সমললৈ যাওক

মমতী চাৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মমতী চাৰী
জন্ম ২১ ডিচেম্বৰ, ১৯৭৮ (৪৭ বছৰ)[1]
চেন্নাই, তামিলনাডু, ভাৰত
অন্য নাম শৰ্মল
পেচা
  • টেলিভিছন ব্যক্তিত্ব
  • অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ২০০৭ – বৰ্তমান

মমতী চাৰী (ইংৰাজী: Mamathi Chari; জন্ম ২১ ডিচেম্বৰ ১৯৭৮) এগৰাকী ভাৰতীয় ৰেডিঅ' জকী, টেলিভিছন ব্যক্তিত্ব আৰু অভিনেত্ৰী যিয়ে মূলতঃ তামিল চলচ্চিত্ৰ আৰু টেলিভিছন অনুষ্ঠানত অভিনয় কৰে।[2] তেওঁ টেলিভিছন অনুষ্ঠান ৱানাক্কাম তামিঝাৰ আঁত ধৰিছিল আৰু ধাৰাবাহিক বাণী ৰাণীত অভিনেত্ৰী হিচাপে কাম কৰিছিল।[3][4]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

মমতীৰ জন্ম ১৯৭৮ চনৰ ২১ ডিচেম্বৰত তামিলনাডুচেন্নাইত হৈছিল। তেওঁ ছেক্ৰেড হাৰ্ট মেট্ৰিকুলেচন হায়াৰ চেকেণ্ডাৰী স্কুলত পঢ়া-শুনা কৰিছিল আৰু পিছলৈ আই.পি. পাভলভত নামভৰ্তি কৰি চিকিৎসা বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰিছিল।[5] বিবাহ বিচ্ছেদৰ পিছত তেওঁ মনোৰঞ্জন জগতৰপৰা বিৰতি লৈ এগৰাকী ব্যৱসায়ী মহিলা হিচাপে কাম আৰম্ভ কৰে।[6] ২০১৭ চনত তেওঁ পুনৰ চৰ্চালৈ আহে। অৱশ্যে ২০২০ চনত তেওঁ ঘোষণা কৰে যে তেওঁ স্থায়ীভাৱে টেলিভিছন উদ্যোগ ত্যাগ কৰিব আৰু চিকিৎসা বিদ্যালয়ত মনোনিৱেশ কৰিব।[7][8]

কেৰিয়াৰ

[সম্পাদনা কৰক]

মমতীয়ে ৰাজ টিভিত এংকৰ হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।[5] বিভিন্ন টেলিভিছন অনুষ্ঠানত ঘোষিকা হিচাপে কাম কৰাৰ পূৰ্বে তেওঁ ২০০৭ চনত বিগ এফ.এমৰ বিগ ৱানাক্কামৰ বাবে এগৰাকী আৰ.জে হিচাপে কাম কৰিছিল।[3] ২০১৩ চনত চান টিভিত সম্প্ৰচাৰিত ধাৰাবাহিক বাণী ৰাণীৰ জৰিয়তে তেওঁ অভিনয় জীৱনৰ পাতনি মেলে। ইয়াত তেওঁ কোকিলা স্বামীনাথন আৰু জেচি নামৰ দুটা বিৰোধী (খলনায়িকা) চৰিত্ৰত দ্বৈত অভিনয় কৰিছিল। পিছলৈ তেওঁ চান টিভিত সম্প্ৰচাৰিত টেলিভিছন শ্ব’ ৱানাক্কাম তামিঝাত ৰেডিঅ’ জকী হিচাপে কাম কৰে। ২০১৮ চনত তেওঁ ষ্টাৰ বিজয়ত সম্প্ৰচাৰিত ৰিয়েলিটি শ্ব’ বিগ বছ (তামিল ছিজন ২)ত এগৰাকী প্ৰতিযোগী হিচাপে অংশগ্ৰহণ কৰিছিল, অৱশ্যে প্ৰদৰ্শনৰ ১৪ দিনত তেওঁক ঘৰৰপৰা বহিষ্কাৰ কৰা হয়। অনুষ্ঠানটোৰপৰা বিদায় লোৱাৰ পাছত তেওঁ ২০২০ চনত টাইম এন্না বছ! ? নামৰ মিনি ৱেব ছিৰিজত অভিনয় কৰে।[9]

২০২২ চনত তেওঁ ২ বছৰৰ বিৰতিৰ পিছত পুনৰ উভতি অহাৰ কথা ঘোষণা কৰে আৰু অজিত কুমাৰ তথা মঞ্জু ৱাৰিয়াৰৰ সৈতে মুক্তি পাবলগীয়া ছবি থুনিভুত এক সহযোগী চৰিত্ৰত অভিনয়ৰ বাবে চুক্তিবদ্ধ হয়।[10]

