সমললৈ যাওক

মধ্যপ্ৰাচ্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
উত্তৰ আফ্ৰিকা, দক্ষিণ ইউৰোপ, কেন্দ্ৰীয় এছিয়া আৰু দক্ষিণ এছিয়াৰ মাজৰ মাজত অৱস্থিত মধ্য প্ৰাচ্যৰ মানচিত্ৰ
ক'পেন জলবায়ু শ্ৰেণীবিভাজন অনুসৰি মধ্য প্ৰাচ্যৰ মানচিত্ৰ

মধ্য প্ৰাচ্য হৈছে এটা ভূ-ৰাজনৈতিক অঞ্চল যিয়ে আৰব উপদ্বীপ, লেভান্ত, তুৰ্কী, ইজিপ্ত, ইৰান আৰু ইৰাকক অন্তৰ্ভুক্ত কৰে।

"নিয়াৰ ইষ্ট" শব্দটোৰ পৰিৱৰ্তে ২০শ শতিকাৰ আৰম্ভণিতে ব্ৰিটেইন আৰু পশ্চিম ইউৰোপীয় ৰাষ্ট্ৰসমূহে "মধ্য প্ৰাচ্য" শব্দটো ব্যাপকভাৱে ব্যৱহাৰ আৰম্ভ কৰে (এই শব্দদ্বয় "দূৰ প্ৰাচ্য"ৰ বিপৰীতৰূপ)। "মধ্য প্ৰাচ্য" শব্দটোৱে সময়ৰ সৈতে বিভিন্ন অৰ্থ সৃষ্টি কৰিছে। ২০শ শতিকাৰ অন্তিম ভাগৰ পৰা এই শব্দটো অধিক ইউৰোকেন্দ্ৰিক বুলি সমালোচিত হৈছে। এই অঞ্চলটোৱে পশ্চিম এছিয়াৰ সংজ্ঞাৰ সৈতে অধিক মিল থকা ভূ-খণ্ডসমূহক অন্তৰ্ভুক্ত কৰে, যদিও দক্ষিণ ককেছাছ বাদ পৰে। ইয়াত চিনাই উপদ্বীপৰ বাহিৰে সমগ্ৰ ইজিপ্ত আৰু ইষ্ট থ্ৰেইচসহ সমগ্ৰ তুৰ্কী অন্তৰ্ভুক্ত কৰা হয়।

মধ্য প্ৰাচ্যৰ ১৮খন দেশৰ ভিতৰত ১৩খন দেশ আৰব বিশ্বৰ অংশ। এই অঞ্চলৰ ভিতৰত লোকসংখ্যা অনুসৰি ইজিপ্ত, তুৰ্কী আৰু ইৰান আটাইতকৈ জনবহুল দেশ; আৰু চৌদি আৰব অঞ্চলটোৰ ভিতৰত আয়তন অনুসৰি সৰ্ববৃহৎ দেশ। মধ্য প্ৰাচ্যৰ ইতিহাস প্ৰাচীন যুগৰ পৰাই চলি আহিছে, আৰু এই অঞ্চলক বহুদিন ধৰি "সভ্যতাৰ আসন" হিচাপে গণ্য কৰা হৈছে। এই অঞ্চলৰ ভূ-ৰাজনৈতিক গুৰুত্ব পুৰণি যুগৰ পৰাই স্বীকৃত আৰু বিতৰ্কিত হৈ আহিছে।[1][2][3] ইহুদী ধৰ্ম, খ্ৰীষ্টান ধৰ্ম আৰু ইছলাম ধৰ্ম—এই তিনিটা ইব্ৰাহামিক ধৰ্মই মধ্য প্ৰাচ্যত জন্ম লৈছে।[4] এই অঞ্চলৰ মুখ্য জাতি হৈছে আৰবীসকল,[5] তাৰ পিছত আছে তুৰ্ক, পাৰ্ছ, কুৰ্দ, আজেৰী, কপ্ত, ইহুদী, আশুৰীয়, ইৰাকী তুৰ্কমেন, ইয়াজিদী আৰু গ্ৰীক চাইপ্ৰিয়টসকল।

