মনোৰঞ্জন শাস্ত্ৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা

আচাৰ্য্য মনোৰঞ্জন শাস্ত্ৰী (১৯১১–১৯৮৮) অসমৰ এগৰাকী প্ৰসিদ্ধ সংস্কৃত পণ্ডিত, সাহিত্যিক আৰু অধ্যাপক। আচাৰ্য্য মনোৰঞ্জন শাস্ত্ৰীৰ জন্ম হয় খ্ৰীঃ ১৯১১ চনৰ মাৰ্চ মাহত দৰং জিলাৰ অন্তৰ্গত ভেৰুৱা গাঁৱত। পিতৃ শ্যামদেৱ শৰ্মা আৰু মাতৃ ভোগেশ্বৰী দেৱী।[1]

শিক্ষা আৰু সন্মান[সম্পাদনা কৰক]

শাস্ত্ৰীয়ে প্ৰথম অৱস্থাত পিতৃৰ ওচৰত সাধাৰণভাৱে সংস্কৃতৰ জ্ঞানলাভ কৰাৰ পাচত ঘৰৰ ওচৰৰে নাপ্তাপাৰা গণেশ্বৰী সংস্কৃত পাঠশালাত নাৰায়ণচন্দ্ৰ শৰ্মা উপাধ্যায়ৰ ওচৰত সংস্কৃতৰ অধ্যয়ন আৰম্ভ হয়।[1] সেই সময়তে গুৱাকুছি দৰ্শন বিদ্যালয়ৰ অধ্যাপক ৰঘুনাথ শিৰোমণিদেৱৰ আকস্মিকভাৱে সান্নিধ্য লাভ হয় আৰু গুৱাকুছিলৈ গুচি আহে। ১৯৩০ চনত এই বিদ্যালয়ৰ পৰা প্ৰয়োগ-ৰত্নমালা ব্যাকৰণৰ উপাধি পৰীক্ষা দি অসম সংস্কৃত বোৰ্ডৰ ‘ব্যাকৰণ শাস্ত্ৰী’ উপাধি লাভ কৰে। তাৰপাচত দতৰাৰ ব্ৰহ্মময়ী চতুষ্পাঠীত "শিৱনাথ বুজবৰুৱা স্মৃতিতীৰ্থদেৱৰ ওচৰত স্মৃতিশাস্ত্ৰৰ অধ্যয়ন কৰে আৰু ১৯৩৪ চনত পৰীক্ষা দি প্ৰথম শ্ৰেণীত উত্তীৰ্ণ হৈ স্বৰ্ণপদকসহ 'স্মৃতিশাস্ত্ৰী' উপাধি লাভ কৰে।[1] উচ্চশিক্ষাৰ কাৰণে কলিকতা সংস্কৃত কলেজত গৈ নাৰায়ণচন্দ্ৰ স্মৃতিতীৰ্থৰ ওচৰত স্মৃতিশাস্ত্ৰৰ অধ্যয়ন কৰে আৰু ১৯৩৫ চনত বঙ্গীয় সংস্কৃত পৰিষদৰ পৰীক্ষা দি স্বৰ্ণপদকৰ সৈতে প্ৰথম শ্ৰেণীত উত্তীৰ্ণ হৈ ‘স্মৃতিতীৰ্থ’ উপাধি লাভ কৰে। সেই বছৰতে নবদ্বীপৰ বঙ্গবিবুধজননী সভা আৰু ঢাকাৰ পূৰ্ববঙ্গ সাৰস্বত সমাজৰ দ্বাৰা পৰিচালিত স্মৃতিশাস্ত্ৰৰ পৰীক্ষাত স্বৰ্ণপদকসহ প্ৰথম শ্ৰেণীত উত্তীৰ্ণ হৈ ক্ৰমে ‘স্মৃতিৰত্ন’ আৰু ‘ধৰ্মশাস্ত্ৰাচাৰ্য্য’ উপাধি লাভ কৰে।[1] কলিকতা সংস্কৃত কলেজতে মহামহোপাধ্যায় ড° যোগেন্দ্ৰনাথ বাগ্চীৰ ওচৰত পূৰ্ব আৰু উত্তৰ মীমাংসা শাস্ত্ৰৰ অধ্যয়ন কৰে। ১৯৩৭ চনত বঙ্গীয় সংস্কৃত পৰিষদৰ মীমাংসা শাস্ত্ৰৰ পৰীক্ষাত স্বৰ্ণপদকসহ প্ৰথম শ্ৰেণীত উত্তীৰ্ণ হৈ 'মীমাংসাতীৰ্থ’ উপাধি লাভ কৰে। ১৯৪০ চনত অসম সংস্কৃত বোৰ্ডৰ পৰিচালিত বেদান্তশাস্ত্ৰৰ পৰীক্ষা দি স্বৰ্ণপদকসহ প্ৰথম শ্ৰেণীত উত্তীৰ্ণ হৈ ‘বেদান্তশাস্ত্ৰী’ আৰু পিচৰ বছৰত (১৯৪১) বঙ্গীয় সংস্কৃত পৰিষদৰ পৰীক্ষাত প্ৰথম শ্ৰেণীসহ ‘বেদান্ততীৰ্থ’ উপাধি লাভ কৰে। উত্তৰ প্ৰদেশৰ অযোধ্যা পণ্ডিত সভাই বিদ্যাভূষণ’ আৰু নলবাৰীৰ কামৰূপ সংস্কৃত সঞ্জীৱনী সভাই ‘দৰ্শনাচাৰ্য্য’ উপাধি প্ৰদান কৰে। কৃতী সংস্কৃত শিক্ষক ৰূপে ১৯৬৬ চনত ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰণালয়ৰ শিক্ষক পুৰস্কাৰ লাভ, ১৯৭৫ চনত ভাৰতৰ ৰাষ্ট্ৰপতিৰ পৰা সন্মান পত্ৰ (Certificate of Honour) আৰু বৃত্তি লাভ কৰে। অসমৰ সংস্কৃত পণ্ডিতসকলৰ ভিতৰত পোনপ্ৰথমে এখেতেই এই সম্মান লাভৰ গৌৰৱ অৰ্জন কৰে।[1]

