মন্দাক্ৰান্তা সেন
| মন্দাক্ৰান্তা সেন | |
|---|---|
| জন্ম | ১৫ ছেপ্টেম্বৰ, ১৯৭২ (৫৩ বছৰ) কলকাতা, পশ্চিম বংগ |
| পেচা | লেখক |
| ভাষা | বাংলা |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| শিক্ষা | উচ্চতৰ মাধ্যমিক |
| মাতৃশিক্ষায়তন | লেডি ব্ৰাবৰ্ণ কলেজ |
| ধৰণ | কবিতা, কথা সাহিত্য, নাটক |
| উল্লেখযোগ্য বঁটা | |
| দাম্পত্যসংগী | অৰিনিন্দম মুখোপাধ্যায় |
মন্দাক্ৰান্তা সেন (ইংৰাজী: Mandakranta Sen, জন্ম: ১৫ ছেপ্টেম্বৰ ১৯৭২, পশ্চিম বংগৰ কলকাতাত)[1] এগৰাকী ভাৰতীয় কবি। ১৯৯১ চনৰপৰা ১৯৯৭ চনলৈ তেওঁ চিকিৎসা বিজ্ঞানৰ শিক্ষা গ্ৰহণ কৰিছিল যদিও স্নাতক হোৱাৰ পূ্ৰ্বেই চূড়ান্ত পৰীক্ষাৰ আগত পঢ়া শেষ কৰি সাহিত্যত অধিক মনোনিৱেশ কৰিবলৈ ল'লে। কবিতা পুথিৰ উপৰি মাতৃভাষাত তেওঁৰ অসংখ্য চুটিগল্প, উপন্যাস, প্ৰবন্ধ, শ্ৰুতি নাটক প্ৰকাশ হৈছে। ১৯৯৯ চনত মাত্ৰ ২৭ বছৰ বয়সতে ‘আনন্দ পুৰস্কাৰ’ লাভ কৰা তেওঁ সৰ্বকনিষ্ঠ কবি। ২০০৪ চনত ‘ভাৰতীয় সাহিত্য অকাডেমী’ৰপৰা তেওঁ ‘সুৱৰ্ণ জয়ন্তী যুৱ লেখক বঁটা’ লাভ কৰে।[2] ২০০৬ চনৰ বসন্ত কালত জাৰ্মানীৰ লিপজিগ গ্ৰন্থমেলাত তেওঁ অসংখ্য কবিতা পাঠ কৰিছিল আৰু সেই বছৰৰ অক্টোবৰ আৰু নৱেম্বৰ মাহতো একেদৰেই কবিতা পাঠ কৰিছিল।
প্ৰাথমিক জীৱন আৰু শিক্ষা
[সম্পাদনা কৰক]মন্দাক্ৰান্তা সেনৰ জন্ম ১৯৭২ চনত কলকাতাৰ টালিগঞ্জত। ছাখাৱাট মেম’ৰিয়েল চৰকাৰী বালিকা হাইস্কুলৰপৰা মাধ্যমিক শিক্ষা আৰু লেডী ব্ৰাবৰ্ণ কলেজৰপৰা তেওঁ উচ্চতৰ মাধ্যমিক শিক্ষা লাভ কৰিছিল। পিছলৈ নীল ৰতন ছিৰকাৰ মেডিকেল কলেজ আৰু চিকিৎসালয়ত ১৯৯১-১৯৯৭ চনলৈ এম বি বি এছ অধ্যয়ন কৰে, কিন্তু চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ ঠিক পূ্ৰ্বে চিকিৎসাবিদ্যাৰ অধ্যয়ন বাদ দিয়ে।[1] ইয়াৰ পিছত তেওঁ নিজকে পূৰ্ণকালীনভাৱে সাহিত্যত নিয়োজিত কৰে৷[3]
পুৰস্কাৰ
[সম্পাদনা কৰক]- ২০১৫ - তৰুণ লেখকক প্ৰদান কৰা সাহিত্য অকাডেমীৰ ‘সুৱৰ্ণ জয়ন্তী যুৱ লেখক বঁটা’ লাভ। [4]
- ১৯৯৯ - "হৃদয় অবাধ্য মেয়ে" গ্ৰন্থৰ বাবে আনন্দ পুৰস্কাৰ লাভ। [5]
- ২০০২ - আকাশ বাংলাৰ বাৰ্ষিক সম্মান লাভ।[5]
- ২০০৩ - কৃত্তিবাস পুৰস্কাৰ লাভ।[5]
প্ৰকাশিত গ্ৰন্থ
[সম্পাদনা কৰক]- অন্ত্যাক্ষৰী (২০০৫)
- চাঁদেৰ গলায়ে শালা দাৰি (২০১৩)
- দলছুট (২০০২)
- বল অন্যভাৱে (২০০০)
- হৃদয় অবাধ্য মেয়ে (১৯৯৯)
- উপন্যাস সমগ্ৰ (২০১৩)
- আফটাৰ দ্যা লাষ্ট কিছ্ (২০১৫)
- প্ৰেমেৰ কবিতা (২০১৫)
- কলকব্জা (২০১৪)
- মাই হাৰ্ট ইজ এ আনৰুলি গাৰ্ল (২০১৬)
- ছদ্ম পুৰাণ
- উৎসাৰিত আলো (২০০১)
- এসবই ৰাতেৰ চিহ্ন
- কাশভৰা বন্ধুতাৰা (২০০২)
- ঝাঁপতাল (২০০০)
- সহাৱস্থান (২০০৩) [5]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- 1 2 Sen, Mandakranta (2002). Dalchhoot (1. saṃskaraṇa. সম্পাদনা). প্ৰকাশক Kolkata: Ananda. ISBN 8177561960.
- ↑ "Sahitya Akademi Golden Jubilee Awards". Government of India Ministry of Culture. https://pib.gov.in/newsite/erelcontent.aspx?relid=4653। আহৰণ কৰা হৈছে: 26 January 2022.
- ↑ "Mandakranta Sen Author Profile". https://www.goodreads.com/author/show/7046670.Mandakranta_Sen। আহৰণ কৰা হৈছে: 27 January 2022.
- ↑ "মন্দাক্ৰান্তা সেন আকাদেমি পুৰস্কাৰ ফিৰিয়ে দিলেন". www.mathrubhumi.com. । ১৪ই অক্টোবৰ ২০১৫. http://www.mathrubhumi.com/news/india/malayalam/-bengali-poet-mandakranta-sen-returns-sahitya-akademi-award-malayalam-news-1.600954.
- 1 2 3 4 "Mandakranta Sen". Goodreads. http://www.goodreads.com/author/show/7046670.Mandakranta_Sen.