সমললৈ যাওক

মমতা মোহনদাস

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মমতা মোহনদাস

২০২০ চনত ৰেড এফ এমৰ সাক্ষাৎকাৰত মমতা
জন্ম ১৪ নৱেম্বৰ, ১৯৮৪ (৪১ বছৰ)
মানামা, বাহৰেইন
নাগৰিকত্ব ভাৰত
শিক্ষানুষ্ঠান মাউণ্ট কাৰ্মেল কলেজ, বাংগালুৰু
পেচা অভিনেত্ৰী, নেপথ্য গায়িকা, চলচ্চিত্ৰ প্ৰযোজক
সক্ৰিয় হৈ থকা সময় ২০০৫–বৰ্তমান
দাম্পত্যসঙ্গী প্ৰজিৎ পদ্মনাভন (বিবাহ ২০১১; বিচ্ছেদ ২০১২)

মমতা মোহনদাস (ইংৰাজী: Mamta Mohandas; জন্ম: ১৪ নৱেম্বৰ ১৯৮৪) এগৰাকী ভাৰতীয় অভিনেত্ৰী, প্ৰযোজক আৰু নেপথ্য গায়িকা। তেওঁ মূলতঃ মালয়ালম, তামিল আৰু তেলুগু চলচ্চিত্ৰত কাম কৰে। মমতাই এটা কেৰালা ৰাজ্যিক চলচ্চিত্ৰ বঁটা আৰু দুটাকৈ ফিল্মফেয়াৰ বঁটা (দক্ষিণ) আদিকে ধৰি কেইবাটাও বঁটা লাভ কৰিছে।

মমতাই ২০০৫ চনত ময়ুখম ছবিৰ জৰিয়তে অভিনয়ত আত্মপ্ৰকাশ কৰে আৰু ২০১০ চনৰ ছবি কথা টুডাৰুন্নুৰ জৰিয়তে বিশেষ সফলতা লাভ কৰে। এই ছবিখনে তেওঁক শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা (মালয়ালম) আৰু কেৰালা ৰাজ্যিক চলচ্চিত্ৰ বঁটাৰ দ্বিতীয় শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান প্ৰদান কৰে।[1] তেতিয়াৰেপৰা তেওঁ আৰিকে (২০১২), মাই বছ (২০১২), টু কাণ্ট্ৰিজ (২০১৫), উদাহৰণম সুজাতা (২০১৭), কাৰ্বন (২০১৮), নাইন (২০১৯), কোডথি সমক্ষাম বালন ভাকীল (২০১৯), ফৰেনচিক (২০২০), জন গণ মন (২০২২) আৰু মহাৰাজ (২০২৪) আদিৰ দৰে সফল ছবিত অভিনয় কৰিছে।[2]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

মমতাৰ জন্ম ১৯৮৪ চনৰ ১৪ নৱেম্বৰত বাহৰেইনৰ মানামাত এজন মালয়ালী দম্পতীৰ (মোহনদাস আৰু গংগা) ঘৰত হৈছিল। তেওঁলোক কেৰালাৰ কান্নুৰ জিলাৰ থালাচেৰীৰ আছিল।[3][4][5] ২০০২ চনলৈকে তেওঁ বাহৰেইনৰ ইণ্ডিয়ান স্কুলত অধ্যয়ন কৰিছিল। ইয়াৰ পিছত তেওঁ বাংগালুৰুৰ মাউণ্ট কাৰ্মেল কলেজত কম্পিউটাৰ বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে।[6][7]

মমতাই আইবিএম আৰু কল্যাণ কেন্দ্ৰৰ দৰে প্ৰতিষ্ঠানৰ বাবে পোষ্টাৰ বিজ্ঞাপনৰ মডেলিং কৰিছিল আৰু মহীশূৰৰ মহাৰাজ তথা ৰেমণ্ডছৰ হৈ ৰেম্পত মডেলিং কৰিছিল। তেওঁ কৰ্ণাটকী সংগীত আৰু হিন্দুঃস্থানী সংগীতৰ প্ৰশিক্ষণো গ্ৰহণ কৰিছে।[8]

