মদন শৰ্মা
| এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
| মদন শৰ্মা | |
|---|---|
| জন্ম | ১৯৫২ তেজপুৰ, অসম |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| পেচা | গল্পকাৰ, অনুবাদক, সাহিত্য সমালোচক, অধ্যাপক |
| উল্লেখযোগ্য কৰ্ম | জীৱনৰ মুখামুখি এদিন, তেজাল স্বপ্ন, বিশ্বসাহিত্য: স্ৰষ্টা আৰু সৃষ্টি |
মদন শৰ্মা (জন্ম: ১৯৫২) অসমীয়া সাহিত্যৰ এগৰাকী প্ৰতিষ্ঠিত গল্পকাৰ, অনুবাদক, সাহিত্য সমালোচক আৰু অধ্যাপক। তেওঁ আজিৰ কবিতা নামৰ আলোচনীৰ সম্পাদক আৰু বিশ্বকোষ (পঞ্চম খণ্ড)ৰো সম্পাদক আছিল। তেওঁ তেজপুৰ বিশ্ববিদ্যালয়ৰ হিউমেনিটিজ এণ্ড ছ'চিয়েল ছায়েন্সছ বিভাগৰ মুৰব্বী তথা ডীন হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
জন্ম
[সম্পাদনা কৰক]১৯৫২ চনত তেজপুৰত জন্মগ্ৰহণ কৰা মদন শৰ্মাৰ পিতৃগৃহ নলবাৰী জিলাৰ পশ্চিম চামতাত।
শিক্ষা
[সম্পাদনা কৰক]তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী, হায়দৰাবাদৰ Central Institute of English and Foreign Languages (CIEFL)ৰ পৰা প'ষ্টগ্ৰেজুৱেট ডিপ্ল'মা, আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা পি.এইচ.ডি ডিগ্ৰী লাভ কৰে।
কৰ্মজীৱন
[সম্পাদনা কৰক]তিনিচুকীয়া মহাবিদ্যালয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অধ্যাপনা কৰাৰ পিছত তেজপুৰ বিশ্ববিদ্যালয়ত হিউমেনিটিজ এণ্ড ছ'চিয়েল ছায়েন্সেছ বিভাগৰ মুৰব্বী আৰু ডীন হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
সাহিত্যজীৱন
[সম্পাদনা কৰক]গল্প সংকলন
[সম্পাদনা কৰক]- জীৱনৰ মুখামুখি এদিন (১৯৯৬)
- আৰু তোমাৰ মাত (১৯৯৮)
উপন্যাস
[সম্পাদনা কৰক]- তেজাল স্বপ্ন (১৯৯৪)
- এখন প্ৰেমৰ পৃথিৱী (২০০৩)
প্ৰবন্ধ সংকলন
[সম্পাদনা কৰক]- বিশ্বসাহিত্য: স্ৰষ্টা আৰু সৃষ্টি (২০০৪)
- অসমীয়া ভাষা শিক্ষণ পদ্ধতি (১৯৯৫)
- কথা বয়ন
সম্পাদিত গ্ৰন্থ
[সম্পাদনা কৰক]- অসমীয়া গদ্য আধুনিক যুগ ১৯৪৫–২০০০
বঁটা আৰু পুৰস্কাৰ
[সম্পাদনা কৰক]- মাধবীলতা সাহিত্য বঁটা (২০১৯–২০) – ভাষা, সাহিত্য আৰু শিশু সাহিত্যত অৱদানৰ স্বীকৃতি
- ১৯৭২ চনত দৈনিক অসম-এ নতুন লেখকৰ সন্ধানত পতা প্ৰতিযোগিতাত পুৰস্কৃত।
তথ্য উৎস
[সম্পাদনা কৰক]- কথা বৰেণ্য ১০০, সম্পাদক: শোণিত বিজয় দাস আৰু মুনীন বায়ন, কথা প্ৰকাশন, গুৱাহাটী, ২০০৬, পৃষ্ঠা ২৬০-২৬১