সমললৈ যাওক

মনমীত কৌৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মনমীত কৌৰ
ৰাষ্ট্ৰীয়তা পাকিস্তানী
শিক্ষানুষ্ঠান জিন্নাহ কলেজ ফ'ৰ ৱমেন, পেছাৱৰ
পেচা সাংবাদিক, সমাজকৰ্মী
সংস্থা হাম টিভি
বঁটা, সন্মান, পুৰস্কাৰ আদি ত্ৰিশ অনূৰ্ধ ১০০গৰাকী সৰ্বাধিক প্ৰভাৱশালী শিখ ব্যক্তিত্বৰ অন্তৰ্ভুক্ত


মনমীত কৌৰ (ইংৰাজী: Manmeet Kaur) এগৰাকী পাকিস্তানী সাংবাদিক আৰু সমাজকৰ্মী।[1]তেওঁ পাকিস্তানৰ প্ৰথমগৰাকী শিখ সাংবাদিক[2][3]আৰু ৩০ বছৰৰ অনুৰ্ধ ১০০গৰাকী প্ৰভাৱশালী শিখ ব্যক্তিত্বৰ বাবে মনোনীত হোৱা প্ৰথমগৰাকী।[4]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

কৌৰ পাকিস্তানৰ কেপিকে প্ৰদেশৰ পেছাৱাৰৰ অন্তৰ্গত।[5] মনমীতৰ চাৰিগৰাকী ভাই-ভনী আছে। তেওঁৰ দেউতাক আছিল এজন অৱসৰপ্ৰাপ্ত ব্যৱসায়ী। তেওঁ পেছাৱৰৰ জিন্না কলেজ ফৰ ৱমেনৰ পৰা সমাজ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে।[6][7] মনমীত বিবাহিত আৰু তেওঁৰ এটা সন্তান আছে।[8]

কৰ্মজীৱন

[সম্পাদনা কৰক]

প্ৰথম অৱস্থাত মনমীতে মডেল হ’ব বিচাৰিছিল আৰু পাকিস্তানৰ প্ৰথম শিখ মডেল হোৱাৰ আকাংক্ষা কৰিছিল। অৱশ্যে মনমীতে কয় যে তেওঁ পাকিস্তানৰ শিখ সম্প্ৰদায়ৰ বাবে বহু সামাজিক আৰু সাংস্কৃতিক বিষয় সামৰি ল’ব বিচাৰিছিল আৰু তেওঁ সাংবাদিকতাক কেৰিয়াৰ হিচাপে বাছি লৈছিল। খুৰাক ৰাজেশ টনি সিঙৰ পৰা তেওঁ সাংবাদিকতাত কাম কৰিবলৈ অনুপ্ৰাণিত হৈছিল।[6] মনমীতে যেতিয়া সাংবাদিকতাৰ কেৰিয়াৰ আৰম্ভ কৰিছিল, তেতিয়া তেওঁৰ পৰিয়ালে তেওঁক সমৰ্থন কৰা নাছিল। তেওঁলোকে কয় যে মহিলাসকলে ঘৰৰ বাহিৰত কাম কৰাটো উপযুক্ত নহয়। কিন্তু শিখ সম্প্ৰদায়ৰ কাহিনী সম্প্ৰচাৰ কৰাত মনমীতৰ মনোনিৱেশে অৱশেষত নিজৰ পৰিয়ালৰ মানুহক সুখী কৰি তুলিছিল আৰু অতি সোনকালেই তেওঁৰ সম্প্ৰদায়ৰ সমৰ্থন লাভ কৰিছিল[8]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Kiran, Jessica (2020-05-19). "Manmeet Kaur Pakistani journalist Wiki, Bio, Profile, Unknown Facts and Family Details revealed" (en-US ভাষাত). TheNewsCrunch. https://thenewscrunch.com/manmeet-kaur-pakistani-journalist-wiki-bio-profile-unknown-facts-and-family-details-revealed/21180/। আহৰণ কৰা হৈছে: 2020-11-19. 
  2. "Meet Manmeet Kaur, The First Sikh News Reporter Working In Pakistan" (en ভাষাত). Sikh Siyasat News. 2018-05-24. https://sikhsiyasat.net/meet-manmeet-kaur-the-first-sikh-news-reporter-working-in-pakistan/। আহৰণ কৰা হৈছে: 2020-11-19. 
  3. Khybri, Garvita (2018-05-29). "5 Things About Pak's First Woman Sikh Reporter You Didn't Know" (en ভাষাত). TheQuint. https://www.thequint.com/neon/gender/first-woman-sikh-reporter-in-pakistan-manmeet-kaur। আহৰণ কৰা হৈছে: 2020-11-19. 
  4. "Pakistan's First Sikh Woman Journalist Among Top 100 Influential Sikhs Under 30" (en ভাষাত). News18. 2020-05-17. https://www.news18.com/news/world/pakistans-first-sikh-woman-journalist-among-top-100-influential-sikhs-under-30-2623425.html। আহৰণ কৰা হৈছে: 2020-11-19. 
  5. "Pakistan's first feminine Sikh journalist nominated for UK award" (en-US ভাষাত). Pakistan Latest News Updates. 2020-05-17. Archived from the original on 2020-11-27. https://web.archive.org/web/20201127092813/https://www.newsupdate.pk/pakistans-first-female-sikh-journalist-nominated-for-uk-award/। আহৰণ কৰা হৈছে: 2020-11-19. 
  6. 6.0 6.1 "Pakistan's 1st woman Sikh journalist Manmeet Kaur nominated for UK award" (en-US ভাষাত). Global Punjab. 2020-05-17. https://globalpunjabtv.net/pakistans-1st-woman-sikh-journalist-manmeet-kaur-nominated-for-uk-award। আহৰণ কৰা হৈছে: 2020-11-19. 
  7. Daur, Naya (2020-05-16). "Pakistan's First Sikh Female Reporter Wins UK Award" (en-US ভাষাত). Naya Daur. http://nayadaur.tv/amp/2020/05/pakistans-first-sikh-female-reporter-wins-uk-award/। আহৰণ কৰা হৈছে: 2020-11-19. 
  8. 8.0 8.1 "First female Sikh journalist from Peshawar nominated for UK award | TNN" (en-US ভাষাত). TNN | Tribal News Network. 2020-05-05. Archived from the original on 2020-11-27. https://web.archive.org/web/20201127123156/https://www.tnn.com.pk/first-female-sikh-journalist-from-peshawar-nominated-for-uk-award/। আহৰণ কৰা হৈছে: 2020-11-19.