সমললৈ যাওক

মনিকা ক্ৰুজ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মনিকা ক্ৰুজ

২০১০ চনত ক্ৰুজ
জন্ম মনিকা ক্ৰুজ ছানচেজ
১৪ মাৰ্চ, ১৯৭৭ (৪৯ বছৰ)
আলকোবেণ্ডাছ, স্পেইন
পেচা অভিনেত্ৰী, নৃত্যশিল্পী, মডেল
সক্ৰিয় হৈ থকা সময় ১৯৯৯–বৰ্তমান
সন্তান
আত্মীয়-স্বজন পেনেলোপি ক্ৰুজ (ভনীয়েক)

মনিকা ক্ৰুজ ছানচেজ (ইংৰাজী: Mónica Cruz Sánchez; জন্ম: ১৪ মাৰ্চ, ১৯৭৭) এগৰাকী স্পেনিছ অভিনেত্ৰী আৰু নৃত্যশিল্পী। তেওঁ অভিনেত্ৰী পেনেলোপি ক্ৰুজৰ সৰু ভনীয়েক। তেওঁ দ্য ইনকুৱাৰী (২০০৬), লাষ্ট আৱাৰ (২০০৮), জেৰী কটন (২০১০) আৰু আইৰন ক্ৰছ (২০১১) আদি চলচ্চিত্ৰত অভিনয় কৰিছে।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

মনিকা ক্ৰুজৰ জন্ম হৈছিল স্পেইনৰ মাদ্ৰিদৰ আলকোবেণ্ডাছ নামৰ এখন শ্ৰমিক প্ৰধান চহৰত।[1] তেওঁ এগৰাকী কেশসজ্জাশিল্পী এনকাৰ্না ছানচেজ আৰু এজন খুচুৰা ব্যৱসায়ী তথা অটো মেকানিক এডুয়াৰ্ডো ক্ৰুজৰ (মৃত্যু ২০১৫) কন্যা।[2][3][4] সমগ্ৰ শৈশৱকাল তেওঁ আলকোবেণ্ডাছতে কটাইছিল। তিনিজন সন্তানৰ ভিতৰত তেওঁ মাজু; তেওঁৰ ডাঙৰ ভগ্নী পেনেলোপি ক্ৰুজ এগৰাকী অভিনেত্ৰী আৰু সৰু ভাতৃ এডুয়াৰ্ডো (জন্ম ১৯৮৬) এজন গায়ক।[5][6] ১৯৯৯ চনত তেওঁৰ পিতৃ-মাতৃৰ বিবাহ বিচ্ছেদ হয় আৰু ২০০৩ চনত তেওঁৰ পিতৃয়ে কাৰ্মেন মৰেনোৰ সৈতে পুনৰ বিবাহপাশত আবদ্ধ হয়। মৰেনোৱে ২০১২ চনৰ ২৪ ফেব্ৰুৱাৰীত ছালমা ক্ৰুজ নামৰ এগৰাকী কন্যা সন্তানৰ জন্ম দিয়ে।[7] পেনেলোপি আৰু মনিকাই এগৰাকী প্ৰতিশ্ৰুতিসম্পন্ন তৰুণী নৃত্যশিল্পী হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছিল আৰু দুয়োৱে পেছাদাৰী প্ৰশিক্ষণ লাভ কৰিছিল; পেনেলোপিয়ে স্পেইনৰ নেচনেল কনজাৰ্ভেটৰীত অধ্যয়ন কৰাৰ বিপৰীতে মনিকাই পৰম্পৰাগত বেলে আৰু ফ্লেমেংকো নৃত্যৰ অধ্যয়নৰ বাবে দ্য ৰয়েল একাডেমী অৱ ডান্সত নামভৰ্তি কৰিছিল।

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]
২০০৭ চনৰ জুলাই মাহত মাদ্ৰিদৰ নিজৰ নৃত্য ষ্টুডিঅ’ত মনিকা ক্ৰুজ।

