সমললৈ যাওক

মনু লিম্বু

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মনু লিম্বু
জন্ম ১৬ মাৰ্চ, ১৯৮৪ (৪২ বছৰ)
ৰাষ্ট্ৰীয়তা নেপালী
পেচা গায়িকা

মনু লিম্বু (ইংৰাজী: Manu Limbu;[1][2][3] জন্ম: ১৬ মাৰ্চ ১৯৮৪) নেপাল সংগীত উদ্যোগৰ এগৰাকী লোক-গায়িকা।[4] তেওঁ ২০১০ চনত বছৰৰ শ্ৰেষ্ঠ গায়িকা বঁটা আৰু ২০১৬ চনত দ্বিতীয় নেচনেল কেপিটেল এৱাৰ্ড লাভ কৰিছে।

কেৰিয়াৰ

[সম্পাদনা কৰক]

শৈশৱৰ পৰাই মনুৱে ১৮ বছৰতকৈও অধিক সময় ধৰি নেপালী আধুনিক আৰু লোক-গীতকে ধৰি শতাধিক সংগীত এলবাম বাণীবদ্ধ কৰিছে। তেওঁৰ সংগীত এলবামসমূহ হ'ল মাণ্ড মাণ্ড;[4] এলবামটোৰ জনপ্ৰিয় গীতসমূহ হৈছে মাণ্ডা মাণ্ডা, গুটু মুটু, আই দিয়াউ, গুনাসো ৰাহায়ো, ছান ছান চুৰা বাজ্যো, চ্যাত্যু টিমিলে, টিম্ৰো মুস্কান, আউ আউ, আৰু আন এটা জনপ্ৰিয় সংগীত এলবাম মোহিনী; ইয়াৰ গীত সমূহ হৈছে লুকি লুকি, পৰে কাছো হোলা, ছিৰাইমা খুলছা, কহিলে হাছদৈ, হেৰী ৰহনচু মা, আউনা বলা আদি৷ এই গীত সমূহ নেপালী শ্ৰোতাৰ মাজত জনপ্ৰিয় হৈ আহিছে।

তেওঁৰ অন্য কিছুমান গীত হ’ল কদম কদম, ৰেশমী ৰুমাল, আৰু চাচোক ধননাম-লিম্বু ছং। ইয়াৰ উপৰিও তেওঁ মাণ্ড মাণ্ড, টিমৰো মুস্কান, আৰু পাৰে কাছ' হোলা আদি মিউজিক ভিডিঅ'ত অভিনয় কৰিছে৷

গায়িকাৰ লগতে তেওঁ এগৰাকী সুৰকাৰ, গীতিকাৰ আৰু এগৰাকী মডেলো। নেপাল আৰু অন্যান্য দেশৰ বহু সংগীত অনুষ্ঠানত তেওঁ অংশগ্ৰহণ কৰিছে। এগৰাকী শ্ৰেষ্ঠ গায়িকা হিচাপে নেপালী সংগীতত তেওঁৰ কৰ্মই গুণগত সংগীতৰ দিশত এক নতুন মাইলৰ খুঁটি স্থাপন কৰিছে। তেখেতে ২০১০ চনৰ শ্ৰেষ্ঠ গায়িকা আৰু ২০১৬ চনৰ দ্বিতীয় নেচনেল কেপিটেল এৱাৰ্ড লাভ কৰিছে। বহুতো সামাজিক সজাগতা প্ৰকল্প যেনে ৰাজপথৰ নাটক, ঘৰুৱা হিংসাৰ বিৰুদ্ধে নাটক, আৰু এইচ আই ভি সজাগতা কাৰ্যসূচীত অংশগ্ৰহণ কৰা বাবে তেওঁ নেপালী লোকসকলৰ এগৰাকী প্ৰিয় কণ্ঠশিল্পী৷

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Good Morning TV Nepal (4 October 2016). "Interview With Singer MANU LIMBU By Shobha Tripathi". https://www.youtube.com/watch?v=SNLfiZLDkIA আহৰণ কৰা হৈছে: 9 December 2017.
  2. Osnepal News (30 December 2016). "Live Chat with Singer Manu Limbu by Yojana Puri". https://www.youtube.com/watch?v=6VGLTPAWMXU আহৰণ কৰা হৈছে: 9 December 2017.
  3. Sky Television (23 June 2016). "90 MINUTES with manu limbu SKY HD". https://www.youtube.com/watch?v=0Of1JD8heAg আহৰণ কৰা হৈছে: 9 December 2017.
  4. 1 2 "मन्द मन्दका साथ मनु" (hi ভাষাত). Sourya Daily. 16 November 2017. Archived from the original on 1 December 2017. https://web.archive.org/web/20171201041325/http://www.souryadaily.com/2013/02/56036.html আহৰণ কৰা হৈছে: 23 November 2017.