মধুৰিমা তুলি
| মধুৰিমা তুলি | |
|---|---|
২০২০ বৰ্ষত তুলি | |
| জন্ম | ১৯ আগষ্ট, ১৯৮৬ (৩৯ বছৰ) ওড়িশা, ভাৰত |
| পেচা | অভিনেত্ৰী, মডেল |
| সক্ৰিয় হৈ থকা সময় | ২০০৭–বৰ্তমান |
| জনা যায় | চন্দ্ৰকান্তা, বেবী, নাচ বলিয়ে ৯, বিগ বছ ১৩ |
মধুৰিমা তুলি (ইংৰাজী: Madhurima Tuli; জন্ম: ১৯ আগষ্ট ১৯৮৬) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল।[1][2] হিন্দী টেলিভিছনত তেওঁৰ কৰ্মৰাজিৰ ভিতৰত কাল্পনিক ধাৰাবাহিক কস্তুৰী, পৰিচয়, কুমকুম ভাগ্য, চন্দ্ৰকান্তা আৰু কয়ামত কী ৰাতৰ লগতে ৰিয়েলিটি শ্ব’ নাচ বলিয়ে ৯ আৰু বিগ বছ ১৩ অন্তৰ্ভুক্ত।[3] তেওঁ জনপ্ৰিয় হিন্দী ছবি যেনে বেবী (২০১৫), হমাৰী অধুৰী কাহানী (২০১৫) আৰু নাম শবানাতো (২০১৭) অভিনয় কৰিছে।
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]১৯৮৬ চনৰ ১৯ আগষ্টত ওড়িশাত তুলিৰ জন্ম হৈছিল।[4][5] তেওঁ উত্তৰাখণ্ডৰ ডেৰাডুনৰ নিবাসী। কলেজত পঢ়ি থকা সময়তে তেওঁ 'মিছ উত্তৰাঞ্চল' প্ৰতিযোগিতাত বিজয়ী হৈছিল।[5] তেওঁৰ পিতৃ টাটা ষ্টীলত কৰ্মৰত আছিল আৰু মাতৃ এগৰাকী বেচৰকাৰী সংস্থাৰ (NGO) কৰ্মী। তেওঁৰ শ্ৰীকান্ত তুলি নামৰ এজন কনিষ্ঠ ভাতৃ আছে,[6][7] যি 'SVMT Music' নামৰ এটা সংগীত লেবেলৰ গৰাকী।[8]
কেৰিয়াৰ
[সম্পাদনা কৰক]তুলিয়ে ২০০৪ চনত চাই কিৰণৰ বিপৰীতে তেলেগু ছবি সত্থাৰ জৰিয়তে অভিনয় জগতত ভৰি থৈছিল। তেওঁ মুম্বাইলৈ আহি কিশোৰ নমিত কাপুৰ এক্টিং স্কুলত অভিনয়ৰ শিক্ষা গ্ৰহণ কৰে আৰু গডৰেজ, ফিয়ামা ডি উইলছ, এয়াৰটেল, লেনোভো, আল্ট্ৰাট্ৰেক চিমেণ্ট, ডমিনোজ পিজ্জা আৰু কাৰ্বন মবাইলৰ দৰে ব্ৰেণ্ডৰ বিজ্ঞাপনত মডেল হিচাপে কাম কৰে।[9]
২০০৮ চনত জে. ডি. চক্ৰৱৰ্তীৰদ্বাৰা ৰচিত তথা পৰিচালিত ভাৰতীয় থ্ৰিলাৰ ছবি হোমমত তেওঁ সত্যা নামৰ এগৰাকী ধুনীয়া ছোৱালীৰ সহযোগী চৰিত্ৰত অভিনয় কৰে।[10][11] এই ছবিখন মাৰ্টিন স্কোৰচেজৰ ২০০৬ চনৰ হলিউড ছবি দ্য ডিপাৰ্টেডৰদ্বাৰা কিছু পৰিমাণে অনুপ্ৰাণিত আছিল।[12]
