মনসা চালি
অৱয়ব
| মনসা চালি chali বাঁকুৰা পাঁচমুৰা পোৰামাটিৰ শিল্প | |
|---|---|
| ভৌগোলিক স্বীকৃতি | |
মনসা চালি | |
| বৰ্ণনা | পশ্চিম বংগৰ বিখ্যাত টেৰাকোটা শিল্প মনসা চালি |
| অঞ্চল | পাঁচমূৰা, বাঁকুৰা, পশ্চিম বংগ |
| দেশ | |
| পঞ্জীয়ন | ২৮ মাৰ্চ ২০১৮ |
| উপাদান | বোকামাটি |
| ৱেৱছাইট | ipindiaservices.gov.in |
মনসা চালি বা মনসা বাৰী (ইংৰাজী: Manasa chali ) দেৱী মনসাৰ এক অনন্য মাটিৰ প্ৰতিমা, যি ভাৰতৰ পশ্চিম বংগৰ পাঁচমুৰাৰ পোৰামাটিৰ শিল্পকলাৰ তথা পশ্চিম বংগৰ শিল্পকলাৰ উত্তম নিদৰ্শন। দেৱী প্ৰতিমাৰ চালচিত্ৰৰ দৰে ইয়াৰ মনসাৰ চালিত দেৱী মনসাৰ প্ৰতীকিস্বৰূপ অৰ্ধচন্দ্ৰাকৃতিৰ ৰূপত ফণা মেলি থকা সৰ্পৰ শাৰী থাকে।[1] মনসা চালি সাধাৰণতে ক’লা অথবা ৰঙা ৰঙৰ হয়।[2]
সৰ্পদেৱী মনসাক মূলতঃ সৰ্প দংশনৰ পৰা ৰক্ষা পাবলৈ পূজা কৰা হয়। শিৱ ভক্ত চান্দ সদাগৰৰ আখ্যান সমগ্ৰ বাঁকুৰা জিলাতে সুপৰিচিত। পাঁচমুৰাত মনসা চালি আৰু মনসা ঘট পূজা কৰা হয়।[3]
মনসা চালিয়ে ‘বাঁকুৰা পাঁচমূৰা টেৰাকোটা ক্ৰাফ্ট’ নামেৰে ২০১৮ চনৰ ২৮ মাৰ্চত ভৌগোলিক সূচক (GI) টেগ লাভ কৰে। [4]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Satra, Tarapada (December 2000). Paschimbanger Lokshilpa O Shilpisamaj. Lokosanskriti o Adibasi Sanskriti Kendra. পৃষ্ঠা. 63–64. https://archive.org/details/in.ernet.dli.2015.265787.
- ↑ "Panchmura terracotta craft become the symbol of Indian folk-art" (en-US ভাষাত). Hand Made Toys. 2016-07-03. https://seemaawasthiblog.wordpress.com/2016/07/03/panchmura-terracotta-craft-become-the-symbol-of-indian-folk-art/.
- ↑ Dasgupta, Samira; Biswas, Rabiranjan; Mallik, Gautam Kumar (2009) (en ভাষাত). Heritage Tourism: An Anthropological Journey to Bishnupur. Mittal Publications. ISBN 9788183242943. https://books.google.com/books?id=_0_o9Qj1LOEC&q=manasa+chali&pg=PR12.
- ↑ "Details | Geographical Indications | Intellectual Property India" (en ভাষাত). ipindiaservices.gov.in. http://ipindiaservices.gov.in/GirPublic/Application/Details/453। আহৰণ কৰা হৈছে: 2018-08-05.