সমললৈ যাওক

মধুমতী গোস্বামী

অসমীয়া ৱিকিপিডিয়াৰ পৰা

মধুমতী গোস্বামী (ইংৰাজী: Madhumati Goswami) অসমৰ এগৰাকী অনাতাঁৰ কণ্ঠশিল্পী।[1] আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা তেওঁৰ গীতসমূহ প্ৰচাৰ হৈছিল। আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰপৰা ১৯৭৮ চনত স্বীকৃতি লাভ কৰাৰ পাছৰে পৰা তেওঁ নিয়মীয়াকৈ আকাশবাণীত গীত পৰিবেশন কৰি আহিছিল আৰু শ্ৰোতাৰ মাজত জনপ্ৰিয় হৈ পৰিছিল।

তেওঁ ভূপেন হাজৰিকাৰ সৈতে দ্বৈত কণ্ঠত গীত পৰিৱেশন কৰিছিল।[1]

জন্ম আৰু শিক্ষা

[সম্পাদনা কৰক]

মধুমতী গোস্বামীৰ জন্ম হৈছিল তিনিচুকীয়াত। স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল তিনিচুকীয়া বেংগলী হায়াৰ চেকেণ্ডেৰী স্কুলত আৰু কলেজীয়া শিক্ষা লাভ কৰিছিল তিনিচুকীয়া উইমেনছ কলেজৰপৰা।

সংগীতৰ অৱদান

[সম্পাদনা কৰক]

১৯৮৫ চনত প্ৰদীপ দহোটীয়াৰ সৈতে 'জুৰ মলয়া' শীৰ্ষক কেছেট এটিত কণ্ঠদান কৰি শ্ৰোতাসকলৰ মাজত কণ্ঠশিল্পী ৰূপে জনপ্ৰিয়তা লাভ কৰে।[2]

মধুমতী গোস্বামীৰ কণ্ঠৰ জনপ্ৰিয় গীতসমূহ-

  • অ জুৰ মলয়া কোন দেশলৈ বাতৰি নিয়া (কথা-সুৰঃ প্ৰদীপ দহোটীয়া)
  • ৰূপালী নদী ( কথা- সুৰঃ প্ৰদীপ দহোটীয়া)
  • জোনে সন্ধিয়া আনে ( কথা-সুৰঃ প্ৰদীপ দহোটীয়া) প্ৰদীপ দহোটীয়াৰ সৈতে দ্বৈত কণ্ঠ।
  • কাৰ পৰশত বিজন বনত ফুলিল হিয়াৰ ফুলবোৰ ( কথাঃ নলিনীৱালা দেৱী)প্ৰদীপ দহোটীয়াৰ সৈতে দ্বৈত কণ্ঠত।
  • মোক অলপ অশ্ৰু দিয়া।
  • আহিনে আনিলে মোৰ মনলৈ হেৰুৱা দিনৰ স্মৃতি...আদি।

তথ্যৰ উৎস

[সম্পাদনা কৰক]
  1. 1 2 "মধুমতী গোস্বামী". গীত সংকলন. https://geetsankalan.com/singers/Modhumoti_Goswami আহৰণ কৰা হৈছে: 19 July 2025.
  2. অসমীয়া আধুনিক সংগীতৰ ৰূপকাৰসকল,লোকনাথ গোস্বামী