মনকামনা মন্দিৰ
| মনকামনা মন্দিৰ | |
|---|---|
২০১৯ চনত মনকামনা মন্দিৰ | |
| স্থান | |
| দেশ | নেপাল |
| অঞ্চল | গণ্ডকী |
| জিলা | গোৰ্খা |
| স্থান | শ্বহীদ লখন গ্ৰাম্য পৌৰসভা |
| উচ্চতা | 1,300 মিটাৰ (4,265 ফুট) |
| স্থানাংক | 27°54′16.2″N 84°35′03.3″E / 27.9045°N 84.58425°Eস্থানাংক: 27°54′16.2″N 84°35′03.3″E / 27.9045°N 84.58425°E |
| স্থাপত্য আৰু সংস্কৃতি | |
| স্থাপত্য শৈলী | পেগোদা |
মনকামনা মন্দিৰ হৈছে পাৰ্বতীৰ অৱতাৰ দেৱী ভাগৱতীক উৎসৰ্গিত হিন্দু মন্দিৰ। ই নেপালৰ গণ্ডকী প্ৰদেশৰ গোৰ্খা জিলাৰ মনকামনা গাঁৱত অৱস্থিত। ১৬৭৮ চনত আৰ্মান ৰায়মাঝিয়ে এই মন্দিৰটো প্ৰতিষ্ঠা কৰিছিল।[1]
স্থান, স্থাপত্য আৰু মন্দিৰ
[সম্পাদনা কৰক]মনকামনা মন্দিৰ সমুদ্ৰপৃষ্ঠৰপৰা ১,৩০০ মিটাৰ (৪,৩০০ ফুট) উচ্চতাত কাফাকদাদা পাহাৰত অৱস্থিত, যিটো নেপালৰ গণ্ডকী প্ৰদেশৰ গোৰ্খাৰ শ্বহীদ লখন গ্ৰাম্য পৌৰসভাৰ ত্ৰিছুলি আৰু মাৰ্চয়াংদিৰ[2] সংগমস্থলীত অৱস্থিত।[3][4][5] ই নেপালৰ ৰাজধানী কাঠমাণ্ডুৰপৰা প্ৰায় ১০৬ কিলোমিটাৰ (৬৬ মাইল) পশ্চিমে আৰু পোখ্ৰাৰপৰা প্ৰায় ৯৪ কিলোমিটাৰ (৫৮ মাইল) পূবে।[6] এই পাহাৰৰপৰা বহুতো পৰ্বত দেখা যায় য'ত দ্বিতীয় অন্নপূৰ্ণা, লামজুং হিমাল, আৰু বৌধ, যি বিশ্বৰ অষ্টম সৰ্বোচ্চ পৰ্বত মানসলুৰ অংশ।[2] আনবু খাইৰেনি গ্ৰাম্য পৌৰসভাৰপৰা হাইকিং কৰিলে প্ৰায় ১০০০ মিটাৰ (৩,৩০০ ফুট) দূৰত্বত থকা মনকামনালৈ যাবলৈ প্ৰায় তিনি ঘণ্টা সময় লাগে।[2] নতুবা তীৰ্থযাত্ৰীসকলে ১৯৯৮ চনত প্ৰায় ৭৫ লাখ মাৰ্কিন ডলাৰত নিৰ্মাণ কৰা মনকামনা কেবল কাৰ লৈয়ো যাব পাৰে।[7]
পৰম্পৰাগত নেপালী পেগোডা শৈলীত নিৰ্মিত ই দুমহলীয়া মন্দিৰ, বাহিৰত মুকলি ঠাই আছে আৰু ই ৭,৬৫৯ ৰোপানী (৩.৮৯৩০ বৰ্গ কিলোমিটাৰ)তকৈও অধিক মাটিত বিস্তৃত।[6][8]
কিংবদন্তি
[সম্পাদনা কৰক]নেপালী কিংবদন্তি অনুসৰি ১৭ শতিকাত গোৰ্খাৰ দুজন ৰজা ৰাম শ্বাহ বা পৃথ্বীপতি শ্বাহৰ ৰাজত্বকালত মনকামনা মন্দিৰ নিৰ্মাণ কৰা হৈছিল।[6][9] গোৰ্খা ৰাণীৰ মনকামনাৰ "ঐশ্বৰিক শক্তি" আছিল যিটো কেৱল মগৰ মূলৰ পুৰোহিত লাখন থাপাইহে জানিছিল।[9][10] এদিন ৰজাই নিজৰ পত্নীক দেৱী মনকামনা ৰূপত আৰু পুৰোহিতক সিংহৰ দৰে দেখিলে, এই কথা কোৱাৰ পিছতে ৰজাৰ ৰহস্যজনকভাৱে মৃত্যু হয়।[9] ঐতিহাসিক হিন্দু সতীদাহ প্ৰথা অনুসৰি ৰাণীয়ে নিজৰ মৃত স্বামীৰ অন্ত্যেষ্টিক্ৰিয়াৰ জুইকুৰাৰ ওপৰত বহি নিজে সতী গৈছিল।