সমললৈ যাওক

মতিলাল জটৱানী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মতিলাল জটৱানী
জন্ম ১৩ জানুৱাৰী, ১৯৩৬
ৰহৰি, চক্কুৰ জিলা, সিন্ধ, ব্ৰিটিছ ভাৰত
মৃত্যু ২৮ জানুৱাৰী, ২০০৮
পুনা, ভাৰত
পেচা পণ্ডিত, লেখক, শিক্ষাবিদ
জনা যায় সিন্ধী সাহিত্য
দাম্পত্যসঙ্গী ৰাজ জটৱানী
সন্তান দুগৰাকী পুত্ৰ সন্তান
বঁটা, সন্মান, পুৰস্কাৰ আদি পদ্মশ্ৰী
শ্বাহ আব্দুল লটিফ বঁটা
কৃতি পুৰস্কাৰ
সাহিত্য অকাডেমি বঁটা
সিন্ধু ৰতন
ৱেবছাইট
web site

মতিলাল ৱাধুমল জটৱানী (ইংৰাজী: Motilal Jotwani; জন্ম:১৩ জানুৱাৰী,১৯৩৬-মৃত্যু:২৮ জানুৱাৰী, ২০০৮) হৈছে এগৰাকী ভাৰতীয় লেখক, শিক্ষাবিদ, গান্ধীবাদী। তেওঁ হাভাৰ্ড বিশ্ববিদ্যালয়ৰ ডক্টৰেট, যি সিন্ধী ভাষা আৰু সাহিত্যৰ বিশেষজ্ঞ।[1][2]জটৱানীয়ে ভাষা-সাহিত্যৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল,[3] ভাৰত চৰকাৰে ২০০৩ চনত জটৱানীক চতুৰ্থ সৰ্বোচ্চ অসামৰিক সম্মান পদ্মশ্ৰী বঁটা প্ৰদান কৰিছিল।[4] ইয়াৰোপৰি তেওঁ সিন্ধু ৰতন, শ্বাহ আব্দুল লটিফ বঁটা আৰু কৃতি পুৰস্কাৰ আদি অন্যান্য উল্লেখযোগ্য পুৰস্কাৰ লাভ কৰিছে।

সংক্ষিপ্ত জীৱনী

[সম্পাদনা কৰক]

ব্ৰিটিছ ভাৰতৰ সিন্ধ অঞ্চলৰ চুক্কুৰ জিলাৰ ৰহৰিত ১৯৩৬ চনৰ ১৩ জানুৱাৰীত মতিলাল জটৱানীৰ জন্ম হৈছিল।[1][2][3]১৯৪৭ চনৰ বিভাজনৰ পাছত তেওঁৰ পৰিয়ালটো ভাৰতলৈ গুচি আহে আৰু দিল্লীত স্থায়ীভাৱে থাকিবলৈ লয়।[1][2][3] স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ পাঞ্জাৱ বিশ্ববিদ্যালয়ৰপৰা ১৯৫৯ চনত সাংবাদিকতাত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তেওঁ ইংৰাজী সাহিত্যতো দিল্লী বিশ্ববিদ্যালয়ৰপৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল[5] আৰু এই বিশ্ববিদ্যালয়ৰ অধীনৰ দেশবন্ধু কলেজত অধ্যাপক ৰূপে যোগদান কৰি পিছলৈ সিন্ধী সাহিত্যৰ ৰিডাৰ ৰূপে চাকৰিৰপৰা অৱসৰ গ্ৰহণ কৰিছিল।[2] তেওঁ চুফী কবি শ্বাহ আব্দুল লটিফ ভিটাইৰ কবিতা বিষয়ক গৱেষণা কৰিও ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল।[1][2][3]

এগৰাকী সিন্ধী ভাষাৰ পণ্ডিত আৰু ‘গান্ধীবাদী’ ৰূপে পৰিচিত জটৱানী ভাৰত চৰকাৰৰ সিন্ধী অকাডেমিৰ সম্পাদক আছিল। তেওঁৰ কাৰ্যকালত তেওঁ প্ৰসিদ্ধ ইতিহাসবিদ তথা ৰাজনীতিক কে আৰ মালকানিৰ সহযোগত ‘গান্ধীজী অন সিন্ধ এণ্ড দ্য সিন্ধীজ’ নামেৰে গান্ধীজী বিষয়ক এখন গ্ৰন্থ লিখি উলিয়াইছিল।[6] ১৯৭৯-৮০ চনত তেওঁ হাভাৰ্ড বিশ্ববিদ্যালয়ৰ ‘হাভাৰ্ড চেণ্টাৰ ফৰ ষ্টাডি অৱ ৱৰ্ল্ড ৰিলিজন’ৰ ভিজিটিং পোষ্ট ডক্টৰেট ফেলো আছিল।[2][3] ১৯৮৫ চনৰ পৰা ১৯৯০ চনলৈ জটৱানীয়ে নতুন দিল্লীৰ ‘অথৰ্ছ গিল্ড অৱ ইণ্ডিয়া’ৰ অফিচিয়েল জাৰ্নেল ‘ইণ্ডিয়ান অথৰ’ৰ সম্পাদক ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।[2] সিন্ধী শিক্ষা সমিতিৰ গঠনতো তেওঁৰ অৱদান আছিল। এই সমিতিয়ে দিল্লীত বাবা নেভৰাজ চিনিয়ৰ চেকেণ্ডেৰী স্কুল আৰু হেমনানী চেকেণ্ডেৰী স্কুল পৰিচালনা কৰে। তেওঁ বহু বছৰ ধৰি ইয়াৰ পৰিচালনা পৰিষদৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[2]

জটৱানীয়ে ইংৰাজী, হিন্দী আৰু সিন্ধী ভাষাত প্ৰায় ৬০ খন চুটি গল্প, কবিতা, উপন্যাস আৰু প্ৰৱন্ধ সংকলন লিখিছে।[1][2][3][7][8]তেওঁ সিন্ধী সাহিত্যৰ অভিধান (Dictionary of Sindhi Literature) প্ৰণেতা।[9]তেওঁৰ কবি শ্বাহ আব্দুল লটিফ ভিটাইৰ কবিতা বিষয়ক, ‘শ্বাহ আব্দুল লটিফ ভিটাই, হিজ লাইফ এণ্ড ৱৰ্ক’ শীৰ্ষক এখন সমালোচনাত্মক গ্ৰন্থ প্ৰকাশ হৈছে।[3][10] তেওঁৰ অন্যান্য উল্লেখযোগ্য কিতাপসমূহ হৈছে; প্ৰতিনিধি ৰচনায়েঁ (১৯৯৬), চুফীজ অৱ সিন্ধ (১৯৮৬), সিন্ধীজ থ্ৰু চেঞ্চুৰিজ (২০০৬), আনাচিৰ জী চাজিছ (১৯৬৮), Sandandhani je Sarakuni te (১৯৮২), পুৰ্ষ এ প্ৰকৃতি (১৯৯৭) কথা (১৯৮৫), সুনিয়াৰাপা জ’ সংকট (১৯৯২) আৰু নয়ে চিৰে খা (১৯৯৮)।[3]

মতিলাল জটৱানীয়ে তেওঁৰ সাহিত্যিক অৱদানৰ বাবে ১৯৭৩-১৯৯৯ চনৰ ভিতৰত ভাৰত চৰকাৰৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ পৰা ছখন প্ৰশস্তি পত্ৰ আৰু বঁটা লাভ কৰিছিল।[2]তেওঁক ১৯৮৮ আৰু ১৯৯০ চনত ক্ৰমে দিল্লী চৰকাৰ আৰু উত্তৰ প্ৰদেশ চৰকাৰপৰাহিন্দী সাহিত্য বঁটা’ৰে সন্মানিত কৰে।[2]তেওঁ হিন্দী অকাডেমিৰপৰা ‘কৃতি পুৰস্কাৰ’, ‘সাহিত্য অকাডেমি বঁটা’ আৰু ‘সিন্ধ ৰতন’ বঁটা লাভ কৰিছিল।[3]তেওঁ সিন্ধ চৰকাৰৰপৰা ২০০৬ চনত ‘শ্বাহ আব্দুল লটিফ বঁটা’ সন্মান লাভ কৰে।[1][3]

২০০৮ চনৰ ২৮ জানুৱাৰী তাৰিখে হৃদপিণ্ডৰ ক্ৰিয়া বন্ধ হৈ মতিলাল জটৱানীৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁ তেওঁৰ পত্নী ৰাজ মটৱানী আৰু দুটি পুত্ৰ সন্তানক এৰি থৈ যায়।[1][3]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 1.3 1.4 1.5 1.6 "Scholar Motilal Jotwani is dead". Dawn. 31 January 2008. https://www.dawn.com/news/938632/scholar-motilal-jotwani-is-dead. 
  2. 2.00 2.01 2.02 2.03 2.04 2.05 2.06 2.07 2.08 2.09 2.10 "Sindhi Sangat". Sindhi Sangat. 2015. Archived from the original on 7 February 2015. https://web.archive.org/web/20150207161741/http://www.sindhisangat.com/sindhyat_details.asp?id=133। আহৰণ কৰা হৈছে: 7 February 2015. 
  3. 3.00 3.01 3.02 3.03 3.04 3.05 3.06 3.07 3.08 3.09 3.10 "Sindhistan". Sindhistan. January 2008. http://www.sindhishaan.com/article/personalities/pers_07_01.html। আহৰণ কৰা হৈছে: 7 February 2015. 
  4. "Padma Awards". Padma Awards. 2015. Archived from the original on 15 October 2015. https://web.archive.org/web/20151015193758/http://mha.nic.in/sites/upload_files/mha/files/LST-PDAWD-2013.pdf। আহৰণ কৰা হৈছে: 6 February 2015. 
  5. "Bio". Bio. 2015. http://padmashridrmotilaljotwani.weebly.com/। আহৰণ কৰা হৈছে: 7 February 2015. 
  6. Motilal Wadhumal Jotwani (1998). Gandhiji on Sindh and the Sindhis. Sindhi Academy. পৃষ্ঠা. 554. ISBN 9788187096030. https://books.google.com/books?id=1BtuAAAAMAAJ. 
  7. Motilal Jotwani (2005). Some Representative Texts. Aditya Books. পৃষ্ঠা. 159. ISBN 978-8185353517. Archived from the original on 2016-06-17. https://web.archive.org/web/20160617143946/http://www.adityabooks.in/bookdetails.asp?id=494। আহৰণ কৰা হৈছে: 2025-09-30. 
  8. Motilal Jotwani (2006). Sindhis Through the Centuries. Aditya Books. পৃষ্ঠা. 166. ISBN 9788185353531. Archived from the original on 2016-06-17. https://web.archive.org/web/20160617143111/http://www.adityabooks.in/bookdetails.asp?id=489। আহৰণ কৰা হৈছে: 2025-09-30. 
  9. Motilal Jotwani (2007). Dictionary of Sindhi Literature. Aditya Books. ISBN 978-8185353579. 
  10. S. K. Bose (January 1976). "Shah Abdul Latif: His Life and Work by Motilal Jotwani". India International Centre Quarterly খণ্ড 3 (1): 74–76.