সমললৈ যাওক

মণিভাই দেশাই

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মণিভাই দেশাই

দেশাই ১৯৯০ চনত উৰুলি কাঞ্চনত
জন্ম ২৭ এপ্ৰিল, ১৯২০
কোছমাদা, চুৰাট জিলা, বম্বে প্ৰেচিডেঞ্চি (বৰ্তমানৰ গুজৰাট ৰাজ্যত)
মৃত্যু ১৪ নৱেম্বৰ, ১৯৯৩ (৭৩ বছৰ)
পুনে, ভাৰত
পেচা সমাজ কৰ্মী
বঁটা, সন্মান, পুৰস্কাৰ আদি পদ্মশ্ৰী
ৰমন মেগছেছে বঁটা


মণিভাই দেশাই (ইংৰাজী: Manibhai Bhimbhai Desai) (জন্ম ২৭ এপ্ৰিল, ১৯২০ – ১৪ নৱেম্বৰ, ১৯৯৩) এজন ভাৰতীয় সামাজিক কৰ্মী, মহাত্মা গান্ধীৰ সহযোগী, আৰু গ্ৰাম্য উন্নয়নৰ পথ-প্ৰদৰ্শক আছিল।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

১৯২০ চনৰ ২৭ এপ্ৰিলত ব্ৰিটিছ ভাৰতৰ বম্বে প্ৰেচিডেন্সিৰ (বৰ্তমান গুজৰাট ৰাজ্যত) চুৰাট জিলাৰ কোছমাদা গাঁৱত ৰমিভেন আৰু ভীমভাই দেশাইৰ ঘৰত মণিভাই দেশাইৰ জন্ম হৈছিল। তেওঁৰ পিতৃ ভীমভাই আছিল এজন ধনী কৃষক আৰু অঞ্চলটোৰ ১০ বা ১৫খন গাঁৱৰ কৃষকৰ মাজত এজন সন্মানীয় নেতা। দম্পতীহালৰ পাঁচজন পুত্ৰ আৰু এগৰাকী কন্যা সন্তান আছিল। ১৯২৭ চনত ভীমভাইৰ মৃত্যুৰ সময়ত ডাঙৰ পুত্ৰই পূৰ্বপুৰুষৰ খেতিপথাৰৰ দায়িত্ব ল’লে, পিছৰ দুজন পুত্ৰই বস্ত্ৰ উদ্যোগত কেৰিয়াৰ গঢ়িলে; এজন সোণৰ পদক বিজয়ী স্পিনাৰ হৈছিল, আনজন এজন বিশেষজ্ঞ বয়নকাৰী আৰু ভাৰতৰ এটা বৃহৎ বস্ত্ৰ ইউনিটৰ জেনেৰেল মেনেজাৰ হৈছিল। পিতৃৰ মৃত্যুৰ সময়ত মণিভাই গাঁৱৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰথম শ্ৰেণীত পঢ়িছিল। সেই বিদ্যালয়খনত তেওঁ পাঁচ বছৰ (১৯২৭–১৯৩১) পঢ়িছিল, নিজৰ শ্ৰেণীত প্ৰথম স্থান লাভ কৰিছিল; তেওঁ ক্ৰীড়াতো পাৰদৰ্শিতা দেখুৱাইছিল আৰু বয় স্কাউটৰ নেতা আছিল। এই বছৰবোৰত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে মহাত্মা গান্ধীৰ আইন অমান্য আন্দোলনে ভাৰত কঁপাই তুলিছিল। দেশায়ে দহ বছৰ বয়সত সংঘটিত হোৱা এটা ঘটনাই তেওঁৰ ভৱিষ্যত জীৱনত প্ৰভাৱ পেলাইছিল। আহমেদাবাদৰপৰা দণ্ডীলৈ যাত্ৰাত গান্ধীজীৰ সৈতে নৰোত্তমভাই পেটেল নামৰ এজন যুৱকে নিমখ কৰৰ প্ৰতিবাদত নিমখৰ মজুতত অভিযান চলায়। গাঁৱলৈ উভতি অহাৰ লগে লগে পেটেলৰ কাম আছিল স্বাধীনতা সংগ্ৰামৰ প্ৰতীক হৈ পৰা এচিকুট নিমখ প্ৰতি ঘৰে ঘৰে বিতৰণ কৰা। এই কাম কৰিবলৈ তেওঁ ডেকা মণিভাইক বাছি লৈছিল। নিমখ খাই গাঁৱৰ মানুহে প্ৰণাম কৰা দেখি মণিভাই গভীৰভাৱে আপ্লুত হৈছিল, আৰু ১০ বছৰ বয়সত মহাত্মা গান্ধীৰ আহ্বান অনুভৱ কৰিছিল। পিছলৈ মণিভাই চুৰাটত হাইস্কুলত পঢ়িবলৈ লয়। যিহেতু তেওঁৰ পৰিয়ালে তেওঁক অভিযান্ত্ৰিক বিষয়ত কেৰিয়াৰ গঢ়িব বিচাৰিছিল, সেয়েহে ডেকা মণিভায়ে স্নাতক অধ্যয়নৰ বাবে পদাৰ্থ বিজ্ঞান আৰু গণিত বিজ্ঞান বাছি লৈছিল। কিন্তু মণিভাইৰ অধ্যয়নৰ শেষ বছৰত গান্ধীজীয়ে ব্ৰিটিছ শাসনৰ বিৰুদ্ধে ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰিছিল য’ত মণিভাই যোগদান কৰিছিল আৰু ইংৰাজৰ হাততো কাৰাগাৰত বন্দী হৈছিল।[1][2][3]