চলচ্চিত্ৰ জীৱন

[সম্পাদনা কৰক]

পৰিচালক হাৰিহাৰণৰ ২০০৫ চনৰ মালয়ালম ছবি ময়ুখমৰ জৰিয়তে মোহনদাসে অভিনয়ত আত্মপ্ৰকাশ কৰে। অৱশ্যে ছবিখনে বক্স অফিচত বিশেষ সফলতা লাভ কৰা নাছিল।[9]

ইয়াৰ পিছত তেওঁ বাছ কণ্ডাক্টৰত মামুট্টীৰ সৈতে, অদ্ভুতম (২০০৬) আৰু লংকা (২০০৬)ত সুৰেশ গোপীৰ সৈতে আৰু মধুচন্দ্ৰলেখা (২০০৬)ত জয়ৰামৰ সৈতে অভিনয় কৰে। তেওঁ মোহনলালৰ সৈতে বাবা কল্যাণীত মহিলা মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। সেই বছৰৰে শেষৰফালে তেওঁ কাৰু পালানীয়াপ্পানৰদ্বাৰা পৰিচালিত শিৱপ্পাথিগাৰম ছবিৰ জৰিয়তে তামিল চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰে।

২০০৭ চনত তেওঁ মামুট্টীৰ সৈতে বিগ বি ছবিত অভিনয় কৰে। পৰৱৰ্তী সময়ত এছ এছ ৰাজামৌলীৰদ্বাৰা পৰিচালিত ছবি য়ামডোংগাত এটা সহযোগী চৰিত্ৰত অভিনয় কৰি তেওঁ তেলেগু চলচ্চিত্ৰ জগততো ভৰি দিয়ে। ২০০৮ চনত তেওঁ মুঠ ৭খন ছবিত অভিনয় কৰিছিল, যাৰ বেছিভাগেই আছিল তেলেগু ভাষাৰ। তেওঁৰ প্ৰথম মুক্তিপ্ৰাপ্ত কানাড়া ছবি আছিল গুলী। ইয়াৰ পিছত তেওঁ কৃষ্ণাজুৰ্ন, ভিক্টৰী আৰু তামিল ছবি কুচেলানত অভিনয় কৰে। ২০০৮ চনত মমতাৰ আন তিনিখন তেলেগু ছবি আছিল জে ডি চক্ৰৱৰ্তীৰ হোমম আৰু শ্ৰীনু ভাইটলাৰ কিং

২০০৯ চনত তেওঁ মাধৱনৰ সৈতে কমেডী ছবি গুৰু এন আলু আৰু থ্ৰিলাৰ ছবি পেচেঞ্জাৰত অভিনয় কৰে। পেচেঞ্জাৰ ছবিখনত তেওঁ এগৰাকী টেলিভিছন ৰিপ’ৰ্টাৰৰ চৰিত্ৰত অভিনয় কৰিছিল আৰু এই ছবিখনে মোহনদাসৰ কেৰিয়াৰত এক নতুন মোৰ আনিছিল। ২০১০ চনত তেওঁ সত্যন অণ্ঠিকাডৰদ্বাৰা পৰিচালিত কথা টুডাৰুন্নু ছবিত অভিনয় কৰে, যাৰ বাবে তেওঁ ফিল্মফেয়াৰৰপৰা শ্ৰেষ্ঠ অভিনেত্ৰীৰ প্ৰথমটো বঁটা লাভ কৰে।[10] এই ছবিখনে তেওঁক কেৰালা ৰাজ্যিক চলচ্চিত্ৰ বঁটাৰ দ্বিতীয় শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মানো প্ৰদান কৰে। ২০১০ চনৰ তেওঁৰ আন আন ছবিসমূহ আছিল মুছাফিৰ, আনৱাৰ আৰু কেডী

