মনোৰমা মহাপাত্ৰ
| মনোৰমা মহাপাত্ৰ | |
|---|---|
ভুবনেশ্বৰত মনোৰমা মহাপাত্ৰ, ২ ডিচেম্বৰ ২০১২ | |
| জন্ম | ১০ জুন ১৯৩৪ ওড়িশা, ব্ৰিটিছ ভাৰত |
| মৃত্যু | ১৮ ছেপ্টেম্বৰ ২০২১ (বয়স ৮৭) ওড়িশা, ভাৰত |
| পেচা | লেখিকা, কবি, সম্পাদক |
| ভাষা | ওড়িয়া, বাংলা |
| মাতৃশিক্ষায়তন | ৰেভেনশ্ব’ বিশ্ববিদ্যালয় |
| সময় | ১৯৬০–২০২১ |
| ধৰণ | কবিতা, উপন্যাস, চুটিগল্প |
| উল্লেখযোগ্য বঁটা | ওড়িশা সাহিত্য অকাডেমি বঁটা (১৯৮৪) ছোভিয়েট নেহৰু বঁটা (১৯৮৮) সৰলা সন্মান (২০১৩) |
| আত্মীয়-স্বজন | ৰাধানাথ ৰথ (পিতৃ) |
মনোৰমা মহাপাত্ৰ (ইংৰাজী: Manorama Mohapatra; জন্ম: ১০ জুন ১৯৩৪ – ১৮ ছেপ্টেম্বৰ ২০২১) এগৰাকী ভাৰতীয় লেখিকা, কবি আৰু সম্পাদক আছিল, যিয়ে মুখ্যত ওড়িয়া ভাষাত সাহিত্য চৰ্চা কৰিছিল। তেওঁ উপন্যাস আৰু কবিতা সংকলন সামৰি মুঠ ৪০খন গ্ৰন্থ ৰচনা কৰিছিল আৰু ওড়িয়া বাতৰি কাকত দ্য সমাজৰ সম্পাদনা কৰিছিল। ১৯৮৪ চনত ওড়িশা ৰাজ্যৰ সৰ্বোচ্চ সাহিত্য সন্মান ওড়িশা সাহিত্য অকাডেমি বঁটাৰ লগতে তেওঁ কেইবাটাও সাহিত্য বঁটা লাভ কৰিছিল। ওড়িশা ৰাজ্যৰ সাহিত্য সংগঠন ওড়িশা ৰাজ্যিক সাহিত্য অকাডেমিৰ সভাপতি হিচাপে নিৰ্বাচিত হোৱা তেওঁ প্ৰথমগৰাকী মহিলা আছিল।
জীৱনী
[সম্পাদনা কৰক]মহাপাত্ৰৰ জন্ম ১৯৩৪ চনত ভাৰতৰ ওড়িশাত হৈছিল। তেওঁৰ পিতৃ ড° ৰাধানাথ ৰথ ওড়িয়া ভাষাৰ দৈনিক বাতৰি কাকত দ্য সমাজৰ সম্পাদক আছিল। তেওঁ ওড়িশাৰ ৰেভেনশ্ব’ বিশ্ববিদ্যালয়ৰপৰা অৰ্থনীতি বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰিছিল।[1] তেওঁ কিছুদিনৰ বাবে অৰ্থনীতি বিভাগত অধ্যাপনাও কৰিছিল।[2] ২০২১ চনৰ ১৮ ছেপ্টেম্বৰত তেওঁৰ মৃত্যু হয় আৰু তেওঁৰ শেষ কৃত্য ৰাজ্যিক সন্মানেৰে সম্পন্ন কৰা হয়।[3]
কৰ্মজীৱন
[সম্পাদনা কৰক]মহাপাত্ৰই তেওঁৰ পিতৃৰদ্বাৰা সম্পাদিত দৈনিক বাতৰি কাকত দ্য সমাজত ৰাজনীতি আৰু সমসাময়িক বিষয়ৰ স্তম্ভলেখক হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ পিতৃৰ উত্তৰাধিকাৰী হিচাপে বাতৰি কাকতখনৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰে। ১৯৬০ চনত তেওঁৰ প্ৰথম কবিতা পুথি জুৱাৰ জেইউন্তি উথে প্ৰকাশ পাইছিল, যিখন গ্ৰন্থত নাৰী সবলীকৰণৰ ওপৰত আলোকপাত কৰা হৈছিল। তেওঁ মুখ্যত ওড়িয়া আৰু বঙালী ভাষাত উপন্যাস আৰু কবিতা সামৰি ৪০খন গ্ৰন্থ ৰচনা কৰিছিল। তেওঁৰ কিছুমান উল্লেখযোগ্য গ্ৰন্থ হ’ল— অৰ্ধনাৰীশ্বৰ, বৈদেহী বিসৰ্জিতা, সংঘাতীৰ সংহিতা, শক্তি ৰূপেণ সংস্থিতা, ৰূপম ৰূপম প্ৰতিৰূপম, স্মৃতি চন্দন, সময় পুৰুষ আৰু স্মৃতিৰ নৈমিষাৰণ্য। তেওঁ এগৰাকী বাগ্মী হিচাপেও ৰাজহুৱা অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল।[4] ১৯৮২ চনৰপৰা ১৯৯০ চনলৈকে তেওঁ এখন সাহিত্য সভা ‘উত্কল সাহিত্য সমাজ’ৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছিল আৰু ১৯৯১ চনৰপৰা ১৯৯৪ চনলৈকে তেওঁ ৰাজ্যিক সাহিত্য সভা ‘ওড়িশা সাহিত্য অকাডেমি’ৰ প্ৰথমগৰাকী মহিলা সভাপতি হিচাপে নিৰ্বাচিত হৈছিল।[4][1]
সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে মহাপাত্ৰৰ মৃত্যুৰ পাছত ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে তেওঁক ৰাজহুৱাকৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কয় যে সাহিত্যৰ উপৰি তেওঁ "...বিভিন্ন সামাজিক সমস্যা, নাৰীৰ অধিকাৰ আৰু তেওঁলোকে সন্মুখীন হোৱা সমস্যাসমূহৰ ওপৰত সজাগতা সৃষ্টিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।" [4][5] মহাপাত্ৰৰ লিখনিৰ মূল বিষয় আছিল নাৰী সবলীকৰণ, সমসাময়িক সমস্যা আৰু নাৰীৰ অধিকাৰ সম্পৰ্কীয় ৰাজনীতি।[4] ইয়াৰ উপৰি মহাপাত্ৰই ওড়িশাৰ ৰেড ক্ৰছ ছচাইটি, ছ’চিয়েল চাৰ্ভিচ গীল্ড অফ ওড়িশা আৰু লোক সেৱক মণ্ডল আদিকে ধৰি কেইবাটাও দানশীল সংগঠনৰ সৈতে স্বেচ্ছামূলকভাৱে কাম কৰিছিল।[2]
বঁটা আৰু সন্মান
[সম্পাদনা কৰক]মহাপাত্ৰই তেওঁৰ কৰ্মজীৱনত বহুতো সাহিত্য বঁটা লাভ কৰিছিল, যাৰ ভিতৰত উল্লেখযোগ্যসমূহ হ’ল:[4][1]
- ১৯৮৪ - ওড়িশা সাহিত্য অকাডেমি বঁটা
- ১৯৮৮ - ছোভিয়েট নেহৰু বঁটা
- ১৯৯০ - ক্ৰিটিকছ চাৰ্কল অৱ ইণ্ডিয়া বঁটা
- ১৯৯১ - ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ সন্মান
- ১৯৯৪ - ৰূপাম্বৰা বঁটা
- ২০১৩ - সৰলা সন্মান[6]
- উকল সাহিত্য সমাজ বঁটা
- গংগাধৰ মেহৰ সন্মান
- সাহিত্য প্ৰবীণা বঁটা
- সুচৰিতা বঁটা
গ্ৰন্থপঞ্জী
[সম্পাদনা কৰক]মহাপাত্ৰৰ উল্লেখযোগ্য কৰ্মসমূহৰ ভিতৰত আছে — ওড়িয়া ভাষাত জুৱাৰ জেইউন্তি উথে (১৯৬০) (কবিতা), বন্দ ঘৰাৰ কাবাত (চুটিগল্প), লগতে অৰ্ধনাৰীশ্বৰ, বৈদেহী বিসৰ্জিতা, সংঘাতীৰ সংহিতা, শক্তি ৰূপেণ সংস্থিতা, ৰূপম ৰূপম প্ৰতিৰূপম, স্মৃতি চন্দন, সময় পুৰুষ, স্মৃতিৰ নৈমিষাৰণ্য, ১৫১ পয়েমছ, বাংলা ভাষাত অৰূপ আলো, য়ে পৃথিৱী সৰসজ্জ্য আৰু উত্তৰা নিৰুত্তৰা।[6]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- 1 2 3 "Odia litterateur, journalist Manorama Mohapatra dies at 87" (en ভাষাত). Deccan Herald. 2021-09-19. https://www.deccanherald.com/national/odia-litterateur-journalist-manorama-mohapatra-dies-at-87-1031945.html। আহৰণ কৰা হৈছে: 2021-12-05.
- 1 2 "Odisha's Manorama Mohapatra passes away at 87" (en-US ভাষাত). Utkal Today. 2021-09-18. Archived from the original on 2021-12-05. https://web.archive.org/web/20211205041155/https://www.utkaltoday.com/manorama-mohapatra/। আহৰণ কৰা হৈছে: 2021-12-05.
- ↑ bureau, Odisha Diary (2021-09-19). "Eminent Odia litterateur and journalist Manorama Mohapatra's last rites to be performed with State honours" (en-US ভাষাত). Odisha News | Odisha Breaking News | Latest Odisha News. https://orissadiary.com/eminent-odia-litterateur-and-journalist-manorama-mohapatras-last-rites-to-be-performed-with-state-honours/। আহৰণ কৰা হৈছে: 2021-12-05.
- 1 2 3 4 5 "Noted litterateur Manorama Mohapatra passes away at 87". The New Indian Express. 19 September 2021. https://www.newindianexpress.com/states/odisha/2021/sep/19/noted-litterateur-manorama-mohapatra-passes-away-at-87-2360829.html। আহৰণ কৰা হৈছে: 2021-12-05.
- ↑ "दुखद: ओडिशा की जानीमानी साहित्यकार मनोरमा महापात्रा का निधन, पीएम मोदी ने जताया दुख" (hi ভাষাত). Amar Ujala. https://www.amarujala.com/india-news/odia-litterateur-journalist-manorama-mohapatra-passed-away-and-pm-modi-expresses-anguish। আহৰণ কৰা হৈছে: 2021-12-05.
- 1 2 "Sarala Samman for Manorama Mahapatra | Sambad English" (en-US ভাষাত). 2013-11-19. https://sambadenglish.com/sarala-samman-manorama-mahapatra/। আহৰণ কৰা হৈছে: 2021-12-05.