সমললৈ যাওক

মমতা সোধা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মমতা সোধা
ব্যক্তিগত তথ্য
মুখ্য পেছা পৰ্বতাৰোহী
জন্ম ০১ নৱেম্বৰ, ১৯৭৯ (৪৫ বছৰ)
মৃত্যু কাইথাল, হাৰিয়ানা, ভাৰত
ৰাষ্ট্ৰীয়তা Indian
কেৰিয়াৰ
Starting discipline হেণ্ডবল খেলুৱৈ
উল্লেখযোগ্য সাফল্য মাউণ্ট এভাৰেষ্ট in 2010
Mount Elbrus in 2012

মমতা সোধা (ইংৰাজী: Mamta Sodha) এগৰাকী ভাৰতীয় ক্ৰীড়াবিদ, ২০১০ চনত মাউণ্ট এভাৰেষ্ট স্কেল কৰাৰ সফল প্ৰচেষ্টাৰ বাবে পৰিচিত।[1] পৰ্বতাৰোহণ ক্ৰীড়াৰ ক্ষেত্ৰত কৰা সেৱাৰ বাবে ২০১৪ চনত ভাৰত চৰকাৰে তেওঁক চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰী প্ৰদান কৰি সন্মানিত কৰে।[2]

১৯৭৯ চনৰ ১ নৱেম্বৰত[3] ভাৰতহাৰিয়ানা ৰাজ্যৰ কাইথালত আৰ্থিক সম্পদৰ অভাৱৰ পৰিয়ালত তিনিজনী ছোৱালী আৰু দুজন ল'ৰাৰ ভিতৰত জ্যেষ্ঠ হিচাপে মমতা সোধাৰ জন্ম হয়।[4][5][6] ২০০৪ চনত হাৰিয়ানাৰ খাদ্য আৰু যোগান বিভাগৰ পৰিদৰ্শক হিচাপে কাম কৰা পিতৃ লক্ষ্মণ দাস সোধাক হেৰুৱাইছিল,[4][5] আৰু মাতৃ মেৱা দেৱীয়ে[5] ভাতৃদ্বয়ৰ সহায়ত পৰিয়ালটো পোহপাল দিবলগীয়া হৈছিল।[6]

ক্ৰীড়াৰ কৃতিত্ব

[সম্পাদনা কৰক]

মমতাৰ আৰম্ভণিতে শিল বগাই যোৱাৰ প্ৰতি আকৰ্ষণ আছিল,[4][6] যিটো বৈশিষ্ট্য তেওঁৰ পিতৃয়ে উৎসাহিত কৰিছিল।[4] অতি সোনকালেই তেওঁ এদিন মাউণ্ট এভাৰেষ্ট বগাবলৈ সিদ্ধান্ত লয় যাৰ বাবে তেওঁ উত্তৰাখণ্ড ৰাজ্যৰ নেহৰু ইনষ্টিটিউট অৱ মাউণ্টেইনিংত যোগদান কৰে।[5] প্ৰকল্পটো আৰম্ভ কৰাৰ আগতে তাই আন কেইটামান শৃংগ স্কেল কৰিছিল। ২০০৮ চনৰ জুলাই মাহত ফাৱাৰৰাং শৃংগ আৰোহণ কৰা আই এম এফৰ সোণালী জয়ন্তী অভিযান দলৰ সদস্য আছিল।[3][7] দুমাহৰ পিছত অক্টোবৰ মাহত তেওঁ আন এটা দলৰ সৈতে মুন শৃংগ বগাইছিল, মেকলিয়ড গঞ্জত অভিযান চলাই থাকোঁতে।[3][7] ২০০৯ চনৰ আগষ্ট মাহত তেওঁ সৰ্বমহিলা দলৰ সৈতে শ্ৰীকান্ত শৃংগৰ শিখৰত উপনীত হয়।[3][7]

বিভিন্ন উচ্চতাৰ অন্যান্য শৃংগ যেনে মৰ্নি শৃংগ, খুইটেন শৃংগ, ইণ্ডাৰহাৰা পাছ[4] আৰু দ্বীপ শৃংগ[7] আদিও বিভিন্ন সময়ত তেওঁ স্কেল কৰিছে। ইয়াৰ পিছত দ্বীপ (ইমজা-চে) শৃংগত প্ৰয়াস কৰে যিটো তেওঁ ২০১০ চনৰ এপ্ৰিল মাহত মাউণ্ট এভাৰেষ্ট অভিযানৰ ঠিক আগতে সফলতাৰে সম্পন্ন কৰে। [3]

এভাৰেষ্ট জয়ৰ পিছত ২০১২ চনত মমতাই ইউৰোপৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এলব্ৰাছত উপনীত হয়।[8]