চলচ্চিত্ৰপঞ্জী

[সম্পাদনা কৰক]
বছৰছবিচৰিত্ৰটোকা
২০২৩ থুনিভুচেনেল হেড
কোলাইচিকিৎসক

ৱেব ছিৰিজ

[সম্পাদনা কৰক]
বছৰশীৰ্ষকচৰিত্ৰনেটৱৰ্ক
২০২০টাইম এন্না বছ! ?ঘৰৰ গৰাকীএমেজন প্ৰাইম ভিডিঅ'

টেলিভিছন

[সম্পাদনা কৰক]
বছৰঅনুষ্ঠানভূমিকাচেনেলটোকা
২০০১নী নান আভালষ্টাৰ বিজয়
২০০৪হেল্ল’ তামিঝাঘোষিকাষ্টাৰ বিজয়
২০১৩ৰাণী মহাৰাণীঘোষিকাচান টিভি
২০১৩-২০১৭বাণী ৰাণীকোকিলা স্বামীনাথন / জেচিচান টিভিদ্বৈত ভূমিকা
২০১৭ৱানাক্কাম তামিঝাঘোষিকাচান টিভি
২০১৮বিগ বছ (তামিল ছিজন ২)প্ৰতিযোগীষ্টাৰ বিজয়১৪ দিনত বহিষ্কৃত

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "எப்போதும் இளமையாக இருக்க இதுதான் வழி – பிக் பாஸ் மமதி சாரி ஃபிட்னெஸ் சீக்ரெட்ஸ்!". tamil.indianexpress.com. https://tamil.indianexpress.com/lifestyle/bigg-boss-mamathi-chaari-fitness-secrets-tamil-news-293120/ আহৰণ কৰা হৈছে: 31 August 2022.
  2. "Mamathi Chari Age, Boyfriend, Height, Husband & More Facts". www.biography.mastdunia.com. Archived from the original on 31 August 2022. https://web.archive.org/web/20220831073506/https://www.biography.mastdunia.com/mamathi-chari-age-boyfriend-height-husband-more-facts/mamathi-chari-das আহৰণ কৰা হৈছে: 31 August 2022.
  3. 1 2 "‘Stylish Thamizhachi’ is a fitness freak". Deccan Chronicle. https://www.deccanchronicle.com/lifestyle/health-and-wellbeing/080719/stylish-thamizhachi-is-a-fitness-freak.html আহৰণ কৰা হৈছে: 31 August 2022.
  4. "Taking the small screen big-time". Deccan Chronicle. https://www.deccanchronicle.com/entertainment/television/280517/taking-the-small-screen-big-time.html আহৰণ কৰা হৈছে: 31 August 2022.
  5. 1 2 "ரஷியா to ராஜ் டீ.வி" (ta ভাষাত). Kalki: 78–79. 27 April 1997. https://archive.org/details/kalki1997-04-27/page/78/mode/2up আহৰণ কৰা হৈছে: 21 May 2023.
  6. "Divorce ஆனபிறகு மன அழுத்தத்துலேருந்து வெளியே வர பல ஆண்டுகளாச்சு! Mamathi Chari Emotional". cinema.vikatan.com. https://cinema.vikatan.com/tamil-cinema/anchor-vj-mamathi-chari-s-interview আহৰণ কৰা হৈছে: 31 August 2022.
  7. "The ‘The Making of Heroes: The Adventures of Zoe and Scruffy’, incorporates topics such as divorce, adoption and gender neutrality". The Hindu. https://www.thehindu.com/life-and-style/the-the-making-of-heroes-the-adventures-of-zoe-and-scruffy-incorporates-topics-such-as-divorce-adoption-and-gender-neutrality/article65626057.ece আহৰণ কৰা হৈছে: 31 August 2022.
  8. "Mamathi shares helpline number for women facing domestic abuse". Times Of India. https://timesofindia.indiatimes.com/entertainment/tamil/movies/news/mamathi-shares-helpline-number-for-women-facing-domestic-abuse/articleshow/75187098.cms আহৰণ কৰা হৈছে: 8 September 2022.
  9. "'Time Enna Boss' made me realise I can do comedy, says Mamathi Chari". www.deccanherald.com. https://www.deccanherald.com/entertainment/time-enna-boss-made-me-realise-i-can-do-comedy-says-mamathi-chari-895196.html আহৰণ কৰা হৈছে: 31 August 2022.
  10. யுவராஜ், லாவண்யா (2022-10-29). "Mamathi Chari in Thunivu : துணிவு படத்தில் இணைந்துள்ள புதிய பிரபலம்... டப்பிங் முடிச்சாச்சு... விவரம் உள்ளே" (ta ভাষাত). ABP Nadu. https://tamil.abplive.com/entertainment/popular-tv-anchor-mamathi-chari-has-joined-thunivu-film-dubbing-process-81742#google_vignette আহৰণ কৰা হৈছে: 2025-10-26.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]