২০০৯ চনত টছ তেওঁৰ পৰৱৰ্তী ছবি আছিল য’ত তেওঁ চেৰীৰ চৰিত্ৰত অভিনয় কৰিছিল।[13] জি টিভিৰ অতিপ্ৰাকৃতিক ধাৰাবাহিক শ্ৰীত (২০০৮-২০০৯) বিন্ধিয়াৰ চৰিত্ৰত অভিনয় কৰাৰ পাছত তেওঁ ষ্টাৰ ৱানৰ টিভি ধাৰাবাহিক ৰং বদলতী ওঢ়নীত (২০১০-২০১১) এগৰাকী উচ্চাকাঙ্ক্ষী মডেল খুশীৰ চৰিত্ৰত অভিনয় কৰে।[14]
২০১০ চনত কালো ছবিত তেওঁ নৱ-বিবাহিতা ৰুক্মিণীৰ চৰিত্ৰত অভিনয় কৰিছিল। এই ছবিখন কেপ টাউনৰ ষষ্ঠ বাৰ্ষিক দক্ষিণ আফ্ৰিকাৰ হেল’ৱিন হৰৰ ফেষ্টিভেলত প্ৰদৰ্শিত হৈছিল আৰু ই শ্ৰেষ্ঠ ফিচাৰ ফিল্ম আৰু শ্ৰেষ্ঠ চিনেমেট’গ্ৰাফীৰ বঁটা লাভ কৰিছিল।[15][16] তেওঁ ডিনো মৰিয়াৰ সৈতে ৰিয়েলিটি শ্ব’ ফিয়েৰ ফেক্টৰ: খতৰোঁ কে খিলাড়ীৰ তৃতীয় ছিজনত অংশ লৈছিল।
২০১২ চনত তেওঁ প্ৰশান্ত নাৰায়ণনৰ সৈতে ছিগাৰেট কী তৰহ ছবিত মুখ্য চৰিত্ৰত অভিনয় কৰে।[17][18] ইয়াৰ উপৰি তেওঁ আনিক সিংঘালৰ ইংৰাজী চুটি ছবি লেথাল কমিছনত নাতাশাৰ চৰিত্ৰত অভিনয় কৰিছিল।[19]
তেওঁ কে. শিৱসূৰ্যৰ পৰিচালনাত মাৰীচা (২০১২) ছবিতো অভিনয় কৰিছিল। এই ছবিখন কানাড়া আৰু তামিল ভাষাত একেলগে নিৰ্মাণ কৰা হৈছিল।[20]
২০১৩ চনৰ থ্ৰিলাৰ ছবি ৱাৰ্নিংত তুলিয়ে গুঞ্জন দত্তৰ চৰিত্ৰত অভিনয় কৰিছিল।[21][22] তেওঁ সুভাষ ঘাইৰ প্ৰযোজনা আৰু হেমন্ত হেগড়েৰ পৰিচালনাত নিৰ্মিত কানাড়া ছবি নিমবে হুলিতো অভিনয় কৰিছিল।[23] ২০১৫ চনৰ একচন ছবি বেবীত তেওঁ অক্ষয় কুমাৰৰ পত্নী অঞ্জলি সিং ৰাজপুতৰ চৰিত্ৰত অভিনয় কৰি বিশেষ জনপ্ৰিয়তা লাভ কৰে।[24]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]২০১৭ চনত নিজৰ ধাৰাবাহিক চন্দ্ৰকান্তাৰ ছেটত তুলিয়ে অভিনেতা বিশাল আদিত্য সিঙক লগ পাইছিল আৰু পিছলৈ তেওঁৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিছিল। ২০১৮ চনত এবছৰ ডেটিং কৰাৰ পাছত তেওঁলোকৰ বিচ্ছেদ ঘটে।[25][26]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Khan, Asad (15 December 2012). "She has been selected for role of heroine in Hindi film Baby opposite Akshay Kumar who is one of the biggest star of Bollywood. Madhurima Tuli is on the roll". The Indian Express. http://www.indianexpress.com.