পৰ্বতাৰোহী হোৱাৰ উপৰিও মমতা সোধাই হেণ্ডবলতো পাৰদৰ্শিতা দেখুৱাইছিল।[5] ১৯৯৮ চনৰ নৱেম্বৰ মাহত আগ্ৰাত অনুষ্ঠিত হোৱা ২১ সংখ্যক জুনিয়ৰ গাৰ্লছ নেচনেল হেণ্ডবল চেম্পিয়নশ্বিপত ৰানাৰ্ছ আপৰ স্থান দখল কৰা হাৰিয়ানা ৰাজ্যিক ছোৱালী দলৰ সদস্য আছিল।[3] কুৰুক্ষেত্ৰ বিশ্ববিদ্যালয়ৰ দলৰ সদস্য হিচাপে তেওঁ ১৯৯৮ চনৰ ডিচেম্বৰ মাহত অনুষ্ঠিত হোৱা সৰ্বভাৰতীয় আন্তঃবিশ্ববিদ্যালয় হেণ্ডবল প্ৰতিযোগিতাত বিজয়ী হৈছিল।[3] ২০০৩ চনত হাৰিয়ানা চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে হেণ্ডবলত বি ১ গ্ৰেড ক্ৰীড়াবিদ হিচাপে নিৰ্বাচিত কৰে।

মমতা সোধা নেচনেল এডভেঞ্চাৰ ক্লাবৰ সদস্যও।[5][9]

বঁটা আৰু স্বীকৃতি

[সম্পাদনা কৰক]
  • পদ্মশ্ৰী – ভাৰত চৰকাৰ – ২০১৪[2]
  • টেনজিং নৰ্গে ৰাষ্ট্ৰীয় দুঃসাহসিক বঁটা – ভাৰত চৰকাৰ – ২০১০[7][10]
  • নগদ ধনৰ বঁটা ₹ ২১ লাখ – হাৰিয়ানা চৰকাৰ – ২০১০[11]
  • আইডলেণ্ড (ইমজা-চে) শৃংগত সফল আৰোহণৰ প্ৰমাণপত্ৰ – নেপাল পৰ্বতাৰোহণ সংস্থা – ২০১০[3]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Everester Mamta Sodha to be appointed DSP in Haryana Police". Web India. 16 June 2010. Archived from the original on 21 January 2015. https://web.archive.org/web/20150121100103/http://news.webindia123.com/news/articles/India/20100616/1528182.html। আহৰণ কৰা হৈছে: 2 September 2014. 
  2. 2.0 2.1 "Padma Awards Announced". Circular. Press Information Bureau, Government of India. 25 January 2014. http://www.pib.nic.in/newsite/PrintRelease.aspx?relid=102735। আহৰণ কৰা হৈছে: 23 August 2014. 
  3. 3.0 3.1 3.2 3.3 3.4 3.5 3.6 3.7 "Haryana Police profile". Haryana Police Department. 2014. Archived from the original on 9 February 2014. https://web.archive.org/web/20140209042609/http://haryanapolice.nic.in/dsp_Mamta_Sodha.asp। আহৰণ কৰা হৈছে: 2 September 2014. 
  4. 4.0 4.1 4.2 4.3 4.4 Satish Seth (22 May 2010). "Kaithal girl scales Mt Everest". The Tribune. http://www.tribuneindia.com/2010/20100523/main7.htm। আহৰণ কৰা হৈছে: 2 September 2014. 
  5. 5.0 5.1 5.2 5.3 5.4 5.5 "The Contemporary Dalit Heroes – Ms. Mamta Sodha". diplomatic titbits. 23 May 2010. http://diplomatictitbits.blogspot.in/2010/05/contemporary-dalit-heroes-ms-mamta.html। আহৰণ কৰা হৈছে: 2 September 2014. 
  6. 6.0 6.1 6.2 "A dream come true for Kaithal girl". The Hindu. 31 May 2010. http://www.thehindu.com/todays-paper/tp-national/tp-otherstates/a-dream-come-true-for-kaithal-girl/article776753.ece। আহৰণ কৰা হৈছে: 2 September 2014. 
  7. 7.0 7.1 7.2 7.3 7.4 "Tenzing Norgay Award". Haryana Police. 29 August 2011. Archived from the original on 28 December 2012. https://web.archive.org/web/20121228060636/http://www.haryanapolice.gov.in/Awards_in_sports.asp। আহৰণ কৰা হৈছে: 2 September 2014. 
  8. "Mt. Elbrus". facebook page. 18 September 2012. https://www.facebook.com/photo.php?fbid=421611194564068&set=a.170392296352627.42060.100001455741901&type=1&theater। আহৰণ কৰা হৈছে: 2 September 2014. 
  9. "Young woman from Haryana scales Mt Everest". Zee News. 22 May 2010. http://zeenews.india.com/news/nation/young-woman-from-haryana-scales-mt-everest_628550.html। আহৰণ কৰা হৈছে: 2 September 2014. 
  10. "Tensing Norgay Adventure Award". Lead the Competition.in. 2011. Archived from the original on 13 August 2014. https://web.archive.org/web/20140813044741/http://www.leadthecompetition.in/CA/awards/t_norgay_awds10.html। আহৰণ কৰা হৈছে: 2 September 2014. 
  11. "Hooda announce Rs 21 lakh to Mamta Sodha". The India Post. 3 June 2010. Archived from the original on 11 April 2016. https://web.archive.org/web/20160411144339/http://www.theindiapost.com/sports/hooda-announce-rs-21-lakh-to-mamta-sodha/। আহৰণ কৰা হৈছে: 2 September 2014.