মতিবাই কাপাডিয়া
| মতিবাই কাপাডিয়া | |
|---|---|
| জন্ম | 1867 বম্বে, বম্বে প্ৰেচিডেন্সি, ব্ৰিটিছ ভাৰত |
| মৃত্যু | ১৯৩০ (বয়স ৬২–৬৩) |
| শিক্ষা | গ্ৰাণ্ট মেডিকেল কলেজ, মুম্বাই |
| জনা যায় | গ্ৰাণ্ট মেডিকেল কলেজৰ পৰা প্ৰথম ভাৰতীয় মহিলা স্নাতক |
| 'চিকিৎসা জীৱন' | |
| জীৱিকা | চিকিৎসক |
| শিক্ষানুষ্ঠান | মহিলাৰ বাবে ভিক্টোৰিয়া জুবিলী হাস্পতাল, আহমেদাবাদ, বম্বে প্ৰেচিডেন্সি। |
| বঁটা আৰু সন্মান | কাইছাৰ-ই-হিন্দ পদক (১৯১১) |
মতিবাই ৰুস্তমজী কাপাডিয়া (ইংৰাজী: Motibai Kapadia) এল আৰ চি পি এফ আৰ চি এছ (১৮৬৭–১৯৩০) হ'ল এগৰাকী ভাৰতীয় চিকিৎসক যিয়ে ভাৰতত পুৰুষৰ সৈতে প্ৰশিক্ষণ লোৱা পশ্চিমীয়া চিকিৎসা বিজ্ঞানৰ প্ৰথমগৰাকী ভাৰতীয় মহিলা চিকিৎসক হিচাপে কৃতিত্ব লাভ কৰে। ১৮৮৪ চনত মুম্বাইৰ গ্ৰাণ্ট মেডিকেল কলেজত নামভৰ্তি কৰে আৰু তাৰ পৰাই স্নাতক ডিগ্ৰী লাভ কৰে। ৰয়েল কলেজ অৱ ফিজিচিয়ানছৰ অনুজ্ঞাপত্ৰ লাভ কৰাৰ পিছত তেওঁক আহমেদাবাদ মহিলাৰ ভিক্টোৰিয়া জুবিলি চিকিৎসালয়ৰ মুৰব্বী হিচাপে নিযুক্তি দিয়া হৈছিল। ১৮৯১ চনত তেওঁ এফ. আৰ. চি. এছ.-ত যোগ্যতা অৰ্জন কৰে।
১৯১১ চনত পঞ্চম জৰ্জ আৰু মেৰীৰ ৰাজ অভিষেকৰ পিছত ১৯১১ চনৰ দিল্লী দৰবাৰ সন্মানত কাপাডিয়াই কাইছাৰ-ই-হিন্দ পদক লাভ কৰে।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
[সম্পাদনা কৰক]
১৮৬৭ চনত মুম্বাই, তেতিয়াৰ বোম্বাইত এটা ধনী পাৰ্চী পৰিয়ালত জন্মগ্ৰহণ কৰিছিল মতিবাই কাপাডিয়াৰ।[1][2] ১৮৮৪ চনত তেওঁৰ চিনাকি কেইবাজনো লোকৰ বিৰোধিতা সত্ত্বেও কাপাডিয়াই ডাফেৰিন ফাণ্ডৰ জৰিয়তে মুম্বাইৰ গ্ৰাণ্ট মেডিকেল কলেজত নামভৰ্তি লাভ কৰে।[3][1][4] তাত তেওঁৰ দেউতাকে তেওঁক পুৰুষৰ সৈতে পঢ়িবলৈ অনুমতি দিছিল।[টোকা 1][3] তেওঁ ১৮৮৭ চনত স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত এবছৰ কামা হাস্পতালত কাম কৰে।[6] ১৮৮৮ চনত ইংলেণ্ডলৈ গৈ ৰাটনবাই মালাবাৰীৰ সৈতে এল.আৰ.চি.পি লাভ কৰে।[1][4]
কেৰিয়াৰ
[সম্পাদনা কৰক]
১৮৮৯ চনত ব্ৰিটেইনৰ পৰা উভতি অহাৰ পিছত উদ্যোগপতি ৰাঞ্চোদলাল ছোটালালে তেতিয়াৰ ব'ম্বে প্ৰেচিডেন্সিত কপাডিয়াক তেওঁৰ নতুনকৈ স্থাপিত ভিক্টোৰিয়া জুবিলি চিকিৎসালয় আৰু গুজৰাট আহমেদাবাদৰ ইয়াৰ ঔষধালয়ৰ দায়িত্বত নিযুক্ত কৰে।[2][5][7] তাত তেওঁ এগৰাকী প্ৰখ্যাত মহিলা চিকিৎসক আছিল, যিয়ে ভাল কাম কৰিছিল আৰু ৩৬ বছৰ ধৰি সেই পদত আছিল।[8][9][10] ১৮৯১ চনত তেওঁ এফ.আৰ.চি.এছ.-ত যোগ্যতা অৰ্জন কৰে।[3] আহমেদাবাদত তেওঁ কালুপুৰ আৰু খাদিয়াৰ মাজৰ কোনোবা এটা ৰাস্তাত বাস কৰিছিল।[11] ১৮৯৭ চনত ৰাণী ভিক্টোৰিয়াৰ হীৰক জয়ন্তীৰ প্ৰস্তুতিৰ বাবে ইংৰাজী ভাষণৰ খচৰা প্ৰদান কৰিবলৈ আহমেদাবাদৰ লেডিজ ক্লাৱক প্ৰতিনিধিত্ব কৰিবলৈ তেওঁক নিৰ্বাচিত কৰা হৈছিল।[12][13]