মধ্য প্ৰাচ্যৰ বেছি ভাগ অঞ্চল গৰম আৰু উষ্ণ-শুষ্ক জলবায়ুযুক্ত, বিশেষকৈ আৰৱ উপদ্বীপ আৰু ইজিপ্ত অঞ্চলত। কেইবাটাও ডাঙৰ নদীয়ে ইয়াৰ কিছু অঞ্চলত জলসিঞ্চন ব্যৱস্থাৰ সহায়ত কৃষিক সমৰ্থন কৰে; যেনে ইজিপ্তৰ নাইল নদী ডেল্টা, মেছ'পটেমিয়াৰ টাইগ্ৰিছ আৰু ইউফ্ৰেটিছ নদী আৰু লেভান্তৰ জৰ্ডান নদী উপত্যকা। এই অঞ্চলসমূহক একেলগে ফাৰ্টাইল ক্ৰেছেণ্ট (উৰ্দ্ভৰা অৰ্ধ-চন্দ্ৰ) বুলি কোৱা হয় আৰু ইতিহাসবিদসকলে ইয়াক বহুদিন ধৰি সভ্যতাৰ গাদী বুলি বিবেচনা কৰি আহিছে। যদিও এতিয়া পৃথিৱীৰ বহু ঠাইত স্বাধীনভাৱে সভ্যতাৰ বিকাশ ঘটাৰ স্বীকৃতি দিয়া হৈছে।

ইয়াৰ বিপৰীতে, লেভান্ত উপকূল আৰু তুৰ্কীৰ অধিকাংশ অঞ্চলত ভূ-মধ্যসাগৰীয় জলবায়ু দেখা যায়, য'ত গ্ৰীষ্ম ঋতু শুকান আৰু শীত ঋতু শীতল আৰু বৰষুণযুক্ত। ফাৰ্ছ উপসাগৰৰ কাষৰীয়া দেশসমূহৰ অধিকাংশত খনিজ তেলৰ বিশাল ভাণ্ডাৰ আছে। বিশেষকৈ আৰৱ উপদ্বীপৰ ৰজাসকল খনিজ তৈল ৰপ্তানি কৰিয়া উল্লেখযোগ্যভাৱে অৰ্থনৈতিকভাৱে লাভবান হৈছে। উষ্ণ-শুষ্ক জলবায়ু আৰু খনিজ ইন্ধন উদ্যোগৰ ওপৰত নিৰ্ভৰশীলতাৰ বাবে, মধ্য প্ৰাচ্য জলবায়ু পৰিৱৰ্তনৰ এক মুখ্য কাৰক আৰু একেই সময়তে ইয়াৰ পৰা গভীৰভাৱে ক্ষতিগ্ৰস্ত হোৱাৰ আশঙ্কা থকা অঞ্চল।[6]

এই অঞ্চলৰ বিভিন্ন ব্যাখ্যা বিদ্যমান, যেনে মধ্য প্ৰাচ্য আৰু উত্তৰ আফ্ৰিকা (MENA) অঞ্চলটোৱে মাঘ্ৰেব আৰু চুদান অঞ্চল অন্তৰ্ভুক্ত কৰে। "বৃহৎ মধ্য প্ৰাচ্য" শব্দটোত প্ৰায়ে পূব আফ্ৰিকা, মৰিটানিয়া, আফগানিস্তান, পাকিস্তান আৰু কেতিয়াবা দক্ষিণ ককেছাছ আৰু কেন্দ্ৰীয় এছিয়াকো অন্তৰ্ভুক্ত কৰা হয়।

উল্লেখযোগ্য নগৰসমূহ

[সম্পাদনা কৰক]
  1. ইজিপ্ত কাইৰো
  2. ইৰান টেহৰান
  3. তুৰস্ক ইষ্টানবুল
  4. ইৰাক বাগদাদ
  5. চৌদি আৰৱ ৰিয়াদ
  6. তুৰস্ক আংকাৰা
  7. ইজিপ্ত আলেকজাণ্ড্ৰিয়া
  8. সংযুক্ত আৰৱ আমিৰাত ডুবাই
  9. চৌদি আৰৱ জেদ্দাহ
  10. জৰ্ডান আম্মান

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Cairo, Michael F. The Gulf: The Bush Presidencies and the Middle East ...
  2. Government Printing Office. History of the Office of the Secretary of Defense: The formative years, 1947–1950 ...
  3. Kahana, Ephraim. Suwaed, Muhammad. Historical Dictionary of Middle Eastern Intelligence ...
  4. MacQueen, Benjamin (2013). An Introduction to Middle East Politics: Continuity, Change, Conflict and Co-operation. SAGE. পৃষ্ঠা. 5. ISBN 978-1446289761. 
  5. Shoup, John A. (2011). Ethnic Groups of Africa and the Middle East: An Encyclopedia. Abc-Clio. ISBN 978-1-59884-362-0. https://books.google.com/books?id=SPBfnT_E1mgC&q=main+ethnic+groups+in+the+middle+east&pg=PA16। আহৰণ কৰা হৈছে: 26 May 2014. 
  6. Climate change in the Middle East and North Africa