মধু মনছুৰী হাছমুখ
| মধু মনছুৰী হাছমুখ | |
|---|---|
| জন্ম | ৪ ছেপ্টেম্বৰ ১৯৪৮ শিমলা, ৰাঁচী, বিহাৰ (বৰ্তমান ঝাৰখণ্ড), ভাৰত |
| পেচা | গায়ক, ৰচক |
| দাম্পত্যসঙ্গী | ছাইমা ওৰাও |
| পিতৃ-মাতৃ | আব্দুল ৰহমান মনছুৰী (পিতৃ) |
| বঁটা, সন্মান, পুৰস্কাৰ আদি |
|
মধু মনছুৰী হাছমুখ (জন্ম ৪ ছেপ্টেম্বৰ ১৯৪৮) এগৰাকী ভাৰতীয় গায়ক, গীতিকাৰ আৰু কৰ্মী। পৃথক ৰাজ্য ঝাৰখণ্ডৰ আন্দোলনৰ বাবে তেওঁ কেইবাটাও নাগপুৰী গীত লিখি গাইছিল। [1] [2] ২০১১ চনত ঝাৰখণ্ড চৰকাৰে তেওঁক ঝাৰখণ্ড ৰত্ন বঁটা প্ৰদান কৰে। [3] ২০২০ চনত তেওঁ কলা শাখাত পদ্মশ্ৰী বঁটা লাভ কৰে। [4]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]১৯৪৮ চনৰ ৪ ছেপ্টেম্বৰত ৰাঁচী জিলাৰ চিমিলিয়াত জন্মগ্ৰহণ কৰিছিল মধু মনছুৰী হাছমুখে৷ তেওঁৰ পিতৃৰ নাম আছিল আব্দুল ৰহমান মনছুৰী।[5] মধু মনছুৰীৰ মতে তেওঁৰ পূৰ্বপুৰুষ আছিল অৰাওন যিসকলে ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল। তেওঁৰ বিয়া হৈছিল ছামিয়া ওৰাওৰ সৈতে।[3]
কেৰিয়াৰ
[সম্পাদনা কৰক]হাছমুখ মেকনত অপাৰেটৰ আছিল৷ তেওঁ দেউতাকৰ পৰা পৰম্পৰাগত গীত শিকিছিল। শৈশৱৰ পৰাই তেওঁ গান গাবলৈ আৰম্ভ কৰিছিল। ১৯৬০ চনত বাৰ বছৰ বয়সত মঞ্চত প্ৰথম গীত গাইছিল। ১৯৬০ চনত তেওঁ শিষ্ট মঞ্চ প্ৰতিষ্ঠা কৰে আৰু তেওঁৰ প্ৰথম নাগপুৰী গীতৰ গ্ৰন্থ প্ৰকাশ পায়। ১৯৭২ চনত তেওঁ "নগপুৰ কৰ কোৰা" গীত ৰচনা কৰে। ১৯৯২ চনত ৰাম দয়াল মুণ্ডা আৰু মুকুন্দ নায়কৰ সৈতে টাইৱান ভ্ৰমণ কৰে।[5] তেওঁ পৃথক ঝাৰখণ্ড ৰাজ্যৰ বাবে আন্দোলনৰ বাবে কেইবাটাও নাগপুৰী গীত লিখিছিল আৰু গাইছিল।[3]
বঁটা আৰু সন্মান
[সম্পাদনা কৰক]ঝাৰখণ্ড চৰকাৰে তেওঁক ঝাৰখণ্ড বিভুতি বঁটা প্ৰদান কৰে।[5] ২০১১ চনত ঝাৰখণ্ড চৰকাৰে তেওঁক ঝাৰখণ্ড ৰত্ন বঁটা প্ৰদান কৰে।[3] ২০২০ চনত তেওঁ কলাক্ষেত্ৰত পদ্মশ্ৰী বঁটা লাভ কৰে।[4]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Music video on displacement". https://www.telegraphindia.com/jharkhand/music-video-on-displacement/cid/635412.
- ↑ "मधु मंसूरी ने गाये झारखंड आंदोलन के सर्वाधिक गीत". https://www.livehindustan.com/new//article1-story-51920.html.
- ↑ 3.0 3.1 3.2 3.3 "झारखंड: माई-माटी की लड़ाई में टूट चुके हैं मधु मंसूरी". https://www.bbc.com/hindi/india-50796857.
- ↑ 4.0 4.1 "Padma Shri for Jharkhand’s Shashadhar Acharya and Madhu Mansuri Hasmukh". Archived from the original on 2020-08-05. https://web.archive.org/web/20200805223358/https://www.avenuemail.in/jamshedpur/padma-shri-for-jharkhands-shashadhar-acharya-and-madhu-mansuri-hasmukh/143796/.
- ↑ 5.0 5.1 5.2 "नामचीन नागपुरी गायक-गीतकार मधु मंसूरी के गीत झारखंड आंदोलन में फूंकते थे जान". 27 April 2019. Archived from the original on 17 December 2019. https://web.archive.org/web/20191217020153/http://www.panchayatnama.com/news/gram-savraj/reknowned-nagpuri-singer-songwriter-madhu-mansuri-s-jharkhand-movement-ranchi/930.html.