সমললৈ যাওক

মল্লিকা শ্ৰীনিবাসন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মল্লিকা শ্ৰীনিবাসন
জন্ম ১৯ নৱেম্বৰ, ১৯৫৯ (৬৬ বছৰ)
মাদ্ৰাজ, মাদ্ৰাজ ৰাজ্য
(বৰ্তমান চেন্নাই, তামিলনাডু), ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষানুষ্ঠান
পেচা ঔদ্যোগিক
সংস্থা TAFE - ট্ৰেক্টৰ আৰু কৃষি সঁজুলি লিমিটেড
পদবী TAFE ৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক
বোৰ্ডৰ সদস্য  টাটা ষ্টীল
AGCO আৰু আমেৰিকা–ভাৰত ব্যৱসায়িক পৰিষদ
দাম্পত্যসঙ্গী ভেনু শ্ৰীনিবাস
পিতৃ-মাতৃ
সন্তান লক্ষ্মী ভেনু, সুদৰ্শন ভেনু
ৱেবছাইট
tafe.com

মল্লিকা শ্ৰীনিবাসন (ইংৰাজী: :Mallika Srinivasan জন্ম ১৯ নৱেম্বৰ ১৯৫৯) এগৰাকী ভাৰতীয় উদ্যোগপতি আৰু ১৯৬০ চনত ভাৰতৰ চেন্নাইত প্ৰতিষ্ঠা হোৱা ট্ৰেক্টৰ মেজৰ ট্ৰেক্টৰছ এণ্ড ফাৰ্ম ইকুইপমেণ্ট লিমিটেডৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক। ২০২১ চনৰ ১ এপ্ৰিলৰ পৰা ভাৰত চৰকাৰে গঠন কৰা ৰাজহুৱা উদ্যোগ নিৰ্বাচন ব'ৰ্ডৰ (পিইএছবি) অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু ২০২৫ চনৰ ১৮ নৱেম্বৰলৈকে একেই পদত কাৰ্যনিৰ্বাহ কৰিছিল।[2] ইয়াৰ উপৰিও তেওঁ গ্ল’বেল ব’ৰ্ড অৱ ইউ.এছ.-ইণ্ডিয়া বিজনেছ কাউন্সিল (ইউএছআইবিচি), আৰু এজিচিঅ’ কৰ্প’ৰেশ্যন - আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব’ৰ্ডত আছে। ব্ৰিকছ উইমেনছ বিজনেছ এলায়েন্স (ব্ৰিকছ ডব্লিউ বি এ)ৰ মূল সদস্য আৰু ভাৰত-আমেৰিকাৰ চি ই অ’ ফ’ৰামৰ সদস্য। লগতে তেওঁ ষ্টেলা মাৰিছ কলেজ - চেন্নাইৰ গভৰ্নিং বডিৰ সদস্যও।

মল্লিকা মহিলা খ্ৰীষ্টান কলেজৰ পৰা গণিতত ডিগ্ৰী লাভ কৰে[3][4][5] আৰু পিছলৈ মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতিবিজ্ঞানত বিশ্ববিদ্যালয়ৰ স্বৰ্ণ পদক বিজয়ী হয়, পেনচিলভেনিয়া বিশ্ববিদ্যালয়ৰ ৱাৰ্টন স্কুল অৱ বিজনেছৰ পৰা ডিনছ অনাৰ লিষ্ট আৰু আলফা বিটা গামা ছ'চাইটিৰ সদস্য হিচাপে স্নাতক ডিগ্ৰী লাভ কৰে আৰু ইয়াৰ শীৰ্ষ ১২৫ গৰাকী সফল প্ৰাক্তন ছাত্ৰ হিচাপে স্থান লাভ কৰে।[6]

কৰ্ম জীৱন

[সম্পাদনা কৰক]

