সমললৈ যাওক

মনোৰমা দাস মেধি

অসমীয়া ৱিকিপিডিয়াৰ পৰা

মনোৰমা দাস মেধি (জন্ম:১৯৫০-) এগৰাকী বিশিষ্ট গল্পকাৰ। এক নাৰীকেন্দ্ৰিক সমালোচনামূলক ভঙ্গীৰ লগতে সমাজ জীৱনৰ প্ৰতি থকা সচেতনতা, গ্ৰামীণ সমাজ আৰু পৰম্পৰাগত যৌথ পৰিয়ালৰ নানা আভ্যন্তৰীণ দ্বন্দ্ব তেওঁৰ গল্পত প্ৰকাশ পাইছে। টংলাৰ পৰা প্ৰকাশিত দামল নামৰ লিটল্ মেগাজিন এখনৰ লগত তেওঁ ওতঃপ্ৰোতভাৱে জড়িত।

১৯৫০ চনত ভূটান পাহাৰৰ পাদদেশৰ দৰং জিলাৰ বেংবাৰী নামৰ গাঁৱত মনোৰমা দাস মেধিৰ জন্ম হয়।

শিক্ষাজীৱন

[সম্পাদনা কৰক]

মেধিয়ে ১৯৭৩ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

কৰ্মজীৱন

[সম্পাদনা কৰক]

দৰং জিলাৰ টংলা কলেজৰ অসমীয়া বিভাগৰ প্ৰবক্তা হিচাপে কৰ্মজীৱনৰ পাতনি মেলে।

সাহিত্য কৰ্ম

[সম্পাদনা কৰক]

গল্পপুথি

[সম্পাদনা কৰক]
  • কাঠগড়াত ঈশ্বৰ (১৯৯৫)
  • সপোনৰ সোণাৰু (২০০৩)
  • প্ৰেমগাথা (২০০৩)
  • জগন্নাথ ঠাকুৰ সাহিত্য সন্মান (এটি স্মাৰক,এখন প্ৰশস্তি পত্ৰ আৰু নগদ ৫০ হেজাৰ টকা), অসমীয়া গল্পৰ ক্ষেত্ৰত বিশেষ অৱদানৰ বাবে।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  • কথা বৰণ্যে ১০০, শোণিত বিজয় দাস , মুনীন বায়ন, গুৱাহাটী: কথা প্ৰকাশন, পৃষ্ঠা-২৬০