কৰ্মজীৱন

[সম্পাদনা কৰক]

স্নাতক হোৱাৰ পিছত মণিভাই মহাত্মা গান্ধীৰ লগত স্বাধীনতা সংগ্ৰামত যোগদান কৰে। মহাত্মা গান্ধীয়ে ১৯৪৬ চনত পুনে চহৰৰ সমীপৰ উৰুলি কাঞ্চন গাঁৱত থাকিছিল। সেই সময়ত গান্ধীয়ে পশ্চিমীয়া চিকিৎসা বিজ্ঞানৰ ওপৰত আস্থা হেৰুৱাই পেলাইছিল আৰু তেওঁ প্ৰকৃতি চিকিৎসাৰ সন্ধান কৰিব বিচাৰিছিল। ইয়াৰ বাবে তেওঁ মণিভাইক উৰালীত নতুনকৈ প্ৰতিষ্ঠা হোৱা প্ৰকৃতি চিকিৎসা আশ্ৰমৰ পৰিচালক হিচাপে মনোনীত কৰে। মণিভাই যুৱকজনে মহাত্মা গান্ধীক উৰুলীৰ উত্থানৰ বাবে নিজৰ জীৱন উছৰ্গা কৰাৰ প্ৰতিশ্ৰুতি দিলে। [4] তাত তেওঁৰ প্ৰথম ডাঙৰ কাম আছিল নেচাৰ কিউৰ আশ্ৰম পৰিচালনা কৰা, যিটো আজিও চলি আছে আৰু সমগ্ৰ ভাৰততে বিখ্যাত। গান্ধীজীয়ে জাৰি কৰা গাইডলাইন অনুসৰি আশ্ৰমৰ নেচাৰ কিউৰ থেৰাপীসমূহ সম্পন্ন কৰা হৈছিল। ইয়াৰ ভিতৰত আছিল খাদ্য নিয়ন্ত্ৰণ, উপবাস, ৰ’দত গা-ধোৱা, গৰম কৰা, ভাপত গা-ধোৱা, বোকা পেক, মালিচ, আৰু নিৰাপদ থলুৱা বনৌষধিৰ ব্যৱহাৰ। [5]ইয়াৰ পিছতে মণিভায়ে উৰুলিত এখন হাইস্কুল খুলিলে। [6] যদিও মণিভাইৰ কামত গান্ধীৰ নীতি কেন্দ্ৰীয় আছিল, তথাপি তেওঁৰ মতে বৈজ্ঞানিক অগ্ৰগতিৰদ্বাৰা গ্ৰাম্য দৰিদ্ৰ লোকসকল উপকৃত হ'ব পাৰে [7] প্ৰকৃতি নিৰাময় আশ্ৰমত কাম কৰাৰ সময়ত মণিভায়ে উদ্যান শস্য আৰু গৰু-ম’হ পালনৰ দিশবোৰ নিজে নিজেই শিকাইছিল। ইয়াক পৰৱৰ্তী পৰ্যায়লৈ লৈ যাবলৈ তেওঁ ১৯৬৭ চনত ভাৰতীয় কৃষি উদ্যোগ ফাউণ্ডেশ্যন (BAIF) নামৰ এন জি অ’ প্ৰতিষ্ঠা কৰে। [8] গুজৰাটৰ গিৰৰ দৰে মজপুত ভাৰতীয় জাতৰ সৈতে হোলষ্টেইন ফ্ৰেইজিয়ান আৰু জাৰ্চিৰ দৰে উচ্চ উৎপাদনক্ষম ইউৰোপীয় গৰুৰ সংকৰণৰ ক্ষেত্ৰত বিএআইএফে অগ্ৰণী ভূমিকা পালন কৰি আহিছে। [9][10][11][12][13] এই সময়ছোৱাত মণিভায়ে ডেনমাৰ্ক, গ্ৰেট বৃটেইন, আমেৰিকা, কানাডা, ইজৰাইলকে ধৰি বিশ্বৰ কেইবাখনো দেশ ভ্ৰমণ কৰি গৰু পালন আৰু খেতিৰ পদ্ধতিৰ বিষয়ে জানিবলৈ আৰু ধন সংগ্ৰহ কৰিবলৈ গৈছিল। ভাৰতৰ বিশিষ্ট নেতাসকলে ব্যক্তিগতভাৱে উৰালী ভ্ৰমণ কৰি গৰু পালনৰ কাম-কাজ পৰ্যবেক্ষণ কৰিছিল। পিছলৈ মণিভায়ে বিএআইএফৰ কাম-কাজ সম্প্ৰসাৰণ কৰি পশুৰ স্বাস্থ্য আৰু পুষ্টি, বৃক্ষৰোপণ,[14] বনাঞ্চল উন্নয়ন, আৰু জনজাতীয় উন্নয়ন আদি অন্তৰ্ভুক্ত কৰে। [15]