২০১১ চনত তেওঁৰ প্ৰথমখন ছবি আছিল মালয়ালম ছবি ৰেচ। ইয়াৰ পিছত তেওঁ নায়িকা ছবিত অভিনয় কৰে। ২০১২ চনত তেওঁ মাগিজ থিৰুমেনিৰদ্বাৰা পৰিচালিত তেওঁৰ তৃতীয়খন তামিল ছবি থাদাইয়ৰা থাক্কাত অভিনয় কৰে। ২০১৩ চনত তেওঁ ইন্দ্ৰজিতৰ সৈতে পইচা পইচা আৰু ২০১৪ চনত এজন মুছলমান চৰিত্ৰত টু নুৰা উইথ লাভ ছবিত অভিনয় কৰে।

মমতাই ৰঞ্জিত শংকৰৰ ছবি বৰ্ষমৰ জৰিয়তে পুনৰ মালয়ালম চলচ্চিত্ৰ জগতলৈ উভতি আহে। মাই বছৰ পিছত তেওঁ আকৌ দীলিপৰ সৈতে টু কাণ্ট্ৰিজ ছবিত কাম কৰে।

২০১৬ চনত মোহনদাসে মামুট্টীৰ বিপৰীতে থোপ্পিল জোপ্পানত অভিনয় কৰে। ২০১৭ চনত তেওঁৰ এখন উল্লেখযোগ্য ছবি আছিল ক্ৰছৰোড। সেই বছৰতে তেওঁ মঞ্জু ৱাৰিয়াৰৰ সৈতে উদাহৰণম সুজাতা ছবিত এটা বিশেষ চৰিত্ৰত অভিনয় কৰিছিল। ২০২০ চনত মোহনদাসে ক্ৰাইম থ্ৰিলাৰ ছবি ফৰেনচিকত এগৰাকী আৰক্ষী বিষয়া ৰিথিকা জেভিয়াৰৰ চৰিত্ৰত অভিনয় কৰিছিল।

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

মমতা ২০১১ চনৰ ১১ নৱেম্বৰত বাহৰেইনৰ এজন ব্যৱসায়ী প্ৰজিৎ পদ্মনাভনৰ সৈতে আঙঠি পিন্ধোৱা পৰ্ব সম্পন্ন কৰে। ২০১১ চনৰ ২৮ ডিচেম্বৰত থালাচেৰীত তেওঁলোক বিবাহপাশত আবদ্ধ হয়।[11][12] ২০১২ চনৰ ডিচেম্বৰ মাহত তেওঁলোকৰ বিচ্ছেদ ঘটে।[13] ২০২৪ চনৰ জুন মাহত মমতাই প্ৰকাশ কৰে যে তেওঁ বৰ্তমান এজনৰ সৈতে সম্পৰ্কত আছে।[14]

মমতা এগৰাকী কেন্সাৰ বিজয়ী। তেওঁ ২০১০ চনৰপৰা 'হজকিন লিম্ফোমা' নামৰ কেন্সাৰৰ সৈতে যুঁজি আহিছে।[15] ২০১৩ চনৰ এপ্ৰিলত তেওঁৰ কেন্সাৰ পুনৰ ধৰা পৰিছিল[16] আৰু তেওঁ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ত ইয়াৰ চিকিৎসা গ্ৰহণ কৰিছিল। ২০১৪ চনৰপৰা তেওঁ লছ এঞ্জেলছত বসবাস কৰি আহিছে।[17] ২০২৩ চনত তেওঁ প্ৰকাশ কৰে যে তেওঁ 'ভিটিলিগো' বা ধবল ৰোগত আক্ৰান্ত হৈছে।[18]

সংবাদ মাধ্যমত গুৰুত্ব আৰু অন্যান্য কাম

[সম্পাদনা কৰক]

