সমললৈ যাওক

মধু আৰু কৈটভ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মধু আৰু কৈটভৰ মৃত্যুৰ চিত্ৰ

মধু আৰু কৈটভ, হিন্দু শাস্ত্ৰত দুটা অসুৰৰ নাম আৰু ই হিন্দু ব্ৰহ্মাণ্ডবিজ্ঞানৰ সৈতে জড়িত।[1]

কিংবদন্তি

[সম্পাদনা কৰক]
বিষ্ণুৱে দানৱ মধু আৰু কৈটভক বধ কৰে। ১৬০৫ চনত মহাভাৰতৰ সচিত্ৰ পাৰ্চী অনুবাদ ৰাজমনামাৰ পৰা

মধু আৰু কৈটভ দুয়োৰে উৎপত্তি ভগৱান বিষ্ণুই যোগনিদ্ৰাত ধ্যানমগ্ন হৈ থকা অৱস্থাত তেওঁৰ কণামাকৰিৰ পৰাই হৈছিল। বিষ্ণুৰ নাভিৰ পৰা এটা পদুম ফুলি উঠিছিল আৰু তাৰ ওপৰত ব্ৰহ্মা, সৃষ্টিকৰ্তাই, মহাবিশ্বৰ সৃষ্টিৰ চিন্তা কৰি বহি আছিল। বিষ্ণুৱে পদুমৰ ওপৰত দুটা শিশিৰকণা সৃষ্টি কৰিছিল। এটা টোপাল মৌৰ দৰে মিঠা আছিল আৰু সেই টোপালৰ পৰাই তমঃ (আন্ধাৰ) বৈশিষ্ট্যৰে ৰঞ্জিত মধুৰ জন্ম হৈছিল। আনটো টোপাল কঠিন আছিল আৰু তাৰ পৰাই ৰজঃ (ক্ৰিয়াশীলতা) বৈশিষ্ট্যৰে ৰঞ্জিত কৈটভৰ জন্ম হৈছিল।[2]

দেৱী ভাগৱত পুৰাণৰ মতে মধু আৰু কৈটভৰ উৎপত্তি বিষ্ণুৰ কাণৰ মলিৰ পৰা হৈছিল, আৰু দুয়ো বাগবীজ মন্ত্ৰ ব্যৱহাৰ কৰি দীৰ্ঘদিন ধৰি তপস্যা কৰি মহাদেৱীপৰা বৰদান লৈছিল। দেৱীয়ে তেওঁলোকৰ সন্মতি সাপেক্ষেহে তেওঁলোকৰ মৃত্যু হ’ব বুলি বৰদান দিলে। অহংকাৰী অসুৰে তেতিয়া ব্ৰহ্মাক আক্ৰমণ কৰিবলৈ ধৰিলে আৰু বেদ চুৰি কৰি পাতালত লুকুৱাই থলে। ব্ৰহ্মাই বিষ্ণুৰ সহায় বিচাৰিলে আৰু তেওঁক জাগ্ৰত কৰাৰ উদ্দেশ্যে দেৱতাক স্তুতি কৰিলে। তেতিয়া অসুৰ দুজনে বিষ্ণুৰ বিৰুদ্ধে যুদ্ধ কৰিছিল আৰু অপৰাজেয় হৈ ৰৈছিল। তেতিয়া মহাদেৱীৰ পৰামৰ্শ মতে বিষ্ণুৱে চল কৰি অসুৰ দুটা ধ্বংস কৰিছিল।[3] বিষ্ণুৱে অসুৰ দুজনৰ শক্তিৰ প্ৰশংসা কৰিলে, আৰু ক’লে যে তেওঁলোকক বৰদান কৰিবলৈ পালে তেওঁ আনন্দিত হ’ব। বিষ্ণুৰ বিৰুদ্ধে বিজয় লাভ কৰা বাবে গৌৰৱত মত্ত হৈ অহংকাৰী অসুৰদুজনে হাঁহি হাঁহি ক’লে যে, তেওঁলোকে তাৰ পৰিৱৰ্তে বিষ্ণুকহে বৰদান দিবলৈ ইচ্ছুক। বিষ্ণুৱে চতুৰতাৰে মধু আৰু কৈটভক বধ কৰাৰ বৰ বিচাৰিলে।[4]

বিষ্ণুৰ চতুৰতাত সিহঁত বশ হৈ পৰিল। অসুৰসকলে জগতৰ সকলোতে পানী দেখা পালে আৰু অজেয় হ’ব বুলি বিশ্বাস কৰি বিষ্ণুক পানীৰ বাহিৰে যিকোনো স্থানত বধ কৰিবলৈ অনুৰোধ কৰিলে। তাৰ পিছত বিষ্ণুৱে অসুৰ দুটাক উৰুত ৰাখি সুদৰ্শন চক্ৰৰে বধ কৰিলে:[5]

মহাবিষ্ণুৱে নিমিষতে নিজৰ উৰু দুখন ওপৰলৈ তুলিলে, পানীৰ ওপৰত উৰু দুখন বহু পৰিমাণে বৃদ্ধি পাইছিল আৰু কঠিন মাটি বুলি ভাবি দুয়ো অসুৰে নিজৰ শৰীৰ হাজাৰ যোজনৰ পৰিসৰলৈকে বৃদ্ধি কৰিলে। কিন্তু মহাবিষ্ণুৱে নিজৰ উৰু দুটা আৰু ডাঙৰ কৰি মধু আৰু কৈটভক ধৰি উৰুত শুৱাই চক্ৰেৰে সিহঁতৰ মূৰ কাটি পেলালে।— দেৱী ভাগৱত পুৰাণ, ১ নং পুথি