[9] মৃত্যুৰ আগতে তেওঁ সাধু লাখন থাপা মগৰক কৈছিল যে তেওঁ পুনৰ দেখা দিব, ছমাহৰ পিছত পথাৰত কাম কৰা এজন কৃষকে এটা ভাঙি দিয়াত তাৰপৰা আপাত দৃষ্টিত তেজ আৰু গাখীৰৰ ধাৰা ববলৈ আৰম্ভ কৰিলে।[9] এই কথা শুনি সাধু লাখন থাপা মগৰে শিলটো থকা ঠাইলৈ গৈ হিন্দু তান্ত্ৰিক অনুষ্ঠান কৰিবলৈ ধৰাত, ধাৰাটো বন্ধ হৈ পৰিল।[9]
পিছলৈ তেওঁ একে ঠাইতে এটা মন্দিৰ নিৰ্মাণ কৰিছিল, যাতে তেওঁলোকৰ ইচ্ছা পূৰণ হয়, আৰু লগতে মন্দিৰৰ পুৰোহিতজন ৰাম শ্বাহৰ আধ্যাত্মিক পথ-প্ৰদৰ্শক হিচাপে বৰ্ণনা কৰা সন্ত লাখন থাপা মগৰৰ বংশধৰ হ’বই লাগিব। মনকামনা মন্দিৰৰ পুৰোহিত হ’বৰ বাবে মগৰ হোৱাটো বাধ্যতামূলক।[9][10] মনকামনাক ৰাম শ্বাহৰ পত্নী চম্পাৱতী বুলি ভবা হয়, তেওঁৰ পুত্ৰ ডম্বৰ শ্বাহৰ ৰাজত্বকালত তেওঁৰ পুনৰ আবিৰ্ভাৱ হৈছিল আৰু আন সূত্ৰ অনুসৰি তেওঁ বৰ্তমানৰ নেপালৰ প্ৰতিষ্থাপক পৃথ্বী নাৰায়ণ শ্বাহৰ ৰাজত্বকালত দেখা দিছিল।[11] এই মন্দিৰটো গৰুড়ক ৰক্ষক হিচাপে লৈ লক্ষ্মীৰ অৱতাৰ দেৱী ভাগৱতী দেৱীৰ পৱিত্ৰ স্থান।[12] মনক "হৃদয়" আৰু "কামনা"ক "ইচ্ছা" বুলি অনুবাদ কৰা হয় আৰু বিশ্বাস কৰা হয় যে, ভাগৱতীয়ে ইয়াত ভক্তসকলৰ ইচ্ছা পূৰণ কৰে।[12]
ইতিহাস
[সম্পাদনা কৰক]১৭৬৪-৬৫ চনত পৃথ্বী নাৰায়ণ শ্বাহে মনকামনা, বাৰেশ্বৰ মহাদেৱক পূজা কৰা আৰু প্ৰতিদিনে পাৰ চৰাইক খুৱাবলৈ এটা ট্ৰাষ্ট আৰম্ভ কৰে।[6] পিছলৈ তেওঁ সেই বজ্ৰাচাৰ্য পুৰোহিতক মন্দিৰৰ পূজাৰী পাতি ব্ৰঞ্জৰ ঘণ্টা এটা দান কৰিলে, অৱশ্যে আন এটা সূত্ৰই কয় যে, গিৰ্বন যুদ্ধত বিক্ৰম শ্বাহে সেই ঘণ্টাটো দান কৰিছিল।[6] আন এটা খোদিত শিল্পকৰ্ম অনুসৰি ১৮০২-৩ চনত চাৰিজন ভাই-ভনী: সুৰ বীৰ, কাৰ বীৰ, ফৌদা সিং আৰু খগদা সিঙে মূল গেটখনৰ সোণৰ পাতেৰে নিৰ্মাণ কৰিছিল।[6] ১৮৯৩-৪ চনত কুলমান থাপাই ঘণ্টাটো মেৰামতি কৰে আৰু সুৰেন্দ্ৰ বিক্ৰম শ্বাহৰ ৰাজত্বকালত ওপৰৰ চালখন তামৰ তৰপেৰে নিৰ্মাণ কৰা হয়।[6] ৰজা মহেন্দ্ৰই চালখন সলনি কৰি তামৰ চাল সংযোজন কৰে আৰু পিছলৈ ছাদৰ ট্ৰাছ খোদিত কৰি তাত অস্ত মাতৃকাৰ ছবি- ব্ৰহ্মায়ণী, বৈষ্ণৱী, মহেশ্বৰী, ইন্দ্ৰায়নী, আৰু কুমাৰী প্ৰতিকৃতি সংযোজন কৰে।[6]

