সমললৈ যাওক

মলি কিলি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মলি কিলি
জন্ম মলি ম'ড কিলি
১০ অক্টোবৰ, ১৯৬৯
ব্ৰেচব্ৰীজ, অণ্টাৰিঅ’, কানাডা
ৰাষ্ট্ৰীয়তা আমেৰিকান
উল্লেখযোগ্য কৰ্ম শিৰোনাম ইৰোজ কমিক
ৱেবছাইট
MollyKiely.com

মলি ম'ড কিলি (ইংৰাজী: Molly Maud Kiely; জন্ম: ১০ অক্টোবৰ, ১৯৬৯)[1][2] এগৰাকী কানাডিয়ান-আমেৰিকান কাৰ্টুনকাৰ যি ইৰ'টিকাৰ বাবে বেছিকৈ পৰিচিত।[3] তেওঁৰ কাম ফেণ্টাগ্ৰাফিকছ/ইৰ'ছ কমিক্সৰ দ্বাৰা প্ৰকাশিত আৰু ই জেছ ফিংকৰ দৰে আন শিল্পীকো প্ৰভাৱিত কৰিছে।[4]

কিলিৰ জন্ম হৈছিল অণ্টাৰিঅ'ৰ ব্ৰেচব্ৰিজত, ডাঙৰ-দীঘল হৈছিল কিচেনাৰত আৰু তেওঁ ৱাটাৰলু বিশ্ববিদ্যালয়ত পঢ়িছিল।[5] তেওঁ গোটেই জীৱন অংকন কৰি ভাল পাই আহিছে,[6] আৰু ক্ৰেজি কেট আৰু লি'ল এবনাৰৰ জৰিয়তে কমিকছ চৰিত্ৰ আৱিষ্কাৰ কৰিছে।[7] ১৯৯১ চনত ছান ডিয়েগো কমিক-কনত তেওঁ প্ৰথম মিনিকমিক সৃষ্টি কৰে। ১৯৯২ চনত কানাডা এৰি ছান ফ্ৰান্সিস্কোলৈ যায়।[1]

তেওঁৰ প্ৰথম কমিক কমিউনিয়ন আছিল জে হেগীৰ সৈতে সহযোগিতা কৰা, যিটো “ওৱান নাইট ষ্টেণ্ড’’ৰ বিষয়ে লিখা এটা ষ্ট্ৰিম অৱ চেতনাৰ কবিতাৰ আধাৰত নিৰ্মিত আছিল।[7] ১৯৯২ চনত ফেণ্টাগ্ৰাফিকছৰ ইৰ'ছ কমিক্স ইম্প্ৰিণ্টে ইয়াক প্ৰকাশ কৰে।[8] ১৯৯৩ চনত ৱুলী কমিক্সে তেওঁক মাৰ্কিছ ডি ছেডৰ উপন্যাস ফিল'চফি ইন দ্য বেডৰুমৰ কমিক অভিযোজন কৰিবলৈ নিযুক্তি দিয়ে।[8]

তেওঁৰ কামক "ক্লিন লাইন ষ্টাইল" বুলি বৰ্ণনা কৰিছে যাক অব্ৰি বিয়াৰ্ডছলি আৰু জেইম হাৰ্নাণ্ডেজৰ সৈতে তুলনা কৰা হৈছে।[5]

তেওঁৰ কামৰ পৰ্ণগ্ৰাফিক প্ৰকৃতিয়ে কেতিয়াবা নাৰীবাদীসকলৰ পৰা বিচাৰ আকৰ্ষণ কৰে যিসকলে তেওঁক পুৰুষক নাৰীক শোষণ কৰাত সহায় কৰা বুলি ভাবে।[9] কানাডাৰ ফৌজদাৰী আইনৰ উপধাৰা ১৬৩ৰ অধীনত ১৯৯৫ চনত কানাডাৰ শুল্ক আৰু ডাকঘৰে মাজে মাজে কিলিৰ কাম জব্দ কৰিছিল যেতিয়া তেওঁ আৰু ইৰ'ছৰ মাজত মেইল কৰা হৈছিল।[8]

তেওঁ বিবাহিতা আছিল আৰু ২০০৭ চনত তেওঁৰ এগৰাকী কন্যা সন্তান জন্ম হয়[7] আৰু ২০১৫ চনত বিধৱা হয়।[2] আনুমানিক ২০১৭ চনৰ পৰা কিলিয়ে নিজৰ কন্যাৰ সৈতে এৰিজোনাৰ টাচনত বাস কৰে।[1][2]

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 3 Kiely entry, Lambiek's Comiclopedia. Accessed Mar. 6, 2014.
  2. 1 2 3 "About", Official website. Retrieved April 14, 2017
  3. Spurgeon, Tom (October 25, 2015), "FFF Results Post #434 -- Dirty Comics", Comics Reporter. Retrieved April 13, 2017
  4. Chevat, Zoe (25 March 2013). "The Mary Sue Interview: Sexy Comics Artist Jess Fink!". The Mary Sue. https://www.themarysue.com/the-mary-sue-interview-sexy-comics-artist-jess-fink/ আহৰণ কৰা হৈছে: April 14, 2017.
  5. 1 2 Vasseur, Richard (June 11, 2007), "Molly Kiely Artist of Gothic Classics Archived 2007-12-10 at the Wayback Machine", Jazma Online. Retrieved April 15, 2017
  6. Keller, Katherine, "She's That Kind of Girl", Sequential Tart. Retrieved April 15, 2017
  7. 1 2 3 Dowers, Michael, "Treasury of Mini Comics Volume Two" pp300-301. Retrieved April 15, 2017
  8. 1 2 3 Mayerson, Ginger (February 4, 2006), "Erotica, Utopia and Judicial Proceedings", Sequential Tart. Retrieved April 15, 2017
  9. Hall, Ed (April 28, 2011), "Chester 5000 XYV: Pornography and feminism in the graphic novel Archived 2019-09-28 at the Wayback Machine", Burnaway. Retrieved April 15, 2017