মমতা মোহনদাসক মালয়ালম চলচ্চিত্ৰ জগতৰ সৰ্বাধিক পাৰিশ্ৰমিক প্ৰাপ্ত অভিনেত্ৰীসকলৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয়।[19] 'কোচি টাইমছ'ৰ 'আটাইতকৈ আকৰ্ষণীয় মহিলা'ৰ তালিকাত তেওঁ ২০১৭ চনত ৭ম,[20] ২০১৮ চনত ৫ম,[21] ২০১৯ চনত ৮ম[22] আৰু ২০২০ চনত ১৭তম স্থান লাভ কৰিছিল।[23] ২০১১ চনত তেওঁ 'কোচি ইণ্টাৰনেশ্যনেল ফেশ্বন উইক'ৰ ব্ৰেণ্ড এম্বেছাদৰ হৈছিল। ২০১৩ চনত তেওঁ 'চেলিব্ৰিটী ক্ৰিকেট লীগ'ত 'কেৰেলা ষ্ট্ৰাইকাৰ্ছ'ৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[24]

মোহনদাসে ২০১২ চনত কুইজ শ্ব’ কাইয়িল অৰু কোটি সঞ্চালনা কৰি টেলিভিছনত কাম আৰম্ভ কৰিছিল। তেওঁ ধাৰাবাহিক ডি ৪ ডান্স-ৰ দুটা ছিজনত বিচাৰক হিচাপেও কাম কৰিছে।[25] ২০২০ চনত মমতাই 'মমতা মোহনদাস প্ৰডাকচন' নামৰ নিজাকৈ এটা চলচ্চিত্ৰ প্ৰযোজনা সংস্থা মুকলি কৰে।[26]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Adaminte Makan Abu adjudged best film". The Hindu. 23 May 2011. http://www.hindu.com/2011/05/23/stories/2011052361020100.htm.
  2. "Mamta Mohandas — Destiny's Child". The New Indian Express. 16 May 2012. https://www.newindianexpress.com/entertainment/2009/Jul/05/mamata-mohandas---destinys-child-65289.html.
  3. "Mamta Mohandas, Soubin Shahir, Shine Tom Chacko to team up for VK Prakash's social thriller 'Live'". The Times of India. ISSN 0971-8257. https://timesofindia.indiatimes.com/entertainment/malayalam/movies/news/mamta-mohandas-soubin-shahir-shine-tom-chacko-to-team-up-for-vk-prakashs-social-thriller-live/articleshow/95508254.cms.
  4. "'Reports that I'm surrendering to cancer is false,' says Mamta Mohandas". OnManorama. https://www.onmanorama.com/entertainment/entertainment-news/2022/11/23/mamta-mohandas-cancer-survivor-false-reports.html আহৰণ কৰা হৈছে: 2023-03-05.
  5. "Happy Birthday Mamta Mohandas: Some pretty and cute pictures of the actress-singer". The Times of India. 2 December 2019. https://timesofindia.indiatimes.com/entertainment/tamil/movies/news/happy-birthday-mamta-mohandas-some-pretty-and-cute-pictures-of-the-actress-singer/articleshow/72054143.cms.
  6. "Mamta Signs Up". 2 January 2018. Archived from the original on 3 September 2021. https://web.archive.org/web/20210903203003/https://www.bahrainthismonth.com/magazine/business/mamta-signs-up.
  7. "Home - Mount Carmel College". Mount Carmel College - Autonomous. https://mccblr.edu.in/.
  8. "Mamta Mohandas – Malayalam celebrities the stories and the gossips". Movies.deepthi.com. Archived from the original on 26 December 2018. https://web.archive.org/web/20181226072537/http://movies.deepthi.com/malayalam/actress/mamta-mohandas.html আহৰণ কৰা হৈছে: 2 March 2012.
  9. "Kerala News – Mayookham". Kerals.com. 20 November 2005. Archived from the original on 2 June 2019. https://web.archive.org/web/20190602160149/http://kerals.com/ আহৰণ কৰা হৈছে: 24 March 2026.
  10. "Vedam wins big at Filmfare Awards (South) 2011". Rediff.com. 4 July 2011. http://www.rediff.com.
  11. "'My strength comes from my will to survive'". http://timesofindia.indiatimes.com/entertainment/malayalam/movies/news/My-strength-comes-from-my-will-to-survive/articleshow/49154235.cms.
  12. "Mamta Mohandas weds family friend". The Times of India. 28 December 2011. http://timesofindia.indiatimes.com/entertainment/regional/news-interviews/Mamta-Mohandas-weds-family-friend/articleshow/11280288.cms.