১৯৩৪ চনৰ নেপাল–ভাৰত ভূমিকম্প আৰু ১৯৮৮ চনৰ নেপাল ভূমিকম্পৰ পিছত মনকামনা মন্দিৰ দক্ষিণ-পশ্চিম দিশলৈ ছয় ইঞ্চি হেলনীয়া হ'বলৈ আৰম্ভ কৰে।[13] ২০১৫ চনৰ এপ্ৰিল মাহত নেপালৰ ভূমিকম্পত ছাদত ফাট মেলিছিল আৰু মন্দিৰটোৰ ওপৰৰ ভাগ উত্তৰ-পূব দিশত ৯-১২ ইঞ্চি ফাট হৈছিল।[14] ২০১৫ চনৰ জুন মাহত পুৰাতত্ত্ব বিভাগৰ তত্ত্বাৱধানত ১৩০-১৪ কোটি নেপালী টকা (এনপিআৰ) বাজেটেৰে পুনৰ্নিৰ্মাণ আৰম্ভ হয় আৰু ২০১৮ চনৰ ছেপ্টেম্বৰ মাহত ইয়াৰ কাম সম্পূৰ্ণ হয়।[4][14] পুনৰ্নিৰ্মাণ প্ৰক্ৰিয়াত চূণশিল, সুৰখী, ইটা আৰু কাঠ ব্যৱহাৰ কৰা হৈছিল,[14] আৰু চাল, দুৱাৰ, শিখৰ আৰু খিৰিকীবোৰত ১৪ কিলোগ্ৰাম সোণ সোণেৰে ঢাকি দিয়া হৈছিল যাৰ বাবে প্ৰায় ৯ কোটি এনপিআৰ খৰচ হৈছিল।[15][16]
কেবল কাৰ
[সম্পাদনা কৰক]আগৰ দিনত মনকামনা মন্দিৰ পোৱাৰ একমাত্ৰ পথ আছিল প্ৰায় তিনি ঘণ্টা ধৰি কৰা দীঘলীয়া কষ্টকৰ ট্ৰেকিং। এতিয়া, মাগলিঙৰ পৰা মাত্ৰ ৫ কিলোমিটাৰ (৩.১ মাইল) পূবে মনকামনালৈ কুৰিণ্টাৰৰ পৰা কেবল কাৰৰ সুবিধা আছে। কেবল কাৰ এখনে ২.৮ কিলোমিটাৰ (১.৭ মাইল) দূৰত্ব কম বেছি পৰিমাণে ১০ মিনিটত চলায়।[উদ্ধৃতিৰ প্ৰয়োজন] কেবল কাৰ সাধাৰণতে দিনৰ ভাগত পুৱা ৯ বজাৰ পৰা বিয়লি ৫ বজালৈ চলি থাকে আৰু দুপৰীয়াৰ পৰা আধা ঘণ্টা দুপৰীয়াৰ আহাৰ বিৰতিৰ সময়ত ৰৈ থাকে।.[17] ১৯৯৮ চনৰ ২৪ নৱেম্বৰত তেওঁৰ ৰয়েল হাইনেছ ক্ৰাউন প্ৰিন্স দিপেন্দ্ৰ বীৰ বিক্ৰম শ্বাহ দেৱে মনকামনা কেবল কাৰ উদ্বোধন কৰে। অষ্ট্ৰিয়াৰ পৰা আমদানি কৰা এই কেবল কাৰ ব্যৱস্থাটোৱে শতকৰা সুৰক্ষাৰ নিশ্চয়তা প্ৰদান কৰে। ইয়াত বিদ্যুৎ বিকল হ’লে স্বয়ংক্ৰিয়ভাৱে চলোৱা জেনেৰেটৰ আৰু হাইড্ৰলিক জৰুৰীকালীন ড্ৰাইভৰ দৰে বৈশিষ্ট্য আছে। কেবল কাৰ সেৱাত কাম কৰা কৰ্মচাৰীসকল জৰুৰীকালীন অৱস্থাৰ বাবে যোগ্য আৰু ভালদৰে প্ৰশিক্ষণপ্ৰাপ্ত।
কেবল কাৰৰ তলৰ ষ্টেচনটো কুৰিণ্টাৰ (২৫৮ মিটাৰ (৮৪৬ ফুট)) আৰু ওপৰৰ ষ্টেচনটো মনকামনা (১,৩০২ মিটাৰ (৪,২৭২ ফুট))ত ৰখা হৈছে।[18] ৩১খন যাত্ৰীবাহী গাড়ী আৰু তিনিখন কাৰ্গো গাড়ীৰ সৈতে এই কেবল গাড়ীয়ে প্ৰতি ঘণ্টাত ৬০০ জন লোকক চম্ভালিব পাৰে, আৰু প্ৰতিখন গাড়ীয়ে ছয়জনকৈ যাত্ৰী কঢ়িয়াই নিব পাৰে।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Paying homage to Hindu deities and attaining bliss on pilgrimages". The Star. https://www.thestar.com.my/Travel/Asia/2014/10/18/Paying-homage-to-Hindu-deities-and-attaining-bliss-on-pilgrimages/। আহৰণ কৰা হৈছে: 9 February 2021.