বঁটা আৰু সন্মান

[সম্পাদনা কৰক]

১৯৬৮ চনত ভাৰত চৰকাৰে মণিভাইক পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰে। ১৯৮২ চনত মণিভায়ে জনসেৱাৰ বাবে ৰমন মেগছেছে বঁটা গ্ৰহণ কৰে। [16] ১৯৮৩ চনত তেওঁ গান্ধীবাদী মূল্যবোধ, সম্প্ৰদায়ৰ মূল্যবোধ আৰু সামাজিক উন্নয়নৰ বাবে জামনালাল বাজাজ বঁটা লাভ কৰে [17][18]

মৃত্যু আৰু উত্তৰাধিকাৰ

[সম্পাদনা কৰক]

১৯৯৩ চনৰ ১৪ নৱেম্বৰত পুনেত মণিভাইৰ মৃত্যু হয়। তেওঁ প্ৰতিষ্ঠা কৰা প্ৰতিষ্ঠানসমূহ অব্যাহত আছে আৰু সমৃদ্ধিশালী হৈছে।

কানাডাৰ পুঁজিৰে বিএআইএফে ১৯৯৬ চনত পুনেৰ বাহিৰৰ ৱাৰ্জেত নতুন মুখ্য কাৰ্যালয় আৰু পৰিচালনা প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰে। এই কেন্দ্ৰটোৰ নাম ড° মণিভাই দেশাই নগৰ ৰখা হৈছে।[19]"মণিভাই পঞ্জাৱৰ জিলা পাটিয়ালাৰ ভিলেজ অৱ দুলবাৰ মানুহৰ বাবে এজন শ্ৰদ্ধাৰ ব্যক্তি। প্ৰতি বছৰে তেওঁৰ জন্মদিনটো উদ্‌যাপন আৰু গ্ৰাম্য অঞ্চলত কৰা কামৰ বাবে তেওঁক শ্ৰদ্ধা আৰু ধন্যবাদ জনোৱাৰদ্বাৰা উদ্‌যাপন কৰা হয়।

