সমললৈ যাওক

মধু শালিনী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মধু শালিনী
জন্ম হায়দৰাবাদ, তেলংগানা, ভাৰত
পেচা অভিনেত্ৰী, মডেল, সূত্ৰধাৰ
সক্ৰিয় হৈ থকা সময় ২০০৬–বৰ্তমান

মধু শালিনী (ইংৰাজী: Madhu Shalini) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল যিয়ে মূলতঃ তেলুগু, তামিল আৰু হিন্দী ছবিত কাম কৰে। তেওঁ ২০০৫ চনত মিছ অন্ধ্ৰপ্ৰদেশ খিতাপ জয় কৰিছিল। 'ড্ৰিম গাৰ্ল' প্ৰতিযোগিতাত জয়ী হোৱাৰ পিছত তেওঁ প্ৰেমাকথালু নামৰ এটা টেলিভিছন অনুষ্ঠানৰ আঁত ধৰিছিল।[1]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

মধু শালিনীৰ জন্ম ভাৰতৰ হায়দৰাবাদত হৈছিল। তেওঁৰ পিতৃ হামিদ এজন ব্যৱসায়ী আৰু মাতৃ পোলাপ্ৰগাদা ৰাজ কুমাৰী এগৰাকী অধিবক্তা তথা ধ্ৰুপদী নৃত্যশিল্পী।[1] মাতৃৰ দৰেই তেৱোঁ এটা সৌন্দৰ্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ আগতে কুচিপুডী নৃত্য শিকিছিল। সেই প্ৰতিযোগিতাত জয়ী হোৱাৰ পিছত তেওঁৰ মডেলিং কেৰিয়াৰৰ পথ প্ৰশস্ত হয়।

কেৰিয়াৰ

[সম্পাদনা কৰক]

অল্প সময়ৰ বাবে টেলিভিছন এংকৰ হিচাপে কাম কৰাৰ পাছত তেওঁ অতি সোনকালে অভিনয় জগতত ভৰি দিয়ে।[2]

২০০৬ চনত মুক্তি পোৱা ই ভি ভি সত্যনাৰায়ণৰ ছবি কিথাকিথালুত আল্লাৰী নৰেশৰ বিপৰীতে তেওঁ চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে। ছবিখন ব্যাৱসায়িকভাৱে যথেষ্ট সফল হৈছিল।[3] সেই একে বছৰতে তেওঁ আৰু দুখন তেলুগু ছবি ক্ৰমে তেজাৰ ওকা ভি চিত্ৰম আৰু আগন্থাকুদুত অভিনয় কৰিছিল। ২০০৭ চনত তেওঁ তেলুগু একচন কমেডী ষ্টেট ৰাউডীত অভিনয় কৰে, যিখন আছিল সফল তামিল ছবি এথিৰীৰ ৰিমেক। সেই বছৰৰে শেষৰফালে তেওঁ পজনিয়াপ্পা কাল্লুৰী নামৰ ছবিখনৰ জৰিয়তে তামিল চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰে।

ইয়াৰ পিছত তেওঁ ডি সভাপথিৰ তেলুগু প্ৰকল্প হেপ্পী জাৰ্নি আৰু তামিল ছবি পাথিনাৰুৰ বাবে চুক্তিবদ্ধ হয়।[4] ছবিখনে বক্স অফিচত গড় ফল দেখুৱাইছিল যদিও ইন্দূৰ চৰিত্ৰত মধু শালিনীৰ অভিনয়ে ইতিবাচক সঁহাৰি লাভ কৰিছিল। সমালোচকসকলে উল্লেখ কৰিছিল যে তেওঁ অত্যন্ত সহজতাৰে নিজৰ চৰিত্ৰটো ৰূপায়ণ কৰিছিল।[5] তেওঁৰ পৰৱৰ্তী ছবি কাৰালু মিৰিয়ালুৱে নেতিবাচক সমালোচনা লাভ কৰিছিল যদিও মধুৰ অভিনয় প্ৰশংসিত হৈছিল।[6] অৱশেষত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী পৰিচালক বালাৰ কমেডী ছবি অৱন ইভানত সুযোগ পাই তেওঁ এক ডাঙৰ সফলতা লাভ কৰে।[4] তেওঁ প্ৰকাশ কৰিছিল যে বালাই কোনো অডিচন নোলোৱাকৈয়ে তেওঁক নিৰ্বাচিত কৰিছিল। এই ছবিত তেওঁ এগৰাকী কলেজীয়া ছাত্ৰীৰ চৰিত্ৰত অভিনয় কৰিছিল আৰু প্ৰথমবাৰৰ বাবে নিজেই ডাবিং কৰিছিল।[7]

ৰাম গোপাল বাৰ্মাৰ ছবি ডিপাৰ্টমেণ্টৰ জৰিয়তে তেওঁ বলীউডত আত্মপ্ৰকাশ কৰে, য’ত তেওঁ অমিতাভ বচ্চন, সঞ্জয় দত্ত আৰু ৰানা দগ্গুবাতীৰ সৈতে এগৰাকী গেংষ্টাৰৰ চৰিত্ৰত অভিনয় কৰিছিল।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 "Madhu Shalini talks about Films >> Tollywood Star Interviews". Ragalahari.com. 13 June 2006. http://www.ragalahari.com/stars/interviews/159/madhushalinitalksaboutfilms.aspx আহৰণ কৰা হৈছে: 21 October 2011.
  2. "Naa Pranamkante Ekkuva – audio function – Telugu Cinema – Dr. Nirajj & Madhu Shalini – Sashi Preetam". Idlebrain.com. http://www.idlebrain.com/news/functions/audio-naapranam.html আহৰণ কৰা হৈছে: 21 October 2011.
  3. "Friday Review Hyderabad / On Location : Comedy with a message". The Hindu (India). 9 March 2007. http://www.hindu.com/fr/2007/03/09/stories/2007030900420200.htm.
  4. 1 2 "It's talent that matters: Madhu". The Times of India. 29 January 2011. Archived from the original on 26 January 2013. https://archive.today/20130126231639/http://articles.timesofindia.indiatimes.com/2011-01-29/news-interviews/28366299_1_telugu-film-actress-dusky-beauties.
  5. "Pathinaru Tamil Movie Review – cinema preview stills gallery trailer video clips showtimes". IndiaGlitz. 28 January 2011. Archived from the original on 31 December 2010. https://web.archive.org/web/20101231074443/http://www.indiaglitz.com/channels/tamil/review/11032.html আহৰণ কৰা হৈছে: 21 October 2011.
  6. "Karalu Miriyalu Review - Karalu Miriyalu Movie Review on fullhyd.com". Fullhyderabad.com. Archived from the original on 15 September 2011. https://web.archive.org/web/20110915025755/http://www.fullhyderabad.com/profile/movies/4140/2/karalu-miriyalu-movie-review আহৰণ কৰা হৈছে: 21 October 2011.
  7. "Madhu Shalini – Tamil Cinema Actress Interview – Madhu Shalini". Videos.behindwoods.com. http://www.videos.behindwoods.com/videos-q1-09/actor-actress-interview/madhu-shalini.html আহৰণ কৰা হৈছে: 21 October 2011.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]