মথুৰা
মথুৰা | |
|---|---|
নগৰ | |
ওপৰৰ পৰা ঘড়ীৰ কাঁটাৰ দিশত: যমুনা নদীৰ পাৰৰ বিশ্ৰাম ঘাট, কৃষ্ণ জন্মস্থান মন্দিৰ কমপ্লেক্স, মথুৰা সংগ্ৰহালয়, কংস কিলা আৰু মথুৰাত হোলী উদযাপন | |
| উপনাম(সমূহ): Krishnanagri; The City of Lord Krishna | |
| স্থানাংক: 27°29′33″N 77°40′25″E / 27.4925°N 77.67361°Eস্থানাংক: 27°29′33″N 77°40′25″E / 27.4925°N 77.67361°E | |
| Country | |
| State | Uttar Pradesh |
| District | Mathura |
| Division | Agra |
| Settled | 1100 BCE |
| চৰকাৰ | |
| • ধৰণ | মিউনিচিপাল ক’ৰ্পৰেচন |
| • পৰিচালনা | মথুৰা-বৃন্দাবন মিউনিচিপাল ক’ৰ্পৰেচন |
| • মেয়ৰ | বিনোদ আগৰৱাল[1] (BJP) |
| • Member of Legislative Assembly | শ্ৰীকানত শৰ্মা (BJP) |
| • Member of Parliament | হেমা মালিনী (BJP) |
| কালি | |
• মুঠ |
৩৯ বৰ্গকিমি (১৫ বৰ্গমাইল) |
| জনসংখ্যা (2011) | |
• মুঠ |
৪,৪১,৮৯৪ |
| • ঘনত্ব | ১১,০০০/বৰ্গকিমি (২৯,০০০/বৰ্গমাইল) |
মথুৰা ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্যৰ মথুৰা জিলাৰ এখন চহৰ আৰু প্ৰশাসনিক মুখ্য কাৰ্যালয়। ই দিল্লীৰপৰা ১৬২ কিলোমিটাৰ (১০১ মাইল) দক্ষিণ-পূবে অৱস্থিত; আৰু বৃন্দাবন চহৰৰপৰা প্ৰায় ১৫ কিলোমিটাৰ (৯.৩ মাইল) দূৰত। প্ৰাচীন কালত মথুৰা আছিল এক অৰ্থনৈতিক কেন্দ্ৰ, গুৰুত্বপূৰ্ণ কাৰাভান পথৰ সংযোগস্থলত অৱস্থিত। ২০১১ চনৰ ভাৰতৰ লোকপিয়লত মথুৰাৰ জনসংখ্যা ৪৪১,৮৯৪ জন বুলি ধাৰ্য কৰা হৈছে।
হিন্দু ধৰ্মত অন্যতম প্ৰধান দেৱতা কৃষ্ণৰ জন্মস্থান মথুৰাত কৃষ্ণ জন্মস্থান মন্দিৰ প্ৰাসাদ অৱস্থিত বুলি বিশ্বাস কৰা হয়।[5] হিন্দুসকলে পৱিত্ৰ বুলি গণ্য কৰা সাতখন নগৰ বা সপ্ত পুৰীৰ ভিতৰত ই অন্যতম, যাক মোক্ষদায়িনী তীৰ্থ বুলিও কোৱা হয়। প্ৰাচীন কালত কৃষ্ণৰ জন্মস্থান(ভূ-গৰ্ভস্থ কাৰাগাৰ)তেই কেশৱ দেও মন্দিৰ নিৰ্মাণ কৰা হৈছিল। মথুৰা আছিল কৃষ্ণৰ মাতৃৰ ককায়েক কংস শাসিত সুৰসেন ৰাজ্যৰ ৰাজধানী। মথুৰা কৃষ্ণ লীলাভূমি(মথুৰা, বৃন্দাবন, বৰসনা, গোবৰ্ধন, কুৰুক্ষেত্ৰ, দ্বাৰকা আৰু ভালকা)ৰ অংশ। প্ৰতি বছৰে মথুৰাত কৃষ্ণ জন্মাষ্টমী মহা আড়ম্বৰেৰে পালন কৰা হয়।
ভাৰত চৰকাৰৰ ঐতিহ্য নগৰ উন্নয়ন আৰু বৃদ্ধি যোজনা আঁচনিৰ দ্বাৰা মথুৰাক অন্যতম ঐতিহ্যমণ্ডিত চহৰ হিচাপে নিৰ্বাচিত কৰা হৈছে।[6]
ইতিহাস
[সম্পাদনা কৰক]পৰম্পৰাগতভাৱে এইটো বিশ্বাস কৰা হয় যে, শত্ৰুঘ্নই মধুৱনৰ স্থানত যাদৱ লৱণক হত্যা কৰি মথুৰা প্ৰতিষ্ঠা কৰিছিল। ৰামায়ণৰ মতে ইয়াক মধুই (যাদু জনগোষ্ঠীৰ এজন ব্যক্তি) প্ৰতিষ্ঠা কৰিছিল। পিছলৈ মধুৰ পুত্ৰ লৱণাসুৰ শত্ৰুঘ্নৰ হাতত পৰাস্ত হয়।[7][8]




মথুৰা, ব্ৰজৰ সাংস্কৃতিক অঞ্চলৰ কেন্দ্ৰভূমি,[4] ইয়াৰ প্ৰাচীন ইতিহাস আছে আৰু ইয়াক যদু বংশৰ অন্তৰ্গত কৃষ্ণৰ গৃহভূমি আৰু জন্মস্থান বুলিও বিশ্বাস কৰা হয়। মথুৰা সংগ্ৰহালয়ত থকা ভাৰতৰ প্ৰত্নতাত্ত্বিক জৰীপ ফলক অনুসৰি[9] এই চহৰখনৰ উল্লেখ আটাইতকৈ পুৰণি ভাৰতীয় মহাকাব্য ৰামায়ণত পোৱা যায়। মহাকাব্যখনত ইক্ষ্ৱাকু ৰাজকুমাৰ শত্ৰুঘ্নই লৱণাসুৰ নামৰ এটা অসুৰক বধ কৰি সেই ভূমি অধিকাৰ কৰে। পাছত, সেই ঠাইখন মধুৱন নামেৰে জনাজাত হ’ল কাৰণ ইয়াত ডাঠ কাঠনি আছিল, তাৰ পিছত মধুপুৰা আৰু পিছলৈ মথুৰা নাম পালে।