মমতা পূজাৰী
মমতা পূজাৰী (ইংৰাজী: Mamatha Poojary; জন্ম: ১৯৮৬) এগৰাকী ভাৰতীয় পেছাদাৰী আন্তঃৰাষ্ট্ৰীয় কাবাডী খেলুৱৈ। তেওঁ ভাৰতীয় মহিলা কাবাডী দলৰ প্ৰাক্তন অধিনায়ক আৰু কৰ্ণাটক চৰকাৰৰ দ্বিতীয় সৰ্বোচ্চ সন্মান ৰাজ্যউৎসৱ প্ৰশস্তিৰে সন্মানিত। কাবাডী ক্ষেত্ৰত তেওঁৰ অসাধাৰণ সাফল্যৰ স্বীকৃতিস্বৰূপে ২০১৪ চনৰ ২ ছেপ্টেম্বৰত ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে তেওঁক অৰ্জুন বঁটা প্ৰদান কৰে।[1]
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]১৯৮৬ চনত কৰ্ণাটকৰ উডুপি জিলাৰ কাৰকলা তালুকৰ এটা কৃষক পৰিয়ালত মমতা পূজাৰীৰ জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম বোজা পূজাৰী আৰু মাতৃৰ নাম কিট্টি পূজাৰী। তেওঁৰ মাতৃভাষা হ'ল তুলু। বৰ্তমান তেওঁ ভাৰতীয় ৰে’লৱেৰ দক্ষিণ মধ্য ৰে’লৱে মণ্ডলত কৰ্মৰত। মমতাই হেৰমুণ্ডে আৰু আজেকাৰত স্কুলীয়া শিক্ষা সমাপ্ত কৰি মংগালুৰুৰ শ্ৰী গোকৰ্ণাৰ্থেশ্বৰ মহাবিদ্যালয়ৰপৰা স্নাতক ডিগ্ৰী লাভ কৰে।
কেৰিয়াৰ
[সম্পাদনা কৰক]স্কুলত পঢ়ি থকা দিনৰেপৰা তেওঁ ভলীবল, শ্বটপুট আৰু কাবাডী আদি ক্ৰীড়াৰ সৈতে সক্ৰিয়ভাৱে জড়িত আছিল। কিন্তু কাবাডীৰ প্ৰতি থকা তেওঁৰ চাউতিয়েই আছিল আটাইতকৈ বেছি। তিৰুনেলভলীত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় খেলত মংগালুৰু বিশ্ববিদ্যালয়ক প্ৰতিনিধিত্ব কৰি সোণৰ পদক জয় কৰাৰপৰাই তেওঁৰ সফলতাৰ যাত্ৰা আৰম্ভ হয়। ইয়াৰ উপৰি তেওঁ হিঙ্গাট আৰু দাদৰত অনুষ্ঠিত মুকলি কাবাডী প্ৰতিযোগিতাতো পদক লাভ কৰিছিল। ২০০৬ চনত কলম্বোত অনুষ্ঠিত দক্ষিণ এছীয় ক্ৰীড়া মহোৎসৱত সোণৰ পদক লাভ কৰা ভাৰতীয় কাবাডী দলটোৰ মমতা এক অবিচ্ছেদ্য অংশ আছিল।
পদকৰ তালিকা:
- আন্তঃৰাষ্ট্ৰীয়
১. দক্ষিণ কোৰিয়াত অনুষ্ঠিত ২০১৪ চনৰ ১৭সংখ্যক এছিয়ান গেমছত সোণ। ২. থাইলেণ্ডত অনুষ্ঠিত ২০১৪ চনৰ চতুৰ্থ এছিয়ান বিচ গেমছত অধিনায়ক হিচাপে সোণ। ৩. চীনত অনুষ্ঠিত ২০১০ চনৰ ১৬সংখ্যক এছিয়ান গেমছত সোণ। ৪. পাটনাত অনুষ্ঠিত প্ৰথম বিশ্বকাপত অধিনায়ক হিচাপে সোণ। ৫. ২০১৩ চনত দক্ষিণ কোৰিয়াত অনুষ্ঠিত চতুৰ্থ এছিয়ান ইণ্ডোৰ আৰু মাৰ্শাল আৰ্ট গেমছত সোণ। ৬. ২০০৮ চনত ইণ্ডোনেছিয়াত অনুষ্ঠিত প্ৰথম এছিয়ান বিচ গেমছত অধিনায়ক হিচাপে সোণ। ৭. ২০১০ চনত ওমানত অনুষ্ঠিত দ্বিতীয় এছিয়ান বিচ গেমছত অধিনায়ক হিচাপে সোণ। ৮. চীনত অনুষ্ঠিত তৃতীয় এছিয়ান বিচ গেমছত অধিনায়ক হিচাপে সোণ। ৯. ২০০৭ চনত ইৰানত অনুষ্ঠিত দ্বিতীয় এছিয়ান কাবাডী চেম্পিয়নশ্বিপত সোণ। ১০. ২০০৮ চনত মাদুৰাইত অনুষ্ঠিত তৃতীয় এছিয়ান কাবাডী চেম্পিয়নশ্বিপত সোণ। ১১. ২০০৬ চনত শ্ৰীলংকাত অনুষ্ঠিত দশম ছেফ (SAAF) গেমছত সোণ।
