সমললৈ যাওক

মনোজ মিত্ৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মনোজ মিত্ৰ

২০১৩ চনত মিত্ৰ
জন্ম ২২ ডিচেম্বৰ, ১৯৩৮
ধূলিহৰ, সাতক্ষীৰা জিলা, খুলনা ডিভিজন, বেঙ্গল প্ৰভিঞ্চ, বৃটিছ ভাৰত[1]
মৃত্যু ১২ নৱেম্বৰ, ২০২৪ (৮৫ বছৰ)
কলকাতা, পশ্চিমবঙ্গ, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা অভিনেতা, থিয়েটাৰ শিল্পী, নাট্যকাৰ
জনা যায় থিয়েটাৰ, অভিনয়

মনোজ মিত্ৰ (ইংৰাজী: Manoj Mitra; ২২ ডিচেম্বৰ ১৯৩৮ – ১২ নৱেম্বৰ ২০২৪) [2] হ'ল এজন বাঙালী থিয়েটাৰ, চলচ্চিত্ৰ আৰু টেলিভিছনৰ অভিনেতা আৰু নাট্যকাৰ। [3] [4] [5] [6]

প্ৰাথমিক জীৱন

[সম্পাদনা কৰক]

১৯৩৮ চনৰ ২২ ডিচেম্বৰত ব্ৰিটিছ ভাৰতৰ সাতক্ষীৰা জিলাৰ ধূলিহৰ গাঁৱত মনোজ মিত্ৰৰ জন্ম হৈছিল। [7] ১৯৫৭ চনত কলকাতাত মঞ্চ নাটকত অভিনয় কৰিবলৈ আৰম্ভ কৰে। ১৯৭৯ চনত তেওঁ চলচ্চিত্ৰত অভিনয় কৰিবলৈ আৰম্ভ কৰে। ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ত নাট্যকলা বিভাগৰ মুৰব্বী হিচাপে যোগদান কৰাৰ পূৰ্বে তেওঁ বিভিন্ন মহাবিদ্যালয়ত দৰ্শন বিষয়ত অধ্যাপনাও কৰিছিল।

যদিও তেওঁ ১৯৫৯ চনতে প্ৰথমখন নাট ৰচনা কৰিছিল আৰু যিখন নাটকে‍ তেওঁক প্ৰথম স্বীকৃতি প্ৰদান কৰিছিল, তথাপি কিন্তু ১৯৭২ চনত বিভাস চক্ৰৱৰ্তী নিদেৰ্শনাত পৰিচালিত চাঁক ভাঙা মধু নামৰ নাটকখনেৰে তেওঁ নিজৰ উপস্থিতি প্ৰমাণ কৰিছিল।

