মধুশ্ৰাৱনী
| মধুশ্ৰাৱনী পূজা मधुश्रावणी पूजा | |
|---|---|
মিথিলাঞ্চলত মধুশ্ৰৱনী উদযাপন কৰা মহিলা | |
| অন্তৰ | বাৰ্ষিক |
| ঠাই | মিথিলা অঞ্চল |
| অংশগ্ৰহণকাৰী | নতুনকৈ বিয়া হোৱা কইনা |
| প্ৰকাৰ | জনপ্ৰিয় বিশ্বাসৰ উৎসৱ |
মধুশ্ৰাৱনী (ইংৰাজী: Modhushravani ) হৈছে মিথিলা অঞ্চলত নৱবিবাহিত মৈথিল মহিলাৰদ্বাৰা পালন কৰা এক হিন্দু উৎসৱ। ই জনপ্ৰিয় বিশ্বাস আৰু স্বামীৰ দীৰ্ঘায়ু আৰু মৈথিল ব্ৰাহ্মণ মহিলাৰ সুখী বিবাহিত জীৱনৰ বাবে বিখ্যাত।.[1][2][3] বিশ্বাস কৰা হয় যে দেৱী পাৰ্বতীয়ে প্ৰথমে মধুশ্ৰাৱণী পূজাৰ উপবাস পালন কৰিছিল আৰু সকলো জন্মতে ভগৱান শিৱক স্বামী হিচাপে পাবলৈ কামনা কৰিছিল। কিংবদন্তি অনুসৰি এই উৎসৱ এক তপস্যাৰ দৰে।
১৫ দিনীয়া এই উৎসৱ কৃষ্ণপক্ষৰ পঞ্চমীৰপৰা শাওন মাহৰ শুক্লপক্ষৰ তৃতীয়ালৈকে চলে।[1][4]
পালনীয় পৰম্পৰা
[সম্পাদনা কৰক]
এই ব্ৰতত বিয়াত শহুৰেকৰ ঘৰৰপৰা দিয়া কাপোৰ-কানি আৰু গহনা কইনাসকলে পিন্ধা নিয়ম। মধুশ্ৰাৱনী পূজাৰ সকলো সামগ্ৰী পূজা আৰম্ভ হোৱাৰ এদিন আগতে শহুৰেকৰ ঘৰৰ পৰা আহি পায়।[5] ফুল ছিঙি বিষাৰি মাতা, নাগ নাগিনী, কেচুৱা, হাতী, মাতৃ গৌৰীৰ মূৰ্তিবোৰক বিভিন্ন ধৰণৰ ফল-মূল, ফুল, মিঠাইৰে পূজা কৰিবলৈ আৰম্ভ কৰে। আৰু তাৰ পিছত শুনা হয় শিৱ বিবাহৰ কাহিনী। পূজাৰ সময়ত মাইনা পঞ্চমী, মংগল গৌৰী, পৃথ্বী জন্ম, মহাদেৱ কাহিনী, গৌৰী তপস্য, শিৱ বিবাহ, গংগা কাহিনী, বিহুলা কাহিনী, আৰু বাল বসন্ত কাহিনী আদি ১৪টা খণ্ডত কাহিনী কোৱা হয়।[5] গ্ৰাম্য মহিলাসকলে মধুশ্ৰাৱনী গীত গায়। ৰাজপথত সুৰীয়া মৈথিলী লোকগীতৰ অনুৰণন ঘটে। এই উৎসৱত ঘৰতে বনোৱা, সুস্বাদু, মিঠা খাদ্য আগবঢ়োৱা হয়। পূজাৰ সপ্তম, অষ্টম আৰু নৱম দিনা প্ৰসাদ হিচাপে খীৰ আগবঢ়োৱা হয়।[1][5] প্ৰতিদিনে সন্ধিয়া মহিলাসকলে আৰতি, সুহাগ গীত আৰু কোহবৰ গীত গাই ভগৱান শিৱক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰে। মহিলাসকলে দিনটোত এবাৰ আৰাভা খাদ্য খায়। মহিলাসকলে ৰাতিপুৱা আৰু গধূলি নাগ দেৱতাক গাখীৰ আৰু লাভা আগবঢ়ায়।
উৎসৱৰ অন্তিম দিনা কইনাসকলে এক কঠিন পৰীক্ষাৰ সম্মুখীন হয়। কইনাৰ হাত-ভৰিত কপাহী টেমিৰে মেৰিয়াই তাৰ ওপৰত পাণৰ পাত দি টেমিবোৰ জ্বলাই জ্বলাই দিয়া হয়।
চিত্ৰভাণ্ডাৰ
[সম্পাদনা কৰক]- Fruits offered in Madhushravani Puja.
- Maithili women doing Madhushravani
- Madhushravani Festival of Mithila
- Maithili Women
- Madhushravani celebrated
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- 1 2 3 "मधुश्रावणी पूजा शुरू होते ही गांवों की गलियां मैथिली लोक गीतों से गुंजायमान हुआ - मधुश्रावणी पूजा शुरू होते ही गांवों की गलियां मैथिली लोक गीतों से गुंजायमान हुआ - Bihar Araria Common Man Issues News" (hi ভাষাত). Jagran. https://www.jagran.com/bihar/araria-araria-srawani-puja-21874075.html। আহৰণ কৰা হৈছে: 2024-07-12.
- ↑ "Madhushravani: A festival celebrated by women of Mithila" (English ভাষাত). kathmandupost.com. https://kathmandupost.com/art-culture/2023/07/22/madhushravani-a-festival-celebrated-by-women-of-mithila। আহৰণ কৰা হৈছে: 2024-07-12.
- ↑ "madhushravani puja 2023 starts know role of brother" (hi ভাষাত). Prabhat Khabar. 2023-07-07. https://www.prabhatkhabar.com/state/bihar/madhushravani-puja-2023-starts-know-role-of-brother-in-mithila-and-all-vidhi-skt। আহৰণ কৰা হৈছে: 2024-07-12.
- ↑ "अधिकमास की वजह से डेढ़ माह का होगा मधुश्रावणी व्रत, जानें पर्व की मुख्य बातें" (hi ভাষাত). Navbharat Times. https://navbharattimes.indiatimes.com/astro/religion-rituals/festivals-and-fasts/madhushravani-2023-vrat-will-be-one-and-a-half-month-due-to-adhik-maas-know-the-main-things-of-the-festival/articleshow/101452762.cms। আহৰণ কৰা হৈছে: 2024-07-12.
- 1 2 3 राव, कुमुद रंजन (2022-07-18). "14 दिवसीय मधुश्रावणी व्रत शुरू, पति की लंबी आयु के लिए नवविवाहित महिलाएं करेंगी पूजा" (hi ভাষাত). www.abplive.com. https://www.abplive.com/states/bihar/madhushravani-vrat-14-day-madhushravani-vrat-starts-from-today-newly-married-women-will-worship-for-husband-long-life-ann-2170565। আহৰণ কৰা হৈছে: 2024-07-12.
