মল্লিকা শ্বেৰাৱত
| মল্লিকা শ্বেৰাৱত | |
|---|---|
২০১৪ চনৰ কাঁ চলচ্চিত্ৰ মহোৎসৱত শ্বেৰাৱত | |
| জন্ম | ৰীমা লাম্বা ২৪ অক্টোবৰ, ১৯৭৬ (৪৯ বছৰ) মথ, হিচাৰ জিলা, হাৰিয়ানা, ভাৰত |
| পেচা | অভিনেত্ৰী |
| সক্ৰিয় হৈ থকা সময় | ২০০২–বৰ্তমান |
| দাম্পত্যসঙ্গী | কৰণ সিং গিল (বিবাহ ১৯৯৭; বিচ্ছেদ) |
ৰীমা লাম্বা (জন্ম ২৪ অক্টোবৰ ১৯৭৬), যিগৰাকী তেওঁৰ মঞ্চনাম মল্লিকা শ্বেৰাৱত নামেৰে অধিক পৰিচিত, এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ হিন্দী ভাষাৰ চলচ্চিত্ৰত কাম কৰে। ‘খুৱাইচ’ (২০০৩) আৰু ‘মাৰ্ডাৰ’ (২০০৪)ৰ দৰে ছবিত কৰা সাহসী অভিনয়ৰ বাবে পৰিচিত শ্বেৰাৱতে বলিউডত নিজকে এগৰাকী ‘ছেক্স চিম্বল’ হিচাপে প্ৰতিষ্ঠা কৰিছে। তেওঁ কেইবাটাও জনপ্ৰিয় ‘আইটেম নাম্বাৰ’ত অভিনয় কৰাৰ বাবেও জনাজাত।
ৰোমাণ্টিক কমেডী ছবি ‘প্যাৰ কে ছাইড ইফেক্টছ’ (২০০৬)-ত আগবঢ়োৱা শ্বেৰাৱতৰ অভিনয় দৰ্শকে আদৰি লৈছিল। ইয়াৰ পিছত তেওঁ ‘আপ কা চুৰুৰ’, ‘ৱেলকাম’ (দুয়োখন ২০০৭), ‘দশাৱতাৰম’ (২০০৮) — যিখন তেওঁৰ এতিয়ালৈকে আটাইতকৈ ডাঙৰ ব্যাৱসায়িক সফলতা — আৰু ‘ডাবল ধামাল’ (২০১১)-ত অভিনয় কৰে। ভাৰতীয় ছবিৰ উপৰি তেওঁ চীনা ছবি ‘দ্য মিথ’ (২০০৫) আৰু ‘টাইম ৰেইডাৰ্ছ’ (২০১৬)-ত অভিনয় কৰিছে। ‘হিছ’ (২০১০) আৰু ‘পলিটিক্স অৱ লাভ’ (২০১১)ৰ দৰে ছবিৰ জৰিয়তে হলিউডত খোপনি পুতিবলৈ চেষ্টা কৰা কেইগৰাকীমান বলিউড তাৰকাৰ ভিতৰত তেওঁ অন্যতম।
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]শ্বেৰাৱতৰ জন্ম হাৰিয়ানাৰ হিচাৰ জিলাৰ এখন সৰু গাঁও মথত এটা জাট পৰিয়ালত হৈছিল। তেওঁৰ জন্মৰ নাম আছিল ৰীমা লাম্বা।[1][2] মল্লিকাৰ পিতৃ মুকেশ কুমাৰ লাম্বা আৰু তেওঁ এজন অগ্ৰণী জাট সমাজহিতৈষী শেঠ ছাজু ৰামৰ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল।[3] ৰীমা নামৰ আন অভিনেত্ৰীসকলৰ সৈতে বিভ্ৰান্তি এৰাই চলিবলৈ তেওঁ "মল্লিকা" (অৰ্থ: সম্ৰাজ্ঞী) নামটো গ্ৰহণ কৰিছিল।[4] আনহাতে "শ্বেৰাৱত" তেওঁৰ মাতৃৰ বিয়াৰ পূৰ্বৰ উপাধি।[5] তেওঁ উল্লেখ কৰিছে যে মাতৃয়ে আগবঢ়োৱা সমৰ্থনৰ বাবেই তেওঁ মাতৃৰ উপাধিটো ব্যৱহাৰ কৰে।[4] যদিও চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰাৰ সময়ত তেওঁৰ পৰিয়ালৰ সৈতে সম্পৰ্ক বিঘ্নিত হৈছিল,[6] কিন্তু বৰ্তমান শ্বেৰাৱতৰ পৰিয়ালে তেওঁৰ কেৰিয়াৰ গ্ৰহণ কৰিছে আৰু তেওঁলোকৰ মাজত মিলা-প্ৰীতি হৈছে।[3]
শ্বেৰাৱতে দিল্লী পাব্লিক স্কুল (মথুৰা ৰোড)ত পঢ়া-শুনা কৰিছিল।[7] তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত মিৰাণ্ডা হাউচৰপৰা দৰ্শন (Philosophy) বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰিছে।[8] কেৰিয়াৰৰ প্ৰাৰম্ভিক দিনবোৰত তেওঁ দাবী কৰিছিল যে তেওঁ অতি ৰক্ষণশীল গাঁৱলীয়া পৰিয়ালৰপৰা আহিছে আৰু নিজৰ কেৰিয়াৰ গঢ়াৰ ক্ষেত্ৰত তেওঁ বহু বাধাৰ সন্মুখীন হৈছে।[9] অৱশ্যে শ্বেৰাৱতৰ পৰিয়ালে এই কথা খণ্ডন কৰি কয় যে এয়া তেওঁ নিজেই সৃষ্টি কৰা এটা কাহিনী আছিল যাতে বলিউডত এগৰাকী গাঁৱলীয়া ছোৱালীয়ে ডাঙৰ সফলতা লাভ কৰাৰ দৰে এটা আৱাহৰ সৃষ্টি হয়।