মধুবালা (১৯৫০ চলচ্চিত্ৰ)
| মধুবালা | |
|---|---|
| পৰিচালক | প্ৰহ্লাদ দত্ত |
| কাহিনী | আৰ চি চৌধুৰী |
| অভিনয়ত | দেৱ আনন্দ মধুবালা |
| চিত্ৰগ্ৰহণকাৰী | ডি চি মেহতা |
| সম্পাদনা | এচ জি ছৱন্দে |
| সংগীত পৰিচালক | লাচ্চিৰাম |
মুক্তি |
১৬ ছেপ্টেম্বৰ ১৯৫০ |
| দেশ | ভাৰত |
| ভাষা | হিন্দী |
মধুবালা' (ইংৰাজী: Madhubala ) ১৯৫০ চনৰ প্ৰহ্লাদ দত্তৰ পৰিচালনাত নিৰ্মিত ভাৰতীয় হিন্দী ভাষাৰ ৰোমান্টিক নাট্যধৰ্মী ছবি। ছবিখনত মধুবালাই এনে এগৰাকী মহিলাৰ চৰিত্ৰত অভিনয় কৰিছে, যি দেউতাকৰ অজস্ৰ ধন-সম্পদৰ উত্তৰাধিকাৰী। তেওঁক কেইবাজনো লোকে ফুচলাবৰ চেষ্টা কৰিছে আৰু তেওঁ প্ৰকৃত প্ৰেমৰ সন্ধান কৰিছে। দেৱ আনন্দই তেওঁৰ প্ৰেমিকৰ ৰূপত অভিনয় কৰিছে। আন গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে জীৱন, ৰণধীৰ আৰু ৰমেশ ঠাকুৰে।[1] মধুবালা আৰু দেৱ আনন্দই একেলগে অভিনয় কৰা বহু ছবিৰ ভিতৰত এইখনেই আছিল প্ৰথমখন ছবি।[2][3]
নিৰ্মাণ
[সম্পাদনা কৰক]১৯৪৬ চনত মধুবালাৰ বয়স যেতিয়া ১৩ বছৰ আৰু কিশোৰী চৰিত্ৰত অভিনয় কৰি আছিল, সেই সময়তে তেওঁৰ গৰ্ভৱতী মাতৃ হঠাতে অতি অসুস্থ হৈ পৰে। তেওঁৰ জীৱন বচাবলৈ এখন ভাল চিকিৎসালয়ৰ প্ৰয়োজন হৈছিল। গোটেই পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী মধুবালাক সেই সময়ত মাত্ৰ ৩০০ টকাকৈ দিয়া হৈছিল, আনহাতে চিকিৎসালয়ৰ মাচুল ২০০০ টকাতকৈ কম নাছিল। এই প্ৰয়োজনীয়তাৰ সময়ত ৰঞ্জিত ষ্টুডিঅ’ৰ চন্দুলাল শ্বাহে তেওঁক আৰ্থিকভাৱে সহায় কৰে।
এই ঘটনা আৰু শ্বাহৰ দয়াই মধুবালাৰ জীৱনত গভীৰ প্ৰভাৱ পেলায়। যাৰ বাবে মধুবালা জনপ্ৰিয় তাৰকা হৈছিল, ১৯৫০ চনত ষ্টুডিঅ’টোৱে বেয়া সময়ৰ মাজেৰে দিন পাৰ কৰিছিল। এই সময়ত মধুবালাই কেৱল ষ্টুডিঅ’টোৰ এখন ছবিত অভিনয় কৰিবলৈ সন্মত হোৱাই নহয়, আনকি ছবিখনত অভিনয় কৰাৰ বাবদ তেওঁ কোনো পাৰিশ্ৰমিকো লোৱা নাছিল। ফলস্বৰূপে অভিনেত্ৰীগৰাকীৰ নামেৰে ছবিখনক মধুবালা নামেৰে নামকৰণ কৰা হয়।[4]
প্ৰসংগ
[সম্পাদনা কৰক]গ্ৰন্থ
[সম্পাদনা কৰক]- Akbar, Khatija (1997). Madhubala: Her Life, Her Films. UBS Publishers Distributors. ISBN 9788174761538.
- Deep, Mohan (1996). The Mystery and Mystique of Madhubala. Magna Publishing Co. Ltd. ISBN 1906574219.
উদ্ধৃতি
[সম্পাদনা কৰক]- ↑ "Madhubala (1950) Cast - Actor, Actress, Director, Producer, Music Director". Cinestaan. https://www.cinestaan.com/movies/madhubala-1725/cast-crew। আহৰণ কৰা হৈছে: 2021-02-02.
- ↑ "Madhubala (1950) - Review, Star Cast, News, Photos". Cinestaan. https://www.cinestaan.com/movies/madhubala-1725। আহৰণ কৰা হৈছে: 2021-02-02.
- ↑ "Madhubala (1950) – Review – Cineplot.com" (en-US ভাষাত). https://cineplot.com/madhubala-1950-review/। আহৰণ কৰা হৈছে: 2021-02-02.
- ↑ "Madhubala (1950) – Review – Cineplot.com" (en-US ভাষাত). https://cineplot.com/madhubala-1950-review/। আহৰণ কৰা হৈছে: 2021-03-01.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- মধুবালা (১৯৫০ চলচ্চিত্ৰ) সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।