তথ্যৰ উৎস

[সম্পাদনা কৰক]
  1. "Biography at Ramon Magsaysay Award Foundation". Archived from the original on 16 December 2016. https://web.archive.org/web/20161216130055/http://rmaward.asia/awardees/desai-manibhai-bhimbhai/। আহৰণ কৰা হৈছে: 28 December 2017. 
  2. Meera Johri (2010). Greatness of Spirit: Profiles of Indian Magsaysay Award Winners. Rajpal & Sons. পৃষ্ঠা. 94–97. ISBN 978-81-7028-858-9. https://books.google.com/books?id=j1iegDJAYakC&pg=PA7. 
  3. "The Manibhai Desai Memoirs - Part-1". www.goodnewsindia.com. https://www.goodnewsindia.com/Pages/content/institutions/manibhaiDesai/part1.html. 
  4. "Biography at Ramon Magsaysay Award Foundation". http://www.rmaf.org.ph/Awardees/Biography/BiographyDesaiMan.htm। আহৰণ কৰা হৈছে: 15 September 2006. 
  5. Gandhi M. Nature cure. Kumarappa B, editor. Navajivan Publishing House; 1954.[1]
  6. "Biography at Ramon Magsaysay Award Foundation". http://www.rmaf.org.ph/Awardees/Biography/BiographyDesaiMan.htm। আহৰণ কৰা হৈছে: 15 September 2006. 
  7. Smillie, Ian; Hailey, John (2001). Managing for change : leadership, strategy and management in Asian NGOs. প্ৰকাশক London [u.a.]: Earthscan. পৃষ্ঠা. 52,138–139. ISBN 9781853837210. https://books.google.com/books?id=1AaUBp0UaKEC&q=%22manibhai+desai%22+&pg=PR6. 
  8. Rangnekar, D.V., Pradhan, P.K. and Gahlot, O.P., 1993. Surveys and farming systems researches seen by a non-government organisation like BAIF and outside agencies. In Feeding of ruminants on fibrous crop residues. Proceedings of an international workshop held at the National Dairy Research Institute, Karnal, India, ICAR, New Delhi, India (pp. 98-108).[2]
  9. Deore, P.A., Sidhaye, V.J., Rangnekar, D.V., Hegde, G.R. and Mangurkar, B.R., 1990. Manual on crossbred cows [3].
  10. Bandyopadhyay ., A. (editor) (2005). Sustainable agriculture. প্ৰকাশক New Delhi: Northern Book Centre. পৃষ্ঠা. 27. ISBN 81-7211-184-3. https://books.google.com/books?id=HtPQzC0f8Q0C&q=%22manibhai+desai%22+cows&pg=PA1. 
  11. Bhosrekar, M.R., 1990. Semen production and artificial insemination. BAIF Development Research Foundation.[4]
  12. Howard, Connie (2000). In Gandhi's Footsteps: The Manibhai Desai & BAIF Story. New Age International Ltd.. পৃষ্ঠা. 114. ISBN 81-224-1221-1. 
  13. "Biography at Ramon Magsaysay Award Foundation". http://www.rmaf.org.ph/Awardees/Biography/BiographyDesaiMan.htm। আহৰণ কৰা হৈছে: 15 September 2006. 
  14. Syed Noman Ahmad (1997). Rapid Rural Transformation Through Voluntary Action. M.D. Publications Pvt. Ltd.. পৃষ্ঠা. 43–83. ISBN 978-81-7533-052-8. https://books.google.com/books?id=3ocUYpC_78kC&pg=PP15. 
  15. Ahmad, Syed Noman (1997). Rapid rural transformation through voluntary action. প্ৰকাশক New Delhi: MD Publications. পৃষ্ঠা. 43. ISBN 9788175330528. https://books.google.com/books?id=3ocUYpC_78kC&q=%22manibhai+desai%22+&pg=PP15. 
  16. Johri, Meera (2010). Greatness of spirit : profiles of Indian Magsaysay award winners. প্ৰকাশক Delhi: Rajpal & Sons. পৃষ্ঠা. 94–98. ISBN 9788170288602. https://books.google.com/books?id=j1iegDJAYakC&q=%22manibhai+desai%22+death&pg=PA97. 
  17. "Jamnalal Bajaj Award". Jamnalal Bajaj Foundation. 2015. https://www.jamnalalbajajfoundation.org/awards/archives/1983/science-and-technology/dr-manibhai-desai। আহৰণ কৰা হৈছে: 13 October 2015. [সংযোগবিহীন উৎস]
  18. Howard, Connie (2000). In Gandhi's footsteps : the Manibhai Desai & BAIF story. প্ৰকাশক New Delhi: New Age International. পৃষ্ঠা. 12–50. ISBN 9788122412215. https://books.google.com/books?id=JbrnqHaN64MC&q=%22manibhai+desai%22+death&pg=PA137. 
  19. Howard, Connie (2000). In Gandhi's Footsteps: The Manibhai Desai & BAIF Story. New Age International Ltd.. পৃষ্ঠা. 137–138. ISBN 81-224-1221-1. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]