মল্লিকা শ্ৰীনিবাসন TAFE-ক বৃহৎ পৰিমাণে ট্ৰেক্টৰ নিৰ্মাতা প্ৰতিষ্ঠান হিচাপে গঢ়ি তুলিবলৈ মুখ্য ভূমিকা গ্ৰহণ কৰিছিল। তেওঁৰ নেতৃত্বত, কোম্পানী উল্লেখনীয়ভাৱে বৃদ্ধি পাই ₹১০,০০০ কোটিৰো অধিক আয় কৰা এখন অন্যতম বৃহৎ সংস্থালৈ পৰিণত হৈছে। TAFE-ৰ ব্যৱসায়িক ক্ষেত্ৰ বিভিন্ন দিশত বিস্তৃত, যেনে ট্ৰেক্টৰ, কৃষিযন্ত্ৰ, ডিজেল ইঞ্জিন, জেনাৰেটৰ, ইঞ্জিনিয়াৰিং প্লাষ্টিক, হাইড্ৰ’লিক পাম্প আৰু ছিলিণ্ডাৰ, অটোমোবাইল ফ্ৰেঞ্চাইজ, আৰু প্লেণ্টেশ্বন।

তেওঁ ট্ৰেক্টৰ মেনুফেকচাৰ্ছ এছ'চিয়েচন অৱ ইণ্ডিয়া, মাদ্ৰাজ চেম্বাৰ অৱ কমাৰ্চৰ দৰে বিভিন্ন উদ্যোগ সংস্থাৰ নেতৃত্ব দিছিল আৰু কনফেডাৰেচন অৱ ইণ্ডিয়ান ইণ্ডাষ্ট্ৰী আৰু ইণ্ডিয়ান ইনষ্টিটিউট অৱ ফৰেইন ট্ৰেডৰ দৰে উদ্যোগ সংস্থাত বিভিন্ন পদবীত অধিষ্ঠিত হৈ আহিছে।[7]

সমাজসেৱা

[সম্পাদনা কৰক]

মল্লিকা শ্ৰীনিবাসন সমাজসেৱাৰ ক্ষেত্ৰত উল্লেখনীয় অৱদান আগবঢ়াইছে। তেওঁ শংকৰা নেথ্ৰালয়া (ভাৰতৰ অন্যতম প্ৰধান চক্ষুচিকিৎসা প্ৰতিষ্ঠান), চেন্নাইৰ কেঞ্চাৰ হাস্পতাল, আৰু আলৱাৰকুৰিচি (তিৰুনেলৱেলি জিলাৰ) বিভিন্ন শিক্ষা আৰু স্বাস্থ্যসেৱা প্ৰতিষ্ঠানৰ গঢ়ি উঠাত সক্ৰিয়ভাৱে জড়িত। ইয়াৰ উপৰিও, তেওঁ ইন্দিৰা শিৱসাইলাম ফাউণ্ডেশ্বনৰ জৰিয়তে কৰ্ণাটক সংগীতৰ প্ৰচাৰ-প্ৰসাৰৰ ক্ষেত্ৰত বিশেষভাৱে অৱদান আগবঢ়াই কলাৰ এক মহান পৃষ্ঠপোষক হিচাপে পৰিচিত।[8]

বঁটা আৰু প্ৰশংসা

[সম্পাদনা কৰক]

শ্ৰীনিবাসনে কেইবাটাও প্ৰশংসা আৰু বঁটা লাভ কৰিছে। ২০১১ চনত আৰ্নষ্ট এণ্ড ইয়ঙে তেওঁক বছৰৰ শ্ৰেষ্ঠ উদ্যোগী হিচাপে ভোট দিয়ে; ফৰ্বছ ইণ্ডিয়াৰ দ্বাৰা বছৰৰ মহিলা নেত্ৰী বঁটাৰে সন্মানিত; আৰু ফৰ্বছ এছিয়াই শীৰ্ষ ৫০ গৰাকী এছিয়ান শক্তিশালী ব্যৱসায়ী মহিলাৰ ভিতৰত অন্যতম হিচাপে স্বীকৃতি লাভ কৰিছে।

ফৰ্বছৰ ভাৰতৰ ১০০ জন ধনী টাইকুনৰ তালিকা অনুসৰি, ২০২৪ চনৰ ৯ অক্টোবৰত, এমালগেমেচনছ পৰিয়ালে ৫ বিলিয়ন ডলাৰৰ সম্পত্তিৰে ৬৪ নম্বৰ স্থানত আছে।[9]

