেওঁলোক চৰকাৰে জব্দ কৰা মাটিত নিৰ্মাণ কৰা জুপুৰিবোৰতে আছিল।[2]

১৯৩১ চনত মহাত্মা গান্ধী ইউৰোপলৈ যোৱাৰ আগমুহূৰ্তত মণিবেন পেটেলৰ সৈতে

অসহযোগ আন্দোলন

[সম্পাদনা কৰক]

অসহযোগ আন্দোলনৰ লগতে লৱণ সত্যাগ্ৰহতো অংশ লৈ মণিবেন পেটেল দীৰ্ঘদিন কাৰাগাৰত বন্দী হৈ থাকে। ১৯৩০ চনত তেওঁ দেউতাকৰ সহায়কাৰী হৈ পৰে আৰু তেওঁৰ ব্যক্তিগত প্ৰয়োজনীয়তাৰ যত্ন লয়। কিন্তু মণিবেন পেটেল ভাৰতৰ মুক্তিৰ প্ৰতি দায়বদ্ধ হোৱাৰ বাবে, আৰু সেই তাড়নাৰ দ্বাৰা বশৱৰ্তী হৈ ভাৰত ত্যাগ আন্দোলনত জড়িত হোৱাৰ বাবেই তেওঁক পুনৰ ১৯৪২ চনৰ পৰা ১৯৪৫ চনলৈ য়েৰৱাদা কেন্দ্ৰীয় কাৰাগাৰত বন্দী কৰি ৰখা হয়। ১৯৫০ চনত পিতৃৰ মৃত্যুৰ আগলৈকে মণিবেন পেটেলে ঘনিষ্ঠভাৱে সেৱা আগবঢ়াইছিল। মুম্বাইলৈ যোৱাৰ পিছত তেওঁ গোটেই জীৱন অসংখ্য দাতব্য সংস্থাৰ সৈতে আৰু চৰ্দাৰ পেটেল মেম’ৰিয়েল ন্যাসৰ বাবে কাম কৰিছিল। ভাৰতৰ স্বাধীনতাৰ পিছৰ বছৰবোৰত পিতৃৰ জীৱনৰ আধাৰত লিখা এখন কিতাপৰ জৰিয়তে তেওঁ দেশৰ স্বাধীনতা সংগ্ৰামৰ বিৱৰণী লিখিছিল।[2]

ৰাজনৈতিক পৰিক্ৰমা

[সম্পাদনা কৰক]

১৯৫২ : সাধাৰণ নিৰ্বাচনত দক্ষিণ কাইৰা লোকসভাৰ আসন লাভ কৰে, কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে

১৯৫৭ : সাধাৰণ নিৰ্বাচনত আনন্দ লোকসভাৰ আসন লাভ কৰে৷ কংগ্ৰেছ প্ৰাৰ্থীয়ে আমিন দাদুভাই মুলজীক পৰাস্ত কৰে[3]

১৯৬২ : আনন্দ লোকসভা আসনৰ পৰা স্বতন্ত্ৰ পাৰ্টিৰ নৰেন্দ্ৰসিংহ ৰঞ্জিতসিংহ মহিদাৰ হাতত পৰাস্ত হয়, কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে[4]

১৯৬৪ চনৰ পৰা ১৯৭০ চন : ৰাজ্যসভাৰ কংগ্ৰেছ সদস্য

১৯৭৩ : কংগ্ৰেছৰ শান্তুভাই পেটেলক পৰাস্ত কৰি সাবৰকান্তৰ পৰা উপ-নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী হিচাপে বিজয়ী হৈ লোকসভাত প্ৰৱেশ কৰে[5]

১৯৭৭ : জনতা পাৰ্টিৰ প্ৰাৰ্থী হিচাপে নটৱৰ্লাল অম্ৰতলাল পেটেলক পৰাস্ত কৰি সাধাৰণ নিৰ্বাচনত মেহছানা লোকসভাৰ আসন লাভ কৰে[6]

উপ-সভাপতি

[সম্পাদনা কৰক]