  13. Parvathy S. Nayar (12 December 2012). "Pregith and I have decided to part for good: Mamta Mohandas". The Times of India. Archived from the original on 2012-12-15. https://web.archive.org/web/20121215011044/http://articles.timesofindia.indiatimes.com/2012-12-12/news-interviews/35750324_1_mamta-mohandas-marriage-highest-divorce-rates.
  14. "Maharaja actor Mamta Mohandas: Yes, I am dating someone right now". Hindustan Times. https://www.hindustantimes.com/entertainment/tamil-cinema/maharaja-actor-mamta-mohandas-yes-i-am-dating-someone-right-now-101718179875069-amp.html.
  15. "Interview with Mamtha Mohandas". The Times of India. https://timesofindia.indiatimes.com/entertainment/malayalam/movies/news/Interview-with-Mamtha-Mohandas/articleshow/31581168.cms.
  16. Rohit Raj (25 April 2013). "There is a relapse of cancer, but will pass: Mamta Mohandas". Deccan Chronicle. Archived from the original on 2 May 2013. https://web.archive.org/web/20130502091029/http://deccanchronicle.com/130425/entertainment-mollywood/article/cancer-returns-will-pass-mamta-mohandas.
  17. Radhakrishnan, Manjusha (3 February 2018). "Mamta Mohandas talks 'Carbon' and a new phase in her life". https://gulfnews.com/entertainment/south-indian/mamta-mohandas-talks-carbon-and-a-new-phase-in-her-life-1.2167504.
  18. "Mamta Mohandas proudly embraces her skin condition on World Vitiligo Day". The Times of India. https://timesofindia.indiatimes.com/entertainment/malayalam/movies/news/mamta-mohandas-proudly-embraces-her-skin-condition-on-world-vitiligo-day-says-some-chocolate-to-touch-that-vanilla-sky/articleshow/111263797.cms.
  19. "M-town's highest paid actresses" (en ভাষাত). 29 August 2018. https://timesofindia.indiatimes.com/entertainment/malayalam/movies/photo-features/m-towns-highest-paid-actresses/photostory/48466762.cms?picid=48466788.
  20. "Kochi Times Most Desirable Woman 2017" (en ভাষাত). https://timesofindia.indiatimes.com/entertainment/malayalam/movies/news/kochi-times-most-desirable-woman-2017-parvathy/articleshow/62873036.cms.
  21. "Kochi Times Most Desirable Woman 2018" (en ভাষাত). https://timesofindia.indiatimes.com/entertainment/malayalam/movies/news/kochi-times-most-desirable-women-of-2018/articleshow/68050858.cms.
  22. "Kochi Times 30 Most Desirable Woman 2019" (en ভাষাত). https://timesofindia.indiatimes.com/entertainment/malayalam/movies/news/kochi-times-most-desirable-women-of-2019/articleshow/74241269.cms.
  23. "Meet Kochi Times 30 Most Desirable Woman 2020" (en ভাষাত). https://timesofindia.indiatimes.com/entertainment/malayalam/movies/news/kochi-times-most-desirable-women-2020-check-out-the-full-list/articleshow/83145524.cms.
  24. Kerala Strikers – Celebrity Cricket League[সংযোগবিহীন উৎস]
  25. "Mamta Mohandas to judge D4 Dance" (en ভাষাত). https://timesofindia.indiatimes.com/tv/news/malayalam/actress-mamta-to-judge-d4-dance-reloaded/articleshow/55539468.cms.
  26. Anand, Shilpa Nair (17 November 2020). "Mamta Mohandas launches her production house" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/entertainment/movies/actor-mamta-mohandas-talks-about-providing-opportunities-to-young-talent-with-her-production-house/article33117494.ece.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]