মদীহা গৌহৰ
| মদীহা গৌহৰ | |
|---|---|
| জন্ম | ২১ ছেপ্তেম্বৰ ১৯৫৬ কৰাচী, পাকিস্তান |
| মৃত্যু | ২৫ এপ্ৰিল, ২০১৮ (৬১ বছৰ) লাহোৰ, পাকিস্তান |
| পেচা |
|
| সক্ৰিয় হৈ থকা সময় | ১৯৭৩ – ২০১৮ |
| দাম্পত্যসঙ্গী | শ্বাহীদ নদীম |
মদীহা গৌহৰ (ইংৰাজী: Madeha Gauhar; ২১ ছেপ্টেম্বৰ ১৯৫৬ – ২৫ এপ্ৰিল ২০১৮) এগৰাকী পাকিস্তানী টিভি আৰু মঞ্চ অভিনেত্ৰী, নাট্যকাৰ আৰু সামাজিক থিয়েটাৰৰ পৰিচালক, আৰু নাৰী অধিকাৰ কৰ্মী। ১৯৮৪ চনত তেওঁ আজোকা থিয়েটাৰ প্ৰতিষ্ঠা কৰে য’ত ভ্ৰাম্যমাণ থিয়েটাৰ, ৰাজপথ আৰু ৰাজহুৱা স্থানত সামাজিক বিষয়বস্তু মঞ্চস্থ কৰা হয়। আজোকা থিয়েটাৰৰ সৈতে তেওঁ এছিয়া আৰু ইউৰোপত অভিনয় কৰিছিল।[1] ১৯৭০, ১৯৮০ আৰু ১৯৯০ চনত পাকিস্তানৰ টেলিভিছন পৰ্দাত তেওঁৰ অন্যতম আগশাৰীৰ অভিনেত্ৰী আছিল।[2]
চমু জীৱনী
[সম্পাদনা কৰক]১৯৫৬ চনত পাকিস্তানৰ কৰাচীত মদীহা গৌহৰে জন্মগ্ৰহণ কৰিছিল। চৰকাৰী কলেজ লাহোৰৰ পৰা ইংৰাজী সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ ইংলেণ্ডলৈ গুচি যায় আৰু তাৰ পৰাই লণ্ডন বিশ্ববিদ্যালয়ত নাট্য বিজ্ঞান অধ্যয়ন কৰি আন এটা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।[3][4]
১৯৮৩ চনত পঢ়া-শুনা সম্পূৰ্ণ কৰি জন্মভূমিলৈ উভতি আহি লাহোৰত বসতি স্থাপন কৰে। ১২ ফেব্ৰুৱাৰীত মহিলা মাৰ্চৰ সৈতে জড়িত হৈ আছিল তেওঁ আৰু আনসকলে শাসন ব্যৱস্থাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল। তেওঁক এজন আৰক্ষী বিষয়াই পিছলৈ ঠেলি দিয়াৰ ফটো তোলা হৈছিল।[5]
গৌহৰ আৰু তেওঁৰ স্বামী শ্বাহিদ নাদীমে ১৯৮৪ চনত আজোকা থিয়েটাৰ প্ৰতিষ্ঠা কৰে।[1][6] আজোকাই (ইংৰাজী:বৰ্তমান) ভাণ্ড আৰু নৌতংকিৰ মৌখিক পৰম্পৰাৰ বিষয়ে বিশদভাৱে কৈছে আৰু পঞ্জাৱ প্ৰদেশৰ ওপৰত ওপৰত থকা অঞ্চলটোত এক সমৃদ্ধিশালী ভিত্তি বিচাৰি পাইছিল। ব্ৰিটেইন আৰু চীনত শৈক্ষিক পটভূমি থকাৰ পিছতো গৌহৰে গতানুগতিক ধ্ৰুপদী পশ্চিমীয়া নাট্য কৌশলৰ মাজতে সীমাবদ্ধ নাথাকিল। বৰঞ্চ সমসাময়িক আৱেগৰ সৈতে প্ৰামাণিক পাকিস্তানী উপাদানসমূহ সন্নিৱিষ্ট কৰাৰ লক্ষ্য লৈছিল। আজোকাৰ সৈতে গৌহৰে পাকিস্তানত, আৰু তাৰ পিছত আন বহু দেশত অনুষ্ঠান পৰিৱেশন কৰিছিল। এই দলটোৱে ভাৰত, বাংলাদেশ, নেপাল আৰু শ্ৰীলংকা আদি অঞ্চলৰ লগতে ইউৰোপৰ কেইবাখনো দেশত অনুষ্ঠান পৰিৱেশন কৰিছিল।[4]
২০০৬ চনত নেদাৰলেণ্ডৰ পৰা প্ৰিন্স ক্লজ বঁটাৰে সন্মানিত হয়।[7] ২০০৭ চনত তেওঁ আন্তঃৰাষ্ট্ৰীয় থিয়েটাৰ পাস্তা বঁটা লাভ কৰে।[8]
