সমললৈ যাওক

মহছিনা কিদৱাই

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মহছিনা কিদৱাই
নগৰ উন্নয়ন মন্ত্ৰী
কাৰ্যকাল
২২ অক্তোবৰ ১৯৮৬ – ২ ছেপ্তেম্বৰ ১৯৮৯
প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী
পূৰ্বসূৰী আব্দুল গাফুৰ
উত্তৰসূৰী মুৰাছলি মৰাণ
পথ আৰু ঘাইপথ
কাৰ্যকাল
২৪ জুন ১৯৮৬ – ২২ অক্তোবৰ ১৯৮৬
প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী
পূৰ্বসূৰী ৰাজীৱ গান্ধী
উত্তৰসূৰী Ministry abolished
স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী
কাৰ্যকাল
৩১ ডিচেম্বৰ ১৯৮৪ – ২৪ জুন ১৯৮৬
প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী
পূৰ্বসূৰী বি. শংকৰানন্দ
উত্তৰসূৰী পি ভি নৰসিংহ ৰাও
গ্ৰামোন্নয়ন মন্ত্ৰী
কাৰ্যকাল
২ আগষ্ট ১৯৮৪ – ৩১ ডিচেম্বৰ ১৯৮৪
(ৰাজ্য মন্ত্ৰী, স্বতন্ত্ৰ দায়িত্ব
১৯৮৪ চনৰ ৩১ অক্টোবৰলৈকে)
পূৰ্বসূৰী হৰিনাথ মিশ্ৰ
উত্তৰসূৰী বুটা সিং
সংসদৰ সদস্য, ৰাজ্য সভা চত্তীশগড়ৰ বাবে।
ব্যক্তিগত তথ্য
জন্ম ১ জানুৱাৰী, ১৯৩২ (৯৩ বছৰ)
বাৰাবাংকি, উত্তৰ প্ৰদেশ
ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছ
দাম্পত্যসঙ্গী খলিল আৰ কিদৱাই
সন্তান তিনিগৰাকী জীয়েক
ৱেবছাইট Official Website, Rajya Sabha

মহছিনা কিদৱাই (ইংৰাজী: Mohsina Kidwai; জন্ম: ১ জানুৱাৰী ১৯৩২) উত্তৰ প্ৰদেশৰ বাৰাবাংকি জিলাৰ অন্তৰ্গত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ভাৰতৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আৰু সংসদ সদস্য। প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী আৰু ৰাজীৱ গান্ধীৰ অধীনত কেন্দ্ৰীয় মন্ত্ৰী হিচাপে কেতবোৰ গুৰুত্বপূৰ্ণ পদত তেওঁ অধিষ্ঠিত হৈ কাৰ্যনিৰ্বাহ কৰিছিল।

উত্তৰ প্ৰদেশৰ মীৰুট সমষ্টিৰ পৰা ৬নং লোