মধুবালা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(মধু বালাৰ পৰা পুনঃনিৰ্দেশিত)
মধুবালা

২০০৮ চনৰ ষ্টাম্প অৱ ইণ্ডিয়াত মধুবালা
স্থানীয় নাম ممتاز جہان بیگم دہلی  (Urdu)
জন্ম মমতাজ জেহান বেগম দেহলৱী
১৪ ফেব্ৰুৱাৰী, ১৯৩৩
দিল্লী, ব্ৰিটিছ ভাৰত
মৃত্যু ২৩ ফেব্ৰুৱাৰী, ১৯৬৯ (৩৬ বছৰ)
বোম্বে, মহাৰাষ্ট্ৰ, ভাৰত
মৃত্যুৰ কাৰণ ভেণ্ট্ৰিকুলাৰ ছেপ্টল ডিফেক্ট
সমাধিস্থল জুহু সমাধিক্ষেত্ৰ, মহাৰাষ্ট্ৰ
বাসগৃহ চাৰ্টাৰ্ছ ৰোড, বান্দ্ৰা, বোম্বে
ৰাষ্ট্ৰীয়তা ভাৰতীয়
অন্য নাম বেবি মমতাজ, মধু, বলীউদৰ মেৰিলিন মন্‌ৰ', দ্য বিউটি ৱিথ ট্ৰেজেডী, হিন্দী চিনেমাৰ অনাৰকলি, দ্য ভেনাছ কুইন অৱ ইণ্ডিয়ান চিনেমা
পেচা
সক্ৰিয় হৈ থকা সময় ১৯৪২–১৯৬৪
জনা যায় বলীউড সংগীত আৰু চলচ্চিত্ৰ
উল্লেখযোগ্য কৰ্ম
দাম্পত্যসঙ্গী কিশোৰ কুমাৰ (বি. ১৯৬০৬৯)
(তেওঁৰ মৃত্যু)
আত্মীয়-স্বজন চাওক গাংগুলী পৰিয়াল

মধুবালা (ইংৰাজী: Madhubala; প্ৰকৃত নাম: মমতাজ জেহান বেগম; ১৪ ফেব্ৰুৱাৰী, ১৯৩৩ – ২৩ ফেব্ৰুৱাৰী, ১৯৬৯) আছিল এগৰাকী ভাৰতীয় চলচ্চিত্ৰৰ অভিনেত্ৰী। ১৯৪২ চনৰ পৰা ১৯৬৪ চনলৈ তেওঁ হিন্দী চলচ্চিত্ৰৰ লগত জড়িত আছিল। তেওঁৰ সৌন্দৰ্য, ব্যক্তিত্ব আৰু কৰুণ নাৰীৰ সংবেদনশীল জীৱন্ত বৰ্ণনৰ বাবে মধুবালা জনাজাত।[1][2][3]

৯ বছৰ বয়সতে মধুবালাই ১৯৪২ চনত মুক্তিপ্ৰাপ্ত চলচ্চিত্ৰ বসন্তত প্ৰথমবাৰৰ বাবে এটা সৰু চৰিত্ৰত অভিনয় কৰিছিল যদিও ১৯৪৭ চনতহে তেওঁ অভিনয় জগতত ভালকৈ প্ৰৱেশ কৰে। ১৯৪৭ চনত মধুবালাই তেওঁৰ প্ৰথমখন চলচ্চিত্ৰ ৰাজ কাপুৰৰ সৈতে কৰিছিল। চলচ্চিত্ৰখনৰ নাম আছিল নীল কমল। সেই সময়ত মধুবালাৰ বয়স আছিল মাত্ৰ ১৪ বছৰ।[4] ২২ বছৰীয়া কৰ্মজীৱনত মধুবালাই ৭০ খনতকৈও অধিক চলচ্চিত্ৰত অভিনয় কৰিছিল। ইয়াৰ ভিতৰত মহল (১৯৪৯), দুলড়ি (১৯৪৯), বেকছুৰ (১৯৫০), তৰানা (১৯৫১), অমৰ (১৯৫৪), মিষ্টাৰ এণ্ড মিছেছ '৫৫ (১৯৫৫), চলতী কা নাম গাড়ী (১৯৫৮), হাওৰা ব্ৰীজ (১৯৫৮) আৰু মুগল এ আজম (১৯৬০) উল্লেখযোগ্য। মধুবালাই দিলীপ কুমাৰ, গুৰু দত্ত, অশোক কুমাৰ, দেৱ আনন্দ, কিশোৰ কুমাৰ আৰু আন বহুতো অভিনেতাৰ লগত অভিনয় কৰিছিল। মধুবালাৰ ৭৩খন হিন্দী চলচ্চিত্ৰৰ ভিতৰত কেৱল ১৫খন চলচ্চিত্ৰহে আৰ্থিকভাৱে সফল হৈছিল। ১৯৬০ চনত মুক্তিপ্ৰাপ্ত মুগল এ আজম চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটাৰ বাবে মনোনয়ন লাভ কৰিছিল।[5]

১৯৫১ চনত যেতিয়া জেমছ বাৰ্ক লাইফ আলোচনীৰ বাবে মধুবালাৰ আলোকচিত্ৰ ল'বলৈ ভাৰতলৈ আহে, তেতিয়াই মধুবালাৰ মনত হলীউডৰ প্ৰতি আগ্ৰহ জন্মে। মধুবালাক মেৰিলিন মন্‌ৰ'ৰ সৈতে তুলনা কৰা হয়। মধুবালা হলীউডৰ হেঁপেহুৱা অনুৰাগী আছিল। ফ্ৰানজ্ কাপ্ৰা ভাৰতলৈ আহোঁতে মধুবালাক হলীউডত এটা সুযোগ দিব বিচাৰিছিল যদিও মধুবালাৰ পিতৃয়ে সেয়া নাকচ কৰিছিল।

মুগল এ আজম মধুবালাৰ জীৱনৰ শ্ৰেষ্ঠ কৃতি। এই চলচ্চিত্ৰখনৰ বাবেই তেওঁ হিন্দী চিনেমাৰ এগৰাকী মহান অভিনেত্ৰী হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছিল। তেওঁৰ অন্তিমখন চলচ্চিত্ৰ জ্বালাৰ ১৯৫০ দশকতেই চিত্ৰগ্ৰহণ কৰা হৈছিল যদিও ১৯৭১ চনতহে চলচ্চিত্ৰখনে মুক্তি লাভ কৰে।

মধুবালাৰ ব্যক্তিগত জীৱনেও বহুতো মনোযোগ পাইছে। অভিনেতা দিলীপ কুমাৰৰ সৈতে মধুবালাৰ দীৰ্ঘদিনীয়া সম্পৰ্ক আছিল যদিও তেওঁ চলতী কা নাম গাড়ী চলচ্চিত্ৰৰ সহ-অভিনেতা কিশোৰ কুমাৰৰ সৈতে ১৯৬০ চনত বিবাহপাশত আবদ্ধ হয়। মধুবালা আৰু কিশোৰ কুমাৰে একেলগে অভিনয় কৰা চলচ্চিত্ৰসমূহৰ ভিতৰত ধাকে কী মলমল (১৯৫৬), চলতী কা নাম গাড়ী (১৯৫৮), ঝুমৰু (১৯৬১), হাফ টিকেট (১৯৬২) অন্যতম। দীৰ্ঘস্থায়ী ৰোগত আক্ৰান্ত হৈ ১৯৬৯ চনৰ ২৩ ফেব্ৰুৱাৰী তাৰিখে মাত্ৰ ৩৬ বছৰ বয়সতে মধুবালাই ইহলীলা সম্বৰণ কৰে।

তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. http://www.indiatoday.in/amp/education-today/gk-current-affairs/story/madhubala-310060-2016-02-23
  2. Booch, Harish and Doyle, Karing.(1962). Self-Portraitt. Bombay: Jai Gujerat Press. pp. 75-78.
  3. Gangadhar, V. (17 August 2007). "They now save for the rainy day". The Hindu. http://www.hindu.com/fr/2007/08/17/stories/2007081750490100.htm। আহৰণ কৰা হৈছে: 5 October 2011. 
  4. Dhawan, M.L. (6 April 2008). "Mark of Madhubala". The Tribune (Chandigarh). http://www.tribuneindia.com/2008/20080406/spectrum/main6.htm। আহৰণ কৰা হৈছে: 27 December 2014. 
  5. Bhagat, Rasheeda (31 May 2011). "Madhubala's timeless beauty". Business Line. http://www.thehindubusinessline.com/opinion/columns/rasheeda-bhagat/madhubalas-timeless-beauty/article2062781.ece। আহৰণ কৰা হৈছে: 27 December 2014. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]