বঁটা আৰু সন্মান

[সম্পাদনা কৰক]
  • শ্ৰেষ্ঠ নাট্যকাৰৰ সংগীত নাটক অকাডেমীৰ বঁটা (১৯৮৫)
  • শ্ৰেষ্ঠ নাট্যকাৰৰ বাবে কলিকতা বিশ্ববিদ্যালয় বঁটা (১৯৮৬)
  • শ্ৰেষ্ঠ নাট্যকাৰৰ বাবে পশ্চিমবঙ্গ ৰাজ্য চৰকাৰৰ বঁটা (১৯৮৩ আৰু ১৯৮৯)
  • এছিয়াটিক ছ'চাইটিৰ স্বৰ্ণ পদক (২০০৫)
  • শ্ৰেষ্ঠ অভিনেতাৰ বাবে ইষ্ট ফিল্মফেয়াৰ বঁটা (১৯৮০)
  • বাংলাদেশ থিয়েটাৰ চছাইটি‍ৰ তৰফৰ পৰা মুনীৰ চৌধুৰী বঁটা (২০১১)
  • দীনবন্ধু বঁটা (২৫ মে' ২০১২)
  • কলাকাৰ বঁটা [8]
  • আত্মজীৱনীমূলক গ্ৰন্থ মনোজাগতিক-ৰ বাবে ১৪৩০ বঙ্গাব্দৰ আনন্দ পুৰস্কাৰ (২০২৪) [9]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Veteran Bengali actor Manoj Mitra passes away" (en ভাষাত). The Indian Express. 2024-11-12. https://indianexpress.com/article/cities/kolkata/manoj-mitra-theatre-bengal-film-actor-passes-away-9665597/ আহৰণ কৰা হৈছে: 2024-11-13.
  2. "Manoj Mitra Passes Away: নক্ষত্ৰপতন! প্ৰয়াত কিংবদন্তি অভিনেতা, নাট্য ব্যক্তিত্ব মনোজ মনোজ মিত্ৰ...". Zee24Ghanta.com. 2024-11-12. https://zeenews.india.com/bengali/entertainment/veteran-bengali-actor-manoj-mitra-passes-away_549738.html আহৰণ কৰা হৈছে: 2024-11-12.
  3. প্ৰতিবেদন, নিজস্ব. "manoj mitra | ‘মনোজাগতিক’ সন্ধ্যায় নাটকেৰ স্মৃতিকথাৰা" (bn ভাষাত). www.anandabazar.com. https://www.anandabazar.com/west-bengal/kolkata/an-evening-with-manoj-mitra-dgtl/cid/1315414 আহৰণ কৰা হৈছে: 2023-03-04.
  4. "ভিড়ে হাৰিয়ে গেল ছাতা, আৰ হাৰিয়ে গেল দেশ: মনোজ মিত্ৰ" (bn ভাষাত). Hindustantimes Bangla. 2022-08-13. Archived from the original on 4 March 2023. https://web.archive.org/web/20230304055811/https://bangla.hindustantimes.com/lifestyle/manoj-mitra-share-his-memory-of-first-independence-day-31660394893883.html আহৰণ কৰা হৈছে: 2023-03-04.
  5. "বাংলাৰ গৰ্ব অমৰ্ত্য সেনকে অপমান, বিদ্যুতেৰ উপাচাৰ্য পদে থাকাৰ যৌক্তিকতা নিয়ে প্ৰশ্ন বিশিষ্টদেৰ". www.sangbadpratidin.in. https://www.sangbadpratidin.in/kolkata/question-arise-on-eligibility-of-bidyut-chakraborty-as-viswa-bharati-university-vc-after-insulting-amartya-sen/ আহৰণ কৰা হৈছে: 2023-03-04.
  6. "ট্ৰামেৰ কামৰায় দামি পাৰ্কাৰ কলম চুৰি হয়েছিল তাঁৰ পকেট থেকে, নষ্টালজিক মনোজ মিত্ৰ" (bn ভাষাত). News18 Bengali. 2023-02-25. Archived from the original on 20 December 2024. https://web.archive.org/web/20241220131031/https://bengali.news18.com/news/kolkata/manoj-mitra-the-eminent-theatre-personality-becomes-nostalgic-about-tram-ride-in-kolkata-arc-1001737.html আহৰণ কৰা হৈছে: 2023-03-04.
  7. "দৈনিক প্ৰথমআলো। প্ৰতিবেদন প্ৰকাশিত হয়েছে ০৬-০১-২০১০।". Archived from the original on ২০১৭-০২-২৩. https://web.archive.org/web/20170223162732/http://archive.prothom-alo.com/detail/date/2010-01-06/news/32758 আহৰণ কৰা হৈছে: ২০১৪-০১-১২.
  8. "Kalakar award winners". Kalakar website. Archived from the original on 25 April 2012. https://web.archive.org/web/20120425155216/http://kalakarawards.co/images/listofawardees.pdf আহৰণ কৰা হৈছে: 16 October 2012.
  9. "তিন ভুবনেৰ পাৰে আনন্দ-নিৰ্বাচন". Archived from the original on 16 April 2024. https://web.archive.org/web/20240416190707/https://mepaper.anandabazar.com/imageview_76606_32358385_4_71_14-04-2024_0_i_1_sf.html আহৰণ কৰা হৈছে: ২০২৪-০৪-১৪.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]