- ↑ Dasgupta, Piyali (15 September 2011). "Anik Singal a US citizen is all set to shoot in India". The Times of India. https://timesofindia.indiatimes.com.
- ↑ "Kumkum Bhagya actress Madhurima Tuli raises the temperature with her bikini pic". India Today. 16 January 2017. https://www.indiatoday.in.
- ↑ "Bigg Boss 13 fame Madhurima Tuli rings in her birthday with family; in pics and videos". The Times of India. 19 August 2020. https://timesofindia.indiatimes.com/tv/news/hindi/bigg-boss-13-fame-madhurima-tuli-rings-in-her-birthday-with-family-in-pics-and-videos/articleshow/77633326.cms.
- 1 2 "Madhurima Tuli takes a leap, goes to big screen : Glossary". India Today. 31 August 2013. https://www.indiatoday.in/magazine/glossary/story/20130909-madhurima-tuli-miss-uttarakhand-jhansi-ki-rani-765613-2013-08-30। আহৰণ কৰা হৈছে: 15 November 2013.
- ↑ "Meet the pretty face of horror!". Rediff.com. 17 December 2010. http://www.rediff.com/movies/slide-show/slide-show-1-madhurima-tuli-on-kaalo/20101217.htm। আহৰণ কৰা হৈছে: 15 November 2013.
- ↑ "Madhurima Tuli and her brother Srikant Tuli celebrate Raksha Bandhan with ETimes TV". The Times of India. 22 August 2021. https://timesofindia.indiatimes.com/videos/tv/hindi/madhurima-tuli-and-her-brother-srikant-tuli-celebrate-raksha-bandhan-with-etimes-tv/videoshow/85532961.cms.
- ↑ "Madhurima Tuli's brother Shrikant Tuli, announces his third song in association "Ek Raah"". bollyukmedia.com. 2 August 2021. Archived from the original on 11 November 2021. https://web.archive.org/web/20211111120444/https://bollyukmedia.com/madhurima-tulis-brother-shrikant-tuli-announces-his-third-song-in-association-ek-raah/। আহৰণ কৰা হৈছে: 11 November 2021.
- ↑ "Bigg Boss 13: From winning Miss Uttaranchal contest to being a part of Akshay Kumar's film; a look at Madhurima Tuli's lesser-known facts" (en ভাষাত). The Times of India. 4 December 2019. https://timesofindia.indiatimes.com/tv/news/hindi/bigg-boss-13-from-winning-miss-uttaranchal-contest-to-being-a-part-of-akshay-kumars-film-a-look-at-madhurima-tulis-lesser-known-facts/photostory/72355995.cms.
- ↑ "Homam music launch - Telugu cinema - Jagapati Babu, JD Chakravarthy, Mamata Mohandas & Madhurima". Idlebrain.com. 3 August 2008. http://www.idlebrain.com/news/functions/audio-homam.html। আহৰণ কৰা হৈছে: 15 November 2013.
- ↑ "Madhurima Tuli, actress" (en ভাষাত). Deccan Herald. 5 September 2018. https://www.deccanherald.com/metrolife/madhurima-tuli-actress-691240.html.
- ↑ "Interview with JD on Homam". Totaltollywood.com. 27 August 2008. Archived from the original on 8 September 2008. https://web.archive.org/web/20080908115152/http://www.totaltollywood.com/interviews/Interview-with-JD-on-Homam_2494.html। আহৰণ কৰা হৈছে: 14 November 2013.
- ↑ iBaburao. "Toss 2009 Hindi Movie". Ibaburao.com. http://www.ibaburao.com/movie/toss-2009-hindi-movie-5MT9jLb। আহৰণ কৰা হৈছে: 15 November 2013.