কৰ্মজীৱন[সম্পাদনা কৰক]

শ্ৰীশাস্ত্ৰী নলবাৰী সংস্কৃত কলেজৰ প্ৰতিষ্ঠাপক, অধ্যক্ষ। শ্ৰীহট্ট গৱৰ্ণমেণ্ট কলেজতো কিছুদিন কাম কৰিছিল। পাচত অসম সংস্কৃত কলেজতো প্ৰায় চাৰি বছৰ কাল অধ্যাপনা কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগত কিছুদিন অনাবাসিক অধ্যাপক (Visiting Professor) ৰূপে অধ্যাপনা কৰে।

সাহিত্য কৃতি[সম্পাদনা কৰক]

অসমীয়া গ্ৰন্থ

  • অসমৰ বৈষ্ণৱ-দৰ্শনৰ ৰূপৰেখা (আলোচনা-গ্ৰন্থ, ১৯৫৪)
  • পতাকা প্ৰকাশ (আলোচনা-গ্ৰন্থ, ১৯৫৮)
  • সাহিত্য-দৰ্শন (অলংকাৰ গ্ৰন্থ, ১৯৬২, ১৯৭০, ১৯৮৮)
  • বুদ্ধচৰিত (জীৱনী, ১৯৭০)
  • কুমাৰিল ভট্টপাদ আৰু আচাৰ্য্য ধৰ্মকীৰ্তি (আলোচনা গ্ৰন্থ, ১৯৮৬)
  • বাক্যাৰ্থবোধ (আলোচনা গ্ৰন্থ, ১৯৮৮)
  • পুৰণি অসমৰ ধৰ্ম আৰু দৰ্শন (সমীক্ষামূলক গ্ৰন্থ, ১৯৯০)
  • বৈদিক দৰ্শনৰ ৰূপৰেখা (সমীক্ষামূলক গ্ৰন্থ)

সংস্কৃত গ্ৰন্থ

  • চতু: শতাধিক প্ৰশত্তি-শ্লোক
  • কেতকী কাব্যম্ (অনূদিত, ১৯৬৪)
  • পতাকায়ায়ঃ (কাব্য, ১৯৬৬)
  • উতঙ্ক ভৈক্ষম্ (নাটক, ১৯৭৪)
  • প্ৰকাম কামৰূপম্‌ (কাব্য, ১৯৯০)
  • স্মৃতি-জ্যোতিষ-সাৰ সংগ্ৰহ (সম্পাদিত, ধৰ্মশাস্ত্ৰ বিষয়ক, ১৯৬৪, ড° প্ৰভাপ চন্দ্ৰ চৌধুৰীৰ যুটীয়া সম্পাদনাত)
  • স্মৃতি সাগৰ সাৰ (সম্পাদিত, জ্যোতিষশাস্ত্ৰ বিষয়ক)
  • জ্যোতিমালা (সম্পাদিত, জ্যোতিষশাস্ত্ৰ বিষয়ক)
  • গ্ৰহণ কৌমুদী (সম্পাদিত, ধৰ্মশাস্ত্ৰ বিষয়ক)
  • স্মৃতি-জ্যোতিষ সংগ্ৰহ (সম্পাদিত, ধৰ্মশাস্ত্ৰ বিষয়ক)