ভাগৱত পুৰাণত উল্লেখ আছে যে, সৃষ্টিৰ সময়ত অসুৰ মধু আৰু কৈটভে ব্ৰহ্মাৰ পৰা বেদ চুৰি কৰি, আদিম সাগৰৰ পানীৰ গভীৰ তলিত জমা কৰি ৰাখিছিল। বিষ্ণুৱে হয়গ্ৰীৱ ৰূপ ধাৰণ কৰি তেওঁলোকক বধ কৰি বেদ উদ্ধাৰ কৰিলে। মধু আৰু কৈটভৰ দুয়োৰে শৰীৰ ৬টাকৈ মুঠ বাৰটা টুকুৰা(দুটা মূৰ, দুখন কান্ধ, চাৰিখন হাত আৰু চাৰিখন ভৰি)ত বিভাজিত হৈছিল। এইবোৰক পৃথিৱীৰ বাৰখন ভূমিকম্পীয় ফলকক প্ৰতিনিধিত্ব কৰা বুলি ধৰা হয়।

আন এক কিংবদন্তি অনুসৰি মধু আৰু কৈটভ দুজন অসুৰ আছিল, যি ব্ৰহ্মাক নিঃশেষ কৰিব পৰাকৈ শক্তিশালী হৈ পৰিছিল। অৱশ্যে ব্ৰহ্মাই তেওঁলোকক দেখা পালে আৰু দেৱী মহামায়াক সহায় বিচাৰিলে। বিষ্ণু তেতিয়া সাৰ পায় আৰু ষড়যন্ত্ৰকাৰী অসুৰ দুজনক হত্যা কৰা হয়।[6] ইয়াৰ ফলত বিষ্ণুক মধুসুদন - মধুৰ হত্যাকাৰী আৰু কৈটভজিৎ - কৈটভ বিজয়ী উপনাম প্ৰদান কৰা হয়।[7]

মহাভাৰতত উল্লেখ আছে যে, অসুৰৰ পৰা ধুন্দু নামৰ এটি সন্তানৰ জন্ম হৈছিল। পিতৃসকলক হত্যা কৰাৰ বাবে বিষ্ণুৰ বিৰুদ্ধে প্ৰতিশোধ ল'ব বিচৰাৰ বাবে ইক্ষ্বাকু বংশৰ ৰজা কুৱলাশ্বৱ আৰু তেওঁৰ পুত্ৰসকলে তেওঁক বধ কৰে।[8]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. www.wisdomlib.org (2020-11-14). "The World of Creation Begins: the Birth of Madhu and Kaitabha [Chapter 13"] (en ভাষাত). www.wisdomlib.org. https://www.wisdomlib.org/hinduism/book/harivamsha-purana-dutt/d/doc485685.html আহৰণ কৰা হৈছে: 2022-10-21.
  2. Williams, George M. (2008-03-27) (en ভাষাত). Handbook of Hindu Mythology. OUP USA. পৃষ্ঠা. 169. ISBN 978-0-19-533261-2. https://books.google.com/books?id=N7LOZfwCDpEC&dq=madhu+kaitabha+rajas+tamas&pg=PA169.
  3. "The Eternal Tatva" (en-IN ভাষাত). The Hindu. 2016-11-03. ISSN 0971-751X. https://www.thehindu.com/society/faith/The-Eternal-Tatva/article16068326.ece. "They are invincible and protected by the boons which Sakti had granted. Sakti intervenes and helps Vishnu to slay them by using Her power to delude"
  4. "Essence Of Devi Bhagavatha Purana Vishnu destroys Madhu". www.kamakoti.org. http://www.kamakoti.org/kamakoti/details/devibhagvatpurana4.html আহৰণ কৰা হৈছে: 2020-07-15.
  5. www.wisdomlib.org (2019-01-28). "Story of Kaiṭabha" (en ভাষাত). www.wisdomlib.org. https://www.wisdomlib.org/hinduism/compilation/puranic-encyclopaedia/d/doc241663.html আহৰণ কৰা হৈছে: 2022-10-21.
  6. "Shri Mata Vaishno Devi Shrine Board :: Holy Shrine :: Mythology & Legends :: The Story of Madhu & Kaithab". www.maavaishnodevi.org. Archived from the original on 2020-10-22. https://web.archive.org/web/20201022173823/https://www.maavaishnodevi.org/madhu_kaithab.aspx আহৰণ কৰা হৈছে: 2020-07-15.
  7. www.wisdomlib.org (2017-09-24). "Kaitabha, Kaiṭabha: 17 definitions" (en ভাষাত). www.wisdomlib.org. https://www.wisdomlib.org/definition/kaitabha#purana আহৰণ কৰা হৈছে: 2022-10-21.
  8. www.wisdomlib.org (2019-01-28). "Story of Dhundhu" (en ভাষাত). www.wisdomlib.org. https://www.wisdomlib.org/hinduism/compilation/puranic-encyclopaedia/d/doc241555.html আহৰণ কৰা হৈছে: 2022-10-21.