২০০৭ চনত আজোকাই গৌহৰৰ ৰচনা আৰু পৰিচালিত নাটক বুৰ্কাভাগাঞ্জা (বুৰ্কা-ভাগাঞ্জা) পৰিৱেশন কৰে, যাৰ ফলত যথেষ্ট বিতৰ্কৰ সৃষ্টি হয়। বোৰ্খা পিন্ধা অভিনেতাসকলে যৌন বৈষম্য, অসহিষ্ণুতা আৰু ধৰ্মান্ধতাৰ বিষয়বস্তু অভিনয় কৰিছিল। তেওঁৰ নিজৰ দেশত সংসদৰ সদস্যসকলে এই অনুষ্ঠানত নিষেধাজ্ঞা আৰোপ কৰাৰ আহ্বান জনাইছিল আৰু সাংস্কৃতিক মন্ত্ৰীয়ে মঞ্চ নাটক চলি থাকিলে নিষেধাজ্ঞা আৰোপ কৰাৰ ভাবুকি দিছিল। অৱশেষত ভাবুকি হিচাপে মঞ্চ নাটকখনৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰা হয় যদিও বেচৰকাৰী সংস্থা আৰু মহিলা অধিকাৰ কৰ্মীসকলে নাটকখন ইংৰাজীলৈ অনুবাদ কৰি আজোকাক সমৰ্থন কৰাৰ চিন স্বৰূপে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নাটখন পৰিৱেশন কৰে।[9][10]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 "Madeeha Gauhar passes away in Lahore". The Nation (newspaper). 25 April 2018. https://nation.com.pk/25-Apr-2018/madeeha-gauhar-passes-away-lahore। আহৰণ কৰা হৈছে: 8 December 2019.
- ↑ "اجوکا تھیٹر کی بانی مدیحہ گوہر کی برسی". Hum News. September 24, 2022. https://www.humnews.pk/latest/157887/.
- ↑ STARBUZZ: Ajoka brings its act to Karachi Dawn (newspaper), Published 11 October 2008, Retrieved 10 September 2019
- ↑ 4.0 4.1 Singh Bajeli, Diwan (2 February 2007) A voice for peace and amity The Hindu (newspaper), Retrieved 10 December 2019
- ↑ Pk, Voice (2021-04-25). "Remembering Madeeha" (en-US ভাষাত). Voicepk.net. https://voicepk.net/2021/04/remembering-madeeha/। আহৰণ কৰা হৈছে: 2022-05-09.
- ↑ "Pakistani theatre activist and peace campaigner Madeeha Gauhar dies aged 61". Hindustan Times (newspaper). 25 April 2018. https://www.hindustantimes.com/world-news/pakistani-theatre-activist-and-peace-campaigner-madeeha-gauhar-dies-aged-61/story-5IG5YD1NHSyKp0BOpCyZsI.html। আহৰণ কৰা হৈছে: 10 December 2019.
- ↑ Prince Claus Awards award winners of 2006 (Madeeha Gauhar listed on Laureate Database)[সংযোগবিহীন উৎস] Retrieved 10 December 2019
- ↑ "Madeeha Gauhar (interview)". Theatre Pasta website. 16 July 2011. Archived from the original on 19 February 2012. https://web.archive.org/web/20120219114602/http://theatrepasta.com/?p=81। আহৰণ কৰা হৈছে: 10 December 2019.
- ↑ Rehman, Sonya (20 June 2008) Viva Ajoka! WordPress.com website, Retrieved 8 December 2019
- ↑ Krishan Kumar Rattu (3 May 2018). "Feminist voice of the Subcontinent". The Hindu. https://www.thehindu.com/entertainment/theatre/feminist-voice-of-the-subcontinent/article23759931.ece। আহৰণ কৰা হৈছে: 10 December 2019.