- ↑ "Madhurima Tuli enters in Rang Badalti Odhani on Star One". Metromasti.com. 20 June 2011. http://www.metromasti.com/tv/news/Madhurima-Tuli-enters-in-Rang-Badalti-Odhani-on-Star-One/9723। আহৰণ কৰা হৈছে: 15 November 2013.
- ↑ Dedhia, Sonil (14 December 2010). "Awards are really not new to me". Rediff.com. http://www.rediff.com/movies/report/wilson-louis-on-kaalo/20101214.htm। আহৰণ কৰা হৈছে: 15 November 2013.
- ↑ "'Kaalo' India's First Daytime Creature Feature". Horror-movies.ca. 17 December 2010. http://www.horror-movies.ca/horror_19482.html। আহৰণ কৰা হৈছে: 15 November 2013.
- ↑ "'Madhuri is a complete actor': Madhurima Tuli - Daily The Shadow Newspaper Jammu Kashmir". Theshadow.in. 16 December 2012. Archived from the original on 17 May 2014. https://web.archive.org/web/20140517233810/http://www.theshadow.in/newsdet.aspx?q=74061। আহৰণ কৰা হৈছে: 15 November 2013.
- ↑ Hyderabad Deccan News. "Movie Review - Cigarette Ki Tarah". Newswala.com. Archived from the original on 18 May 2014. https://web.archive.org/web/20140518002337/http://www.newswala.com/Entertainment-News/Movie-Review-Cigarette-Ki-Tarah-25383.html। আহৰণ কৰা হৈছে: 15 November 2013.
- ↑ "Lethal Commission (full movie official) - Free Movie Videos, Movie Trailers, Film Trailers, Interviews and Gossip". NME. http://www.nme.com/movies/trailers/id/mQwZSQl65cQ/search/movie। আহৰণ কৰা হৈছে: 15 November 2013.
- ↑ Y Maheswara Reddy (29 November 2011). "Maaricha: A thriller on honeymoon". The Indian Express. Archived from the original on 10 November 2013. https://web.archive.org/web/20131110071013/http://newindianexpress.com/entertainment/kannada/article249916.ece.
- ↑ Anuj Kumar (29 September 2013). "A film that's all at sea". The Hindu. http://www.thehindu.com/todays-paper/tp-miscellaneous/tp-others/a-film-thats-all-at-sea/article5180990.ece.
- ↑ "Warning : Danger ahead!". Starblockbuster. 28 September 2013. http://starblockbuster.com/warning-danger-ahead। আহৰণ কৰা হৈছে: 15 November 2013.
- ↑ Sharanya CR (29 January 2013). "Nimbe Huli audio launched". The Times of India. https://timesofindia.indiatimes.com/entertainment/regional/kannada/news-interviews/Nimbe-Huli-audio-launched/articleshow/18238861.cms.
- ↑ Bhattacharya, Roshmila (8 September 2014). "Madhurima Tuli to play Akshay Kumar's wife in Baby". The Times of India. http://timesofindia.indiatimes.com.
- ↑ "'Chandrakanta' co-actors Madhurima Tuli and Vishal Aditya Singh BREAK UP!" (en ভাষাত). news.abplive.com. 3 October 2018. https://news.abplive.com/entertainment/television/chandrakanta-co-actors-madhurima-tuli-and-vishal-aditya-singh-break-up-794072.
- ↑ "Nach Baliye's Vishal Aditya Singh on breakup with Madhurima Tuli: 'She was abusive, was ashamed to be seen with me in public'" (en ভাষাত). Hindustan Times. 10 August 2019. https://www.hindustantimes.com/tv/nach-baliye-s-vishal-aditya-singh-on-breakup-with-madhurima-tuli-she-was-abusive-was-ashamed-to-be-seen-with-me-in-public/story-SYBSLcotCVhHNCad37wS7I.html.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- মধুৰিমা তুলি সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- ইনষ্টাগ্ৰামত মধুৰিমা তুলি