- ↑ 2.0 2.1 2.2 "4" (en ভাষাত). The Rough Guide to Nepal (Travel Guide eBook). Apa Publications (UK) Limited. 2018-02-01. পৃষ্ঠা. 7–10. ISBN 978-1-78671-997-3. https://books.google.com/books?id=rTGWDwAAQBAJ। আহৰণ কৰা হৈছে: 10 February 2021.
- ↑ "Manakamana review - real-time Nepalese cable-car journey" (en ভাষাত). the Guardian. 2014-12-11. http://www.theguardian.com/film/2014/dec/11/manakamana-review। আহৰণ কৰা হৈছে: 2021-02-09.
- ↑ 4.0 4.1 "Manakamana Temple reconstruction over after 41 months" (en-GB ভাষাত). OnlineKhabar. 14 September 2018. https://english.onlinekhabar.com/manakamana-temple-reconstruction-over-after-41-months.html। আহৰণ কৰা হৈছে: 9 February 2021.
- ↑ "Visitors increasing at Manakamana" (en ভাষাত). GorakhaPatra. https://risingnepaldaily.com/nation/visitors-increasing-at-manakamana। আহৰণ কৰা হৈছে: 2021-02-10.
- ↑ 6.0 6.1 6.2 6.3 6.4 6.5 6.6 6.7 Amatya 2012, পৃষ্ঠা. 1.
- ↑ Reed, David (2002) (en ভাষাত). The Rough Guide to Nepal. Rough Guides. পৃষ্ঠা. 278. ISBN 978-1-85828-899-4. https://books.google.com/books?id=lcbUIOTcE18C.
- ↑ "Renovation of Manakamana temple over" (en ভাষাত). The Himalayan Times. 2018-10-27. https://thehimalayantimes.com/nepal/renovation-of-manakamana-temple-over। আহৰণ কৰা হৈছে: 2021-02-10.
- ↑ 9.0 9.1 9.2 9.3 9.4 9.5 9.6 Adhikari 2020, পৃষ্ঠা. 14.
- ↑ 10.0 10.1 Bearak, Barry (1999-06-05). "Manakamana Journal; Wishful Thinkers Climb in Comfort to a Goddess of All Things (Published 1999)" (en-US ভাষাত). The New York Times. ISSN 0362-4331. https://www.nytimes.com/1999/06/05/world/manakamana-journal-wishful-thinkers-climb-in-comfort-to-a-goddess-of-all-things.html.
- ↑ Amatya 2012, পৃষ্ঠা. 2.
- ↑ 12.0 12.1 Adhikari 2020, পৃষ্ঠা. 13.
- ↑ Diwakar (2015-07-22). "Reconstruction of quake-hit Manakamana Temple begins" (en ভাষাত). The Himalayan Times. https://thehimalayantimes.com/nepal/reconstruction-of-quake-hit-manakamana-temple-begins। আহৰণ কৰা হৈছে: 2021-02-11.
- ↑ 14.0 14.1 14.2 "Restored Manakamana Temple sparkles in gold" (English ভাষাত). The Kathmandu Post. https://kathmandupost.com/national/2018/09/15/restored-manakamana-temple-sparkles-in-gold। আহৰণ কৰা হৈছে: 2021-02-10.
- ↑ Pokhrel, Nishant (2019-03-09). "Rs 140 million spent on reconstruction of Manakamana Temple" (en ভাষাত). The Himalayan Times. https://thehimalayantimes.com/nepal/rs-140-million-spent-on-reconstruction-of-manakamana-temple। আহৰণ কৰা হৈছে: 2021-02-10.
- ↑ "Rs 140 million spend on reconstruction of Manakamana Temple" (en ভাষাত). My Republica. http://myrepublica.nagariknetwork.com/news/60891/। আহৰণ কৰা হৈছে: 2021-02-10.
- ↑ "Manakamana: Nepal pilgrimage sites". Archived from the original on 9 February 2021. https://web.archive.org/web/20210209133924/http://www.nepaltrekkingpass.com/cable-car.php। আহৰণ কৰা হৈছে: 15 December 2012.
- ↑ "Manakamana darshan". Archived from the original on 5 July 2013. https://web.archive.org/web/20130705033457/http://www.chitawoncoe.com.np/manakamana/html/legend.html। আহৰণ কৰা হৈছে: 15 December 2012.