২০১৩ চনৰ ১৪ মে’ত তেওঁ নিজৰ একমাত্ৰ সন্তান এণ্টোনেলা ক্ৰুজ ছানচেজৰ জন্ম দিয়ে।[8][9] তেওঁৰ কন্যা কৃত্ৰিম প্ৰজননৰ জৰিয়তে গৰ্ভধাৰণ কৰা হৈছিল আৰু তেওঁৰ কোনো আইনী পিতৃ নাই।[10][11]

ক্ৰুজে ফ্লেমেংকো নৃত্য ভাল পায় আৰু এই সন্দৰ্ভত তেওঁ কয়, "নৃত্য মোৰ প্ৰথম চখ। ই এক আশ্চৰ্যজনক অনুশাসন শিকায় আৰু সেই অনুশাসন আপোনাৰ লগত সদায় থাকি যায়। মোৰ ভগ্নী আৰু মই ই আমাক কিমান সহায় কৰিছে সেই বিষয়ে সকলো সময়তে কথা পাতো।" [10]


তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Oraá, María Salas (2018-10-21). "Mónica Cruz: "Mi hermana, mi madre y yo hemos vivido en un matriarcado"" (es ভাষাত). El País. ISSN 1134-6582. https://elpais.com/elpais/2018/10/18/gente/1539861712_670932.html.
  2. "Penelope Cruz's Father Died: Eduardo Cruz Dies at 62 | PEOPLE.com". http://people.com/movies/penelope-cruzs-father-died-eduardo-cruz-dies-at-62/.
  3. "Penelope Cruz Biography (1974-)". Filmreference.com. http://www.filmreference.com/film/70/Penelope-Cruz.html আহৰণ কৰা হৈছে: 6 September 2013.
  4. "The Rising Star of Penelope Cruz". CBS News. https://www.cbsnews.com/news/the-rising-star-of-penelope-cruz-15-01-2010/.
  5. de Vries, Hilary (9 June 2013). "Penelope Cruz: Will She Say I Do, or I Don't". Marie Claire. http://www.marieclaire.com/celebrity-lifestyle/celebrities/penelope-cruz-3 আহৰণ কৰা হৈছে: 6 September 2013.
  6. "Sister Act" (en ভাষাত). Peoplemag. https://people.com/archive/sister-act-vol-69-no-16/ আহৰণ কৰা হৈছে: 2022-08-30.
  7. "Penelope Cruz's sister born after father welcomes little girl with second wife Carmen Moreno.". hellomagazine.com. 29 February 2012. http://www.hellomagazine.com/celebrities/201202297323/penelope-cruz-little-sister-born/ আহৰণ কৰা হৈছে: 6 September 2013.
  8. ESME (16 March 2016). "Monica Cruz: Single Mother by Choice" (en ভাষাত). ESME. https://esme.com/single-moms/solo-mom-in-the-spotlight/monica-cruz-brief-biography আহৰণ কৰা হৈছে: 16 July 2019.
  9. Voxxi, Voxxi (24 May 2013). "Monica Cruz Welcomes Baby Girl" (en ভাষাত). HuffPost. https://www.huffpost.com/entry/monica-cruz-has-baby-girl_n_3332568 আহৰণ কৰা হৈছে: 15 August 2019.
  10. 1 2 ESME (15 March 2016). "Monica Cruz: Single Mother by Choice" (en ভাষাত). ESME. https://esme.com/single-moms/solo-mom-in-the-spotlight/monica-cruz-brief-biography আহৰণ কৰা হৈছে: 15 August 2019.
  11. "Penelope Cruz's Sister Monica Cruz Pregnant Using Artificial Insemination" (en ভাষাত). Peoplemag. https://people.com/parents/penelope-cruzs-sister-monica-cruz-pregnant-using-artificial-insemination/ আহৰণ কৰা হৈছে: 2022-08-30.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]