সমললৈ যাওক

মহচেন য়াজদানী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মহচেন য়াজদানী
জন্ম মহচেন য়াজদানীকাচোৱী
১ আগষ্ট ১৯৬৯
নাগৰিকত্ব ইৰান
শিক্ষা ডিবিএ

মহচেন য়াজদানী (ফাৰ্চী: محسن یزدانی; জন্ম ১ আগষ্ট ১৯৬৯) হৈছে এগৰাকী ইৰানী বডিবিল্ডিং চেম্পিয়ন। তেওঁ ১৯৯৯ চনত বিশ্ব চেম্পিয়নশ্বিপত স্বৰ্ণ পদক লাভ কৰা প্ৰথমজন ইৰানী বডিবিল্ডাৰ আছিল আৰু একে বছৰতে তেওঁ আন্তঃৰাষ্ট্ৰীয় বডিবিল্ডিং আৰু ফিটনেছ ফেডাৰেচনৰপৰা বছৰটোৰ আটাইতকৈ উন্নত বডিবিল্ডাৰৰ বঁটাও লাভ কৰিছিল। ইয়াৰ উপৰি য়াজদানী হৈছে আইএফবিবি প্ৰ'ত যোগদান কৰা সৰ্বপ্ৰথম ইৰানী বডিবিল্ডাৰ। বৰ্তমান তেওঁ হিৰবড চেইন জিমৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া হিচাপে সক্ৰিয় হৈ আছে।[1]

মহচেন য়াজদানীৰ জন্ম ১৯৬৯ চনৰ ১ আগষ্টত তেহৰানত হৈছিল। তেওঁ ১২ বছৰ বয়সতে মল্লযুঁজৰ জৰিয়তে নিজৰ ক্ৰীড়া জীৱন আৰম্ভ কৰে আৰু একে বছৰতে তেহৰান যুৱ কাপত ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয়। ১৬ বছৰ বয়সত তেওঁ বক্সিং খেলত প্ৰৱেশ কৰে আৰু ইৰানত বাধ্যতামূলক সামৰিক সেৱা সম্পূৰ্ণ কৰাৰ পাছত তেওঁ নিজৰ বন্ধু হামিদ গেইছাৰী আৰু হাদী গাদিৰৰ পৰামৰ্শ অনুসৰি বডিবিল্ডিং কেৰিয়াৰ আৰম্ভ কৰে। তেওঁ ১৯৯১ চনত অলিম্পিক জিমত নিজৰ প্ৰশিক্ষণ আৰম্ভ কৰিছিল। ৰাষ্ট্ৰীয় কাপত তৃতীয় স্থান লাভ কৰি তেওঁ জীৱনৰ প্ৰথমটো পদক অৰ্জন কৰে। ইয়াৰ কেইমাহমানৰ পিছতে তেওঁ দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰীয় কাপত প্ৰতিযোগিতা আগবঢ়ায় আৰু এইবাৰ স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হয়।[2]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]