কপাডিয়াই পাছত ব্ৰিটেইনলৈ ঘূৰি গৈছিল, তাৰ পাছত ১৯২১ চনত এছ.এছ.দেৱনহত ভাৰতলৈ উভতি আহিছিল।[14] কানাডিয়ান শিক্ষাবিদ জেৰাল্ডিন ফ'ৰ্বছৰ মতে, চিকিৎসালয়ৰ সহায়কসকলে ব'ম্বেৰ চিকিৎসকসকলৰ দ্বাৰা সেই ক্ষেত্ৰত প্ৰশিক্ষণ লোৱাৰ ফলস্বৰূপে বংগত পশ্চিমীয়া ঔষধৰ সম্প্ৰসাৰণ ঘটিছিল, য'ত কপাডিয়াও আছিল।[15]
মৃত্যু আৰু উত্তৰাধিকাৰ
[সম্পাদনা কৰক]১৯১১ চনৰ ১২ ডিচেম্বৰত পঞ্চম জৰ্জ আৰু মেৰীৰ ৰাজ অভিষেকৰ পিছত ১৯১১ চনৰ দিল্লী দৰবাৰ সন্মানত কাপাডিয়াই কাইছাৰ-ই-হিন্দ পদক লাভ কৰে।[16][17] ১৯৩০ চনত কপাডিয়াৰ মৃত্যু হয়।[2] তেওঁক ভাৰতত পুৰুষৰ সৈতে প্ৰশিক্ষণ লোৱা পশ্চিমীয়া চিকিৎসা বিজ্ঞানৰ প্ৰথমগৰাকী ভাৰতীয় মহিলা চিকিৎসক হোৱাৰ কৃতিত্ব দিয়া হয়।[18] ইতিহাসবিদ মাক্ৰন্দ মেহতাই কাপাডিয়াক গুজৰাটৰ উল্লেখযোগ্য প্ৰভাৱশালী ব্যক্তিত্বৰ কৃতিত্ব দিয়ে।[2] লেখিকা কবিতা ৰাৱে কাপাডিয়াক যথেষ্ট উল্লেখযোগ্য বুলি গণ্য কৰিছিল যাৰ বাবে তেওঁৰ লেডী ডাক্তৰছ নামৰ গ্ৰন্থখনত অন্তৰ্ভুক্ত কৰা হৈছিল যদিও তেওঁৰ বিষয়ত পৰ্যাপ্ত আৰ্কাইভ সামগ্ৰী বিচাৰি উলিয়াব নোৱাৰাৰ বাবে তেওঁক বাদ দিছিল।[19]
টোকা
[সম্পাদনা কৰক]তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 Bhadra, Mita (2011). "Indian Women in Medicine: An Enquiry Since 1880". Indian Anthropologist খণ্ড 41 (1): 17–43. ISSN 0970-0927. https://www.jstor.org/stable/41921931.
- ↑ 2.0 2.1 2.2 2.3 "Gujarat's first lady doctor treated sexism and untouchability too". The Times of India. 18 May 2013. https://timesofindia.indiatimes.com/city/ahmedabad/gujarats-first-lady-doctor-treated-sexism-and-untouchability-too/articleshow/20113657.cms.
- ↑ 3.0 3.1 3.2 (en ভাষাত) The Journal of Family Welfare. Family Planning Association of India. 1975. পৃষ্ঠা. 68. https://books.google.com/books?id=tO0nAAAAYAAJ&pg=PH68.
- ↑ 4.0 4.1 . 6 February 1888. https://www.britishnewspaperarchive.co.uk/viewer/bl/0001842/18880206/055/0003.