ৰাষ্ট্ৰীয়: ১. ২০১৫ চনত তামিলনাডুৰ তিৰুচিনগোডত অনুষ্ঠিত ৬২সংখ্যক জ্যেষ্ঠ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত শ্ৰেষ্ঠ খেলুৱৈৰ সৈতে সোণ। ২. ২০১৪ চনত বিহাৰৰ পাটনাত অনুষ্ঠিত ৬১সংখ্যক জ্যেষ্ঠ ৰাষ্ট্ৰীয়ত সোণ। ৩. ২০১৩ চনত কৰ্ণাটকৰ মাণ্ডিয়াত অনুষ্ঠিত ৬০সংখ্যক জ্যেষ্ঠ ৰাষ্ট্ৰীয়ত সোণ। ৪. ২০১২ চনত মহাৰাষ্ট্ৰৰ মুম্বাইত অনুষ্ঠিত ৫৯সংখ্যক জ্যেষ্ঠ ৰাষ্ট্ৰীয়ত সোণ আৰু শ্ৰেষ্ঠ অলৰাউণ্ডাৰ। ৫. ২০১১ চনত কৰ্ণাটকৰ বাইন্দূৰত অনুষ্ঠিত ৫৮সংখ্যক জ্যেষ্ঠ ৰাষ্ট্ৰীয়ত অধিনায়ক হিচাপে সোণ আৰু শ্ৰেষ্ঠ অলৰাউণ্ডাৰ। ৬. ২০১০ চনত মহাৰাষ্ট্ৰৰ মুম্বাইত অনুষ্ঠিত ৫৭সংখ্যক জ্যেষ্ঠ ৰাষ্ট্ৰীয়ত সোণ। ৭. ২০০৮ চনত নতুন দিল্লীত অনুষ্ঠিত ৫৬সংখ্যক জ্যেষ্ঠ ৰাষ্ট্ৰীয়ত সোণ আৰু শ্ৰেষ্ঠ অলৰাউণ্ডাৰ। ৮. ২০০৭ চনত মহাৰাষ্ট্ৰৰ অমৰাৱতীত অনুষ্ঠিত ৫৫সংখ্যক জ্যেষ্ঠ ৰাষ্ট্ৰীয়ত সোণ। ৯. ২০০৭ চনত অন্ধ্ৰপ্ৰদেশৰ চিত্তুৰত অনুষ্ঠিত ৫৪সংখ্যক জ্যেষ্ঠ ৰাষ্ট্ৰীয়ত সোণ। ১০. ২০০৭ চনত অন্ধ্ৰপ্ৰদেশৰ উপ্পলত অনুষ্ঠিত ৫৩সংখ্যক জ্যেষ্ঠ ৰাষ্ট্ৰীয়ত অংশগ্ৰহণ আৰু শ্ৰেষ্ঠ খেলুৱৈ। ১১. ২০০৪ চনত হাৰিয়ানাৰ কুৰুক্ষেত্ৰত অনুষ্ঠিত ৫২সংখ্যক জ্যেষ্ঠ ৰাষ্ট্ৰীয়ত অংশগ্ৰহণ।
তেওঁৰ অন্যান্য সাফল্যৰ ভিতৰত আছে:
- বালীত অনুষ্ঠিত এছিয়ান বিচ স্পৰ্টছ কাবাডী মেচ।
- ইৰানৰ তেহৰানত অনুষ্ঠিত দ্বিতীয় এছিয়ান মহিলা কাবাডী চেম্পিয়নশ্বিপ।
- চেন্নাইত অনুষ্ঠিত তৃতীয় মহিলা কাবাডী চেম্পিয়নশ্বিপ।
- চীনৰ গুৱাংঝুত অনুষ্ঠিত ২০১০ চনৰ এছিয়ান গেমছৰ কাবাডী।[2]
- ২০১৩ চনৰ এছিয়ান ইণ্ডোৰ আৰু মাৰ্শাল আৰ্ট গেমছৰ ইণ্ডোৰ কাবাডী।
ভাৰতীয় মহিলা কাবাডী দলৰ অধিনায়ক হিচাপে তেওঁ ২০১২ চনৰ উদ্বোধনী মহিলা কাবাডী বিশ্বকাপৰ ফাইনেলত দলক বিজয়ী কৰি তুলিছিল।[3]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Arjuna award http://www.mangaloretoday.com/main/President-Pranab-Mukherjee-confers-Arjuna-Award-to-Mamata-Poojary.html
- ↑ "Native Proud of Asiad Kabaddi Gold Medalist Mamata Poojary". daijiworld.com. http://www.daijiworld.com/news/news_disp.asp?n_id=90552। আহৰণ কৰা হৈছে: 2014-10-22.
- ↑ "Karkala: Mamata Poojary Leads Indian Kabaddi Team to World Cup Victory". daijiworld.com. http://www.daijiworld.com/news/news_disp.asp?n_id=130899। আহৰণ কৰা হৈছে: 2014-10-22.