[6]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "It's difficult for me to get over my father's betrayal: Mallika Sherawat". The Times of India. 7 October 2013. https://timesofindia.indiatimes.com/entertainment/bollywood/news-interviews/Its-difficult-for-me-to-get-over-my-fathers-betrayal-Mallika-Sherawat/articleshow/23605998.cms?intenttarget=no.
- ↑ Vickey Lalwani (5 October 2004). "'Dharamji and Mallika plan to set screens on fire!". Rediff. http://www.rediff.com/movies/2004/oct/06mallika.htm। আহৰণ কৰা হৈছে: 23 July 2010. "Mallika chips in, "We Jats, Dharamji and I, will set the screens on fire!""
- 1 2 Deepender Deswal (25 January 2011). "Mallika's great grandfather more popular than her at her native village in Haryana". The Times of India. https://timesofindia.indiatimes.com/india/Mallikas-great-grandfather-more-popular-than-her-at-her-native-village-in-Haryana/articleshow/7361685.cms.
- 1 2 "Youngsters to change the rule in Bollywood: Mallika Sherawat". Outlook India. 24 September 2005. http://news.outlookindia.com/item.aspx?324896। আহৰণ কৰা হৈছে: 23 July 2010.
- ↑ "Trivia from official website". Archived from the original on 27 December 2010. https://web.archive.org/web/20101227071527/http://www.mallikasherawatwow.com/trivia/। আহৰণ কৰা হৈছে: 7 January 2011.
- 1 2 "Mallika exposed: These are the true lies". The Indian Express. 10 May 2004. Archived from the original on 15 November 2011. https://web.archive.org/web/20111115124832/http://www.expressindia.com/news/fullstory.php?newsid=31255.
- ↑ "Delhi Public School, Mathura Road". Zemu.in. http://www.zemu.in/EdInPrAb.aspx?iid=dpsmathuraroad। আহৰণ কৰা হৈছে: 23 July 2010.
- ↑ Malavika Sangghvi (24 April 2005). "I want a man who has more balls than I do". The Times of India. http://timesofindia.indiatimes.com/articleshow/1087498.cms.
- ↑ "Viagra & the Nun". The Times of India. 11 April 2004. http://timesofindia.indiatimes.com/delhi-times/viagra-the-nun/articleshow/610504.cms.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| মল্লিকা শ্বেৰাৱত প্ৰবন্ধৰ বিষয়ে ৱিকিপিডিয়াৰ ভগ্নী প্ৰকল্পসমূহত অধিক তথ্য চাব পাৰে: | |
| শব্দৰ অৰ্থ ৱিকিঅভিধানত | |
| চিত্ৰ আৰু মিডিয়া কমন্সত | |
| মাধ্যম আৰু কাৰ্যক্ৰম ৱিকিবিশ্ববিদ্যালয়ত | |
| বা-বাতৰি ৱিকিসংবাদত | |
| উক্তিৰ সংগ্ৰহ ৱিকিউক্তিত | |
| কিতাপ, লিখনি আদি ৱিকিউৎসত | |
| পাঠ্যপুথি ৱিকিগ্ৰন্থত | |
- মল্লিকা শ্বেৰাৱত সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- মল্লিকা শ্বেৰাৱত সম্পৰ্কে বলিউড হাংগামাত থকা তথ্য