মনিকা আমেকোৱাফিয়া
| মনিকা আমেকোৱাফিয়া | |
|---|---|
| জন্ম | ৩০ জুন, ১৯৩৪ আলাভানিঅ’, গোল্ড ক’ষ্ট |
| মৃত্যু | ২৪ জুন, ১৯৯০ (৫৫ বছৰ) |
| অন্য নাম | মিচেছ মনিকা মাৰা |
| জনা যায় | ১৯৫৭ চনৰ প্ৰথম মিছ ঘানা সৌন্দৰ্য প্ৰতিযোগিতাৰ বিজয়ী |
মনিকা আমেকোৱাফিয়া (৩০ জুন ১৯৩৪ – ২৪ জুন ১৯৯০) এগৰাকী ঘানীয় মহিলা আৰু ১৯৫৭ চনত ট্ৰেন্স-ভল্টা টোগোলেণ্ডক প্ৰতিনিধিত্ব কৰি অনুষ্ঠিত হোৱা প্ৰথম সংস্কৰণৰ মিছ ঘানা প্ৰতিযোগিতাৰ বিজয়ী আছিল।[1] তেওঁ ৯ নম্বৰ প্ৰতিযোগী আছিল। তেওঁৰ এই নম্বৰটোৰ বাবেই ভল্টা অঞ্চলৰ লোকসকলক নম্বৰ ৯ বুলি কোৱা হয়।[2]
১৯৩৪ চনৰ জুন মাহত গোল্ড ক’ষ্টৰ ট্ৰেন্স-ভল্টা টোগোলেণ্ডৰ আলাভানিঅ’ত আগষ্টাচ আমেকোৱাফিয়া আৰু আনাস্তাচিয়া আপাউৰ ঘৰত তেওঁৰ জন্ম হৈছিল। পৰৱৰ্তী সময়ত তেওঁ যুক্তৰাজ্যৰ লণ্ডনত হেনৰী কফি মাৰা নামৰ এজন ঘানীয় কূটনীতিবিদৰ সৈতে বিবাহপাশত আবদ্ধ হয়। বিবাহৰ সময়ত মনিকাৰ পূৰ্বৰ সম্পৰ্কৰপৰা দুজন পুত্ৰ সন্তান আছিল। তেওঁলোকৰ দম্পতীৰ চাৰিটা সন্তান আছিল। ১৯৬১ চনত তেওঁৰ স্বামী চেক’স্লোভাকিয়াৰ ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি পোৱাৰ পিছত সেই বছৰতে মাৰা পৰিয়ালটো প্ৰাগলৈ স্থানান্তৰিত হয়। ১৯৬৩ চনত মনিকাৰ স্বামীক হাংগেৰীত নিযুক্তি দিয়া হয় আৰু তাত তেওঁ পৰিয়ালৰ সৈতে ১৯৬৬ চনলৈকে বাস কৰে। ১৯৬৬ চনৰ ২৪ ফেব্ৰুৱাৰীত সামৰিক নেশ্যনেল লিবাৰেচন কাউঞ্চিলে এনক্ৰুমাহ চৰকাৰক উৎখাত কৰি কৰা সামৰিক অভ্যুত্থানৰ পিছত তেওঁ পৰিয়ালৰ সৈতে ঘানালৈ উভতি আহে। মনিকাই ঘানাত স্থায়ীভাৱে বসবাস কৰিবলৈ লয় আৰু ঘৰৰ কাম-কাজৰ লগতে তেওঁ ঘৰৰপৰাই বিভিন্ন ব্যৱসায়ত নিয়োজিত হয়। তেওঁৰ মূল ব্যৱসায় আছিল দৰ্জীৰ কাম (dressmaking), ইয়াৰ উপৰি তেওঁ টাই এণ্ড ডাই ব্যৱসায় আৰু চাবোন প্ৰস্তুত কৰা কাৰ্যৰ সৈতেও জড়িত আছিল।
কূটনৈতিক কেৰিয়াৰৰ পিছত ব্যক্তিগত ব্যৱসায়ত মনোনিৱেশ কৰা তেওঁৰ স্বামী হেনৰীৰ ১৯৮৫ চনৰ ছেপ্টেম্বৰ মাহত মৃত্যু হয়। ১৯৯০ চনৰ ২৪ জুনত হাপানী (asthma attack) ৰোগত আক্ৰান্ত হৈ মনিকাৰ মৃত্যু হয়।
ঘানাৰ ভল্টা অঞ্চলৰ হোহোৱত তেওঁৰ সন্মানত এখন মূৰ্তিও উন্মোচন কৰা হৈছে।[3]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Twum, Chris (4 March 2011). "Miss Ghana@57". thechronicle.com.gh. http://thechronicle.com.gh/miss-ghana57/। আহৰণ কৰা হৈছে: 2 July 2015.
- ↑ Akpablie, King Norbert (19 February 2015). "Be proud to be a Voltarian – Chief". citifmonline.com. Archived from the original on 2 July 2015. https://web.archive.org/web/20150702185817/http://regional.citifmonline.com/2015/02/19/proud-voltarian-chief/। আহৰণ কৰা হৈছে: 2 July 2015.
- ↑ "Monica Amekoafia- The reason why Voltarians are called Number 9". ghanamuseum.com. https://ghanaianmuseum.com/meet-monica-amekoafia-the-reason-why-voltarians-are-called-number-9/। আহৰণ কৰা হৈছে: 2 February 2020.