বিজনেছ টুডেই ইনকৰ্পৰেশ্যনে ছয়গৰাকী মষ্ট পাৱাৰফুল উইমেন অৱ ইণ্ডিয়া ইনকৰ্পৰেশ্যনৰ ভিতৰত স্থান লাভ কৰাৰ বিপৰীতে এছিয়ান বিজনেছ লিডাৰশ্বিপ ফ’ৰামে (এবিএলএফ) এবিএলএফ উইমেন অৱ পাৱাৰ বঁটাৰে সন্মানিত কৰে। ভাৰতৰ আগশাৰীৰ ব্যৱসায়িক টেলিভিছন চেনেল এনডিটিভি প্ৰফিটে তেওঁক ২০১২ চনৰ বছৰৰ ব্যৱসায়িক চিন্তাশীল নেতাৰ সন্মান প্ৰদান কৰে, এনডিটিভি প্ৰফিট ব্যৱসায়িক নেতৃত্ব বঁটাত।[10] ২০১৮ চনত ফৰ্চুন ইণ্ডিয়াই ভাৰতৰ ব্যৱসায়ৰ ক্ষেত্ৰত শক্তিশালী মহিলা সকলৰ ভিতৰত পঞ্চম স্থান লাভ দিয়ে।[11] ২০২০ চনত ইটি প্ৰাইম উইমেন লিডাৰশ্বিপ এৱাৰ্ড ২০২০ত, তেওঁক "বছৰৰ ব্যৱসায়ী" হিচাপে সন্মানিত কৰা হয়।[12]

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. "Celebrations galore as WCC turns 100 this July". The Times of India. 7 July 2015. https://timesofindia.indiatimes.com/city/chennai/Celebrations-galore-as-WCC-turns-100-this-July/articleshow/47966063.cms আহৰণ কৰা হৈছে: 14 July 2018.
  2. "TAFE's Mallika Srinivasan to heads PSEB" (en-IN ভাষাত). The Hindu. 2021-04-01. ISSN 0971-751X. https://www.thehindu.com/business/tafes-mallika-srinivasan-to-heads-pseb/article34218128.ece.
  3. "Ploughshares To Profits". Anuradha Raghunathan. Forbes. 23 November 2011. https://www.forbes.com/global/2011/1205/asia-power-business-women-mallika-srinivasan-tafe-ploughshares-raghunathan.html#52086be95cf5 আহৰণ কৰা হৈছে: 14 July 2018.
  4. "Celebrating 100 years of learning". The Hindu. 8 July 2015. https://www.thehindu.com/news/cities/chennai/celebrating-100-years-of-learning/article7397108.ece আহৰণ কৰা হৈছে: 14 July 2018.
  5. "Women's Christian College celebrates 100th year with fanfare". Deccan Chronicle. 8 July 2015. https://www.deccanchronicle.com/150708/nation-education/article/women%E2%80%99s-christian-college-celebrates-100th-year-fanfare আহৰণ কৰা হৈছে: 14 July 2018.
  6. "A new voice in a tradition bound industry, Mallika Srinivasan, WG'85". The Wharton School, The University of Pennsylvania. Archived from the original on 20 January 2015. https://web.archive.org/web/20150120010444/http://www.wharton.upenn.edu/125anniversaryissue/srinivasan.html আহৰণ কৰা হৈছে: 28 July 2015.
  7. "Mallika Srinivasan". The Wall Street Journal. http://quotes.wsj.com/IN/XNSE/UNITEDTEA/company-people/executive-profile/41730265 আহৰণ কৰা হৈছে: 28 July 2015.
  8. "About Us / The Indira Sivasailam Foundation". The Indira Sivasailam Foundation. http://isfoundation.in/about/is-foundation.html আহৰণ কৰা হৈছে: 28 July 2015.
  9. "India's 100 Richest". Forbes. https://www.forbes.com/lists/india-billionaires/.
  10. "Business Thought Leader of the Year: Mallika Srinivasan". NDTV Profit. http://profit.ndtv.com/videos/news/video-business-thought-leader-of-the-year-mallika-srinivasan-270967 আহৰণ কৰা হৈছে: 28 July 2015.
  11. "Mallika Srinivasan - Most Powerful Women in 2018 - Fortune India" (en ভাষাত). www.fortuneindia.com. https://www.fortuneindia.com/mpw/mallika-srinivasan?year=2018 আহৰণ কৰা হৈছে: 2019-04-21.
  12. "Mallika Srinivasan awarded 'Businesswoman of the Year' at ETPrime Women Leadership Awards 2020". The Economic Times. https://economictimes.indiatimes.com/news/company/corporate-trends/mallika-srinivasan-awarded-businesswoman-of-the-year-at-etprime-women-leadership-awards-2020/articleshow/79057741.cms.