মধুসূদন
অৱয়ব


মধুসুদন বিষ্ণু বা কৃষ্ণৰ এটা উপনাম[1] আৰু বিষ্ণু সহস্ৰনামৰ ৭৩সংখ্যক নাম।[2] বিষ্ণু সহস্ৰনামৰ ওপৰত আদি শংকৰৰ টীকা অনুসৰি মধুসুদনৰ অৰ্থ হৈছে "মধুৰ ধ্বংসকাৰী।"
সাহিত্যত
[সম্পাদনা কৰক]মধুৰ মৃত্যু আৰু বিষ্ণুৰ উপনামৰ উৎপত্তিৰ বিষয়ে পদ্ম পুৰাণত বৰ্ণনা কৰা হৈছে এইদৰে:[3]
তাৰ পাছত আন্ধাৰেৰে আবৃত্ত হৈ মধু অদৃশ্য হৈ গ’ল। নিজৰ মায়াৰ দ্বাৰা তেওঁ বিষ্ণু(শৰীৰ)ৰ ওপৰত এশটা পৰ্বত পেলাই দিলে। তাৰ পাছত যুদ্ধত আন্ধাৰৰ মাজতে সোমাই পৰ্বতবোৰ কাটি পেলালে আৰু খঙেৰে নিজৰ সুদৰ্শন চক্ৰৰে মূৰটো কাটি পেলালে।তেতিয়া ব্ৰহ্মা আৰু শিৱ আদি দেৱতাই তেওঁক ‘মধুসূদন’ নামেৰে জগতত খ্যাতি দিলে।
— পদ্ম পুৰাণ, ধাৰা ১, অধ্যায় ৭২
উৎস
[সম্পাদনা কৰক]শ্ৰী বিষ্ণু সহস্ৰনামৰ পৰা উদ্ধৃত, শ্ৰী শংকৰাচাৰ্যৰ টীকা, স্বামী তপস্যানন্দৰ অনুবাদ, চেন্নাইৰ শ্ৰীৰামকৃষ্ণ মঠত উপলব্ধ; Indian web site and a US siteত পাব।