- ↑ 5.0 5.1 . 28 January 1892. https://www.britishnewspaperarchive.co.uk/viewer/bl/0000540/18920128/105/0005.
- ↑ (en ভাষাত) The Indian Magazine. National Indian Association in Aid of Social Progress and Education in India.. 1889. পৃষ্ঠা. 545. https://books.google.com/books?id=HUJBAQAAMAAJ&pg=PA545.
- ↑ Ramanna, Mridula (2008). "Women Physicians as Vital Intermediaries in Colonial Bombay". Economic and Political Weekly খণ্ড 43 (12/13): 71–78. ISSN 0012-9976. https://www.jstor.org/stable/40277287.
- ↑ Darukhanawala, H. D. (1953). Parsi Lustre On Indian Soil Vol Ii. পৃষ্ঠা. 132. https://archive.org/details/in.ernet.dli.2015.62648/page/n145/mode/2up?q=motibai.
- ↑ "The Countess of Dufferin's Fund (1911)". National Association For Supplying Female Medical Aid To The Women Of India Twenty-fifth Annual Report. প্ৰকাশক India: Superintendent Government Printing. 1909. পৃষ্ঠা. 9. https://archive.org/details/in.ernet.dli.2015.116847/page/n393/mode/2up?q=kapadia.
- ↑ Lahiri, Shompa (2000). "Introduction" (en ভাষাত). Indians in Britain: Anglo-Indian Encounters, Race and Identity, 1880-1930. প্ৰকাশক London: Frank Cass Publishers. পৃষ্ঠা. 12–13. ISBN 0-7146-4986-4. https://books.google.com/books?id=oemNAQAAQBAJ&pg=PA12.
- ↑ . 21 November 2022. https://timesofindia.indiatimes.com/city/ahmedabad/from-industrial-to-intangible-aspects-citys-legacy-assessed/articleshow/95648865.cms.
- ↑ . প্ৰকাশক London. 5 July 1897. https://www.britishnewspaperarchive.co.uk/viewer/bl/0001712/18970705/012/0005.
- ↑ "Ladies Club". Homeward Mail from India, China and the East County (London): পৃষ্ঠা 5. 5 July 1897. https://www.britishnewspaperarchive.co.uk/viewer/bl/0001712/18970705/012/0005.
- ↑ "UK and Ireland, Outward Passenger Lists, 1890-1960". ancestry.co.uk. প্ৰকাশক Kew, Surrey, England: The National Archive. 15 July 1921. পৃষ্ঠা: 21. https://www.ancestry.co.uk/imageviewer/collections/2997/images/40610_B000952-00035?treeid=&personid=&rc=&queryId=90da2162-0845-4e06-ba74-47b2ab92f465&usePUB=true&_phsrc=zuL1&_phstart=successSource&pId=42559329। আহৰণ কৰা হৈছে: 7 July 2024.
- ↑ Ramanna, Mridula (2012). "3. Changing reactions to hospitalisation" (en ভাষাত). Health Care in Bombay Presidency, 1896-1930. প্ৰকাশক Delhi: Primus Books. পৃষ্ঠা. 103. ISBN 978-93-80607-24-5. https://books.google.com/books?id=Mm14U_6JVwoC&pg=PA103.
- ↑ (en ভাষাত) Who's who in India. প্ৰকাশক Lucknow: Newul Kishore Press. 1912. পৃষ্ঠা. 180. ISBN 978-5-87230-125-7. https://archive.org/details/supplementtowhos00luckrich/page/180/mode/2up?q=kapadia.
- ↑ "UK, Registers of Employees of the East India Company and the India Office, 1746-1939". The India Office List India. 1911. পৃষ্ঠা: 193. https://www.ancestry.co.uk/imageviewer/collections/61468/images/47593_83024005549_1587-00248?treeid=&personid=&rc=&queryId=967184e9-25ba-4251-b358-c2da7adebd4d&usePUB=true&_phsrc=zuL5&_phstart=successSource&pId=243146। আহৰণ কৰা হৈছে: 7 July 2024.
- ↑ Abidi, Nigar Fatima (September 1988). "Women's participation in the medical profession: the Indian case" (en ভাষাত). International Sociology খণ্ড 3 (3): 235–249. doi:10.1177/026858088003003003. ISSN 0268-5809. https://journals.sagepub.com/doi/abs/10.1177/026858088003003003.
- ↑ Narayanan, Nayantara (8 July 2021). ""There's a lot of blood, sweat and tears": The price that India's first women doctors paid to break barriers" (en ভাষাত). caravanmagazine.in. https://caravanmagazine.in/books/interview-lady-doctor-book-kavitha-rao। আহৰণ কৰা হৈছে: 9 July 2024.