এসময়ত পেটেল গুজৰাট প্ৰাদেশিক কংগ্ৰেছ কমিটীৰ উপ-সভাপতি আছিল। পিছলৈ দক্ষিণ কাইৰা সমষ্টিৰ পৰা প্ৰথম লোকসভাত (১৯৫২–৫৭) নেহৰুৰ নেতৃত্বত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য হিচাপে নিৰ্বাচিত হয়,[7] আৰু দ্বিতীয় লোকসভাত (১৯৫৭–৬২) আনন্দৰ পৰা[8] গুজৰাট ৰাজ্য কংগ্ৰেছৰ সম্পাদিকা (১৯৫৩–৫৬) আৰু উপ-সভাপতি (১৯৫৭–৬৪) হিচাপে কাৰ্যনিৰ্বাহ কৰে। ১৯৬৪ চনত ৰাজ্যসভালৈ নিৰ্বাচিত হৈ ১৯৭০ চনলৈকে তেওঁ সদনত থাকিল।কংগ্ৰেছ পাৰ্টি এৰি যোৱাৰ সঠিক বছৰটোৰ বিষয়ে তথ্যৰ অভাৱ, কিন্তু সম্ভৱতঃ ১৯৬৯ চনত দল বিভাজিত হোৱাৰ সময়ত এন চি অ’ (কংগ্ৰেছ-অ)ৰ লগত থাকিবলৈ তেওঁ সিদ্ধান্ত লোৱাৰ বাবেই ১৯৫৪ চনত তেওঁ মহা গুজৰাট জনতা পৰিষদত যোগদান কৰে আৰু পিছলৈ স্বতন্ত্ৰ পাৰ্টিত যোগদান কৰে। ১৯৭০ চনৰ আৰম্ভণিতে দহভাই স্বতন্ত্ৰ পাৰ্টিৰ ৰাজ্যসভাৰ সাংসদ আছিল; ১৯৬৭–১৯৭১ চনত গুজৰাটত স্বতন্ত্ৰ পাৰ্টি আৰু এন চি অ' (প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাইৰ কংগ্ৰেছ গোট) দুয়োজনেই শক্তিশালী আছিল। মণিবেন পেটেলে ১৯৭১ চনৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা নাছিল। ১৯৭৩ চনত সাবৰকান্তৰ পৰা উপ-নিৰ্বাচনত জয়লাভ কৰি কংগ্ৰেছৰ শান্তুভাই পেটেলক কম ব্যৱধানত পৰাস্ত কৰি লোকসভালৈ নিৰ্বাচিত হৈছিল।

১৯৭৭ চনত জনতা পাৰ্টিৰ টিকটত মেহছানাৰ পৰা তেওঁ লোকসভালৈ নিৰ্বাচিত হয়।[9]

১৯৯০ চনত মৃত্যুৰ পূৰ্বে গুজৰাট বিদ্যাপীঠ, বল্লভ বিদ্যানগৰ, বৰদলৈ স্বৰাজ আশ্ৰম, নৱজীৱন ট্ৰাষ্টকে ধৰি কেইবাখনো শিক্ষানুষ্ঠানৰ সৈতে তেওঁ জড়িত আছিল।

২০১১ চনত চৰ্দাৰ বল্লভভাই পেটেল মেম'ৰিয়েল ন্যাসে নৱজীৱন পাব্লিকেচনৰ সহযোগত তেওঁৰ গুজৰাটী ডায়েৰী প্ৰকাশৰ বাবে এক প্ৰকল্প গ্ৰহণ কৰে।[10][11]

  • Inside Story of Sardar Patel: The Diary of Maniben Patel, 1936-50, by Manibahen Patel. Ed. Prabha Chopra. Vision Books, 2001. ISBN 81-7094-424-4.

তথ্যসূত্ৰ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
  1. Joginder Kumar Chopra (1993). Women in the Indian parliament: a critical study of their role. Mittal Publications. পৃষ্ঠা. 174. ISBN 978-81-7099-513-5. 
  2. 2.0 2.1 2.2 2.3 Women Pioneers In India's Renaissance. National Book Trust, India. 2003. পৃষ্ঠা. 469. ISBN 81-237-3766 1. http://www.exoticindiaart.com/book/details/women-pioneers-in-india-s-renaissance-IDD677/. 
  3. "Statistical Report General Election Archive, 1957 (Vol I, II)". Election Commission of India. https://old.eci.gov.in/files/file/4112-general-election-1957-vol-i-ii/। আহৰণ কৰা হৈছে: 9 November 2020. 
  4. "Statistical Report General Election Archive, 1962 (Vol I, II)". Election Commission of India. https://old.eci.gov.in/files/file/4113-general-election-1962-vol-i-ii/। আহৰণ কৰা হৈছে: 9 November 2020. 
  5. "The political dynasty nobody is talking about: Sardar Patel's". ThePrint. 31 October 2018. https://theprint.in/opinion/the-political-dynasty-nobody-is-talking-about-sardar-patels/142422/. 
  6. "Statistical Report General Election Archive, 1973 (Vol I, II)". Election Commission of India. https://old.eci.gov.in/files/file/4116-general-election-1977-vol-i-ii/। আহৰণ কৰা হৈছে: 9 November 2020. 
  7. "Archived copy". Archived from the original on 4 April 2014. https://web.archive.org/web/20140404203355/http://eci.nic.in/eci_main/StatisticalReports/LS_1951/VOL_1_51_LS.PDF। আহৰণ কৰা হৈছে: 2014-06-02. 
  8. "Archived copy". http://eci.nic.in/eci_main/StatisticalReports/LS_1957/Vol_I_57_LS.pdf। আহৰণ কৰা হৈছে: 3 August 2015. 
  9. "Lok Sabha Website Members Biodata". http://164.100.47.132/LssNew/biodata_1_12/920.htm। আহৰণ কৰা হৈছে: 2015-08-02. 
  10. Vashi, Ashish (8 June 2011). "Knowing Sardar Patel through his daughter's diary". The Times of India (Ahmedabad). https://timesofindia.indiatimes.com/city/ahmedabad/Knowing-Sardar-Patel-through-his-daughters-diary/articleshow/8767495.cms. 
  11. Datta, V. N. (30 September 2001). "Patel's Legacy". The Tribune. http://www.tribuneindia.com/2001/20010930/spectrum/main1.htm। আহৰণ কৰা হৈছে: 2013-06-02.