মধুশালা
| মধুশালা | |
|---|---|
| লেখক | হৰিবংশ ৰায় বচ্চন |
| দেশ | ভাৰত |
| ভাষা | হিন্দী |
| প্ৰকাৰ | হিন্দী কবিতা |
| প্ৰকাশক | হিন্দ পকেট বুকছ্ |
| প্ৰকাশ | ২০১৫ |
| মিডিয়া প্ৰকাৰ | ছপা (হাৰ্ড বেক আৰু পেপাৰ বেক) |
| আই.এচ.বি.এন. | 81-216-0125-8 |
| পৰৱৰ্তী | মধুবালা |
মধুশালা হ'ল প্ৰসিদ্ধ হিন্দী কবি তথা লেখক হৰিবংশ ৰায় বচ্চনৰ অনুপম কাব্যগ্ৰন্থ। ইয়াত ১৩৫ টা ৰুবায়েট (অৰ্থাৎ চাৰিটা শাৰীৰ কবিতা) আছে। বিংশ শতিকাৰ আৰম্ভণিত হিন্দী সাহিত্যৰ অত্যন্ত মহত্বপূৰ্ণ ৰচনাৰ ভিতৰত মধুশালা অন্যতম য'ত চুফীবাদ প্ৰতিফলিত হৈছে।
প্ৰসিদ্ধি
[সম্পাদনা কৰক]১৯৩৫ চনত মধুশালা প্ৰথমে প্ৰকাশিত হৈছিল। কবি সন্মিলনসমূহত হৰিবংশ ৰায় বচ্চনে মধুশালাৰ ৰুবায়েটবোৰ পাঠ কৰি বিশেষ প্ৰসিদ্ধি লাভ কৰিছিল আৰু মধুশালা খুব বিক্ৰী হৈছিল। প্ৰতিবছৰে মধুশালাৰ দুই-তিনিটা সংস্কৰণ ছপোৱা হৈছিল।
মধুশালাৰ প্ৰত্যেক ৰুবায়েট মধুশালা শব্দৰে সমাপ্ত হৈছে। হৰিবংশ ৰায় বচ্চনে মধু, মদিৰা, হালা(সুৰা), সাকী(সুৰা বিক্ৰেতা), প্যালা(গিলাচ), মধুশালা আৰু মদিৰালয়ৰ সহায়েৰে জীৱনৰ জটিলতাৰ বিশ্লেষণ কৰিবলৈ প্ৰয়াস কৰিছিল। মধুশালা যেতিয়া প্ৰথমে প্ৰকাশিত হৈছিল তেতিয়া সুৰাৰ প্ৰশংসা কৰা বাবে কিছু লোকে তেখেতৰ সমালোচনা কৰিছিল। বচ্চনৰ আত্মকথামতে মহাত্মা গান্ধীয়ে মধুশালাৰ পাঠ শুনি কৈছিল যে মধুশালাৰ সমালোচনা উচিত হোৱা নাই।
মধুশালা বচ্চনৰ ৰচনাত্ৰয় মধুবালা আৰু মধুকলশৰ অংশ। ওমৰ খৈয়ামৰ ৰুবায়েটৰ আধাৰত বচ্চনে মধুশালা ৰচনা কৰিছিল। হৰিবংশ ৰায় বচ্চনে মধুশালাৰ প্ৰকাশনৰ পূৰ্বে ওমৰ খৈয়ামৰ ৰুবায়েট হিন্দীলৈ অনুবাদ কৰি উলিয়াইছিল। মধুশালাৰ ৰচনাৰ বাবে বচ্চনক "হালাবাদ কী পুৰোধা" আখ্যা দিয়া হৈছিল।
মিডিয়াত মধুশালা
[সম্পাদনা কৰক]পাছলৈ মধুশালা ইমানেই জনপ্ৰিয় হৈ পৰে যে ঠায়ে ঠায়ে ইয়াক নৃত্য-নাটিকাৰ ৰূপত প্ৰস্তুত কৰি তুলিছিল। মধুশালাৰ সুনিন্দা ৰুবায়েটবোৰ মান্না দেয়ে এলবামৰ ৰূপত প্ৰস্তুত কৰি উলিয়াইছিল। এই এলবামৰ প্ৰথমভাগ বচ্চনে নিজেই কণ্ঠদান কৰিছিল। হৰিবংশ ৰায় বচ্চনৰ পুত্ৰ অমিতাভ বচ্চনে নিউ ইয়ৰ্কৰ লিংকন ছেন্টৰৰ সৈতে বহু ঠাইত মধুশালাৰ ৰুবায়েটবোৰ পাঠ কৰিছিল।
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- কবিতাকোষত মধুশালা Archived 2014-07-06 at the Wayback Machine
- হিন্দী সময়ত মধুশালা