অপ্ৰকাশিত গ্ৰন্থ

  • বালমনোৰঞ্জনী (সংস্কৃত)[2]

প্ৰবন্ধ / নিবন্ধ

  1. অসমীয়া: (নিৰ্বাচিত)[2]

ক. অসমত সংগীত চৰ্চ্চা [ ৰামধেনু, ৬ষ্ঠ বছৰ, বহাগ, জেঠ, ১৮৭৫ শক]
খ. দৰঙ্গীয়া লোক সংগীতত ঢেপাঢুলীয়। [ ৰূপালী জয়ন্তী স্মৃতি গ্ৰন্থ মঙ্গলদৈ মহাবিদ্যালয়, ১৯৭৬]
গ.কামৰূপীয় স্মৃতি-নিৱন্ধকাৰ ৱেদাচাৰ্য্য আৰু মহাত্মা সম্বৎসৰ [ অসম সাহিত্য সভা, তৃতীয় সংখ্যা, ১৮৮১ শক, পুহ-চত ]
মঙ্গলদৈৰ সৰ্বভাৰতীয় খ্যাতি সম্পন্ন প্ৰাচীন পণ্ডিতসকল [ দৰঙ্গ স্মৃতি, অসম সাহিত্য সভা মঙ্গলদৈ অধিবেশন, ১৯৭৪]
ঙ. সৰ্বভাৰতীয় খ্যাতি সম্পন্ন কামৰূপীয় পণ্ডিতৰ ইতিহাসত মঙ্গলদৈ অঞ্চলন স্থান [ স্মৃতি গ্ৰন্থ, সোণালী জয়ন্তী, মঙ্গলদৈ ব্ৰাহ্মণ সমাজ, ১৮৯৪ শক, ১৯৭২-৭৩ চন ]
চ. ধৰ্ম আৰু দৰ্শন [ অসমীয়া জাতিৰ ইতিবৃত্ত, ১৯৭৪ ]
পুৰণি অসমত ভাৰতীয় দৰ্শন শাস্ত্ৰৰ চৰ্চা [ প্ৰবন্ধ সৌভ, ডিব্ৰুগড়, ১৮৮৮ শক ]
ছ. অসমত সংস্কৃত চৰ্চ্চা [ অসমীয়া সংস্কৃতি, গুৱাহাটী, ১৯৭৫ ]

  1. ইংৰাজী: [ নিৰ্বাচিত ][2]

1. The Music of oja-pali,
2. The Svalpamatsya Purana,
3. Mahāmahopādhyāya Rājaguru Dāmodara Misra,
4. Nilambarácarya,
5. Date of Visnu Puri
6. Vedacārya and Samvatsara,
7. Kamarupa School of Dharmasāstra with particular<be> Notice of Pitambara Siddhänta Vāgisa,
8. Advaitavada or Philosophy of Nondualism in Kāmarupa,<be> 9. The Author of the Smrti-Săgara<be> 10. The Assamese Tradition about Kumārila Bhatta<be>

তথ্যউৎস[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 1.4 মনোৰঞ্জন শাস্ত্ৰী (২০০২). সাহিত্য দৰ্শন. প্ৰকাশক নলবাৰী: জৰ্ণাল এম্প'ৰিয়াম. পৃষ্ঠা. (.২৩-.২৪). 
  2. 2.0 2.1 2.2 নবীন চন্দ্ৰ শৰ্মা (মুখ্য সম্পাদক) (১৯৯২). আচাৰ্য মনোৰঞ্জন শাস্ত্ৰী : জীৱন সাধনা আৰু কৃতিত্ব. প্ৰকাশক গুৱাহাটী: দৰং ব্ৰাহ্মণ সমাজৰ উদ্যোগত বাণী প্ৰকাশ প্ৰাইভেট লিমিটেড. পৃষ্ঠা. ২৩৫-২৩৭.