[10] মথুৰাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ তীৰ্থস্থান আছিল কাটৰা (‘বজাৰ স্থান’), যিটো বৰ্তমান কৃষ্ণ জন্মস্থান (‘কৃষ্ণৰ জন্মস্থান’) বুলি কোৱা হয়। এই স্থানত খননত খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতিকাৰ মৃৎশিল্প আৰু টেৰাকোটা, গুপ্ত যুগৰ যশ বিহাৰ নামৰ মঠকে ধৰি এটা বৃহৎ বৌদ্ধ কমপ্লেক্সৰ অৱশিষ্ট আৰু একে যুগৰ জৈন ভাস্কৰ্য্যও পোৱা যায়।[11][12]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "BJP's mayoral candidate from Mathura Vinod Agarwal wins". ET Now News. 13 May 2023. https://www.etnownews.com/news/live-mathura-vrindavan-mayor-election-result-2023-counting-news-online-latest-updates-vinod-agarwal-bjp-raja-mohtasim-ahmed-bsp-liveblog-100204223। আহৰণ কৰা হৈছে: 22 May 2023.
- ↑ "Mathura City". mohua.gov.in. https://mohua.gov.in/upload/uploadfiles/files/28UP_mathura_sfcp-min.pdf। আহৰণ কৰা হৈছে: 22 November 2020.
- ↑ 3.0 3.1 "52nd Report of the Commissioner for Linguistic Minorities in India". Ministry of Minority Affairsnclm.nic.in. http://nclm.nic.in/shared/linkimages/NCLM52ndReport.pdf। আহৰণ কৰা হৈছে: 7 December 2018.
- ↑ 4.0 4.1 Lucia Michelutti (2002). "Sons of Krishna: the politics of Yadav community formation in a North Indian town". PhD Thesis Social Anthropology. London School of Economics and Political Science University of London. পৃষ্ঠাসমূহ: 49. http://etheses.lse.ac.uk/2106/1/U613338.pdf। আহৰণ কৰা হৈছে: 20 May 2015.
- ↑ Prasad, Dev (2015). Krishna: A Journey through the Lands & Legends of Krishna. Jaico Publishing House. পৃষ্ঠা. 22. ISBN 978-81-8495-170-7. https://books.google.com/books?id=o0_5caqiUH0C&pg=PT22.
- ↑ উদ্ধৃতি ত্ৰুটি: অবৈধ
<ref>টেগ;holycityনামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই - ↑ Prasad, Prakash Charan (1977) (en ভাষাত). Foreign Trade and Commerce in Ancient India. Abhinav Publications. ISBN 978-81-7017-053-2. https://books.google.com/books?id=RSW8az3Q_dEC.
- ↑ Institute, Bhandarkar Oriental Research (1917) (en ভাষাত). Annals of the Bhandarkar Oriental Research Institute, Poona. The Institute. https://books.google.com/books?id=Q-ksAQAAMAAJ.
- ↑ Frederic Salmon Growse (1874). Mathura: A District Memoir. Government Press. https://archive.org/details/mathurdistrictme00grow/page/n3.
- ↑ Pargiter, F.E. (1972). Ancient Indian Historical Tradition, Delhi: Motilal Banarsidass, p.170.
- ↑ Meenakshi Jain (2019). Flight of Deities and Rebirth of Temples: Episodes from Indian History. Aryan Books International. পৃষ্ঠা. 66. ISBN 978-8173056192. https://books.google.com/books?id=lAQNxQEACAAJ.
- ↑ "History | District Mathura, Government of Uttar Pradesh | India" (en-US ভাষাত). https://mathura.nic.in/history/। আহৰণ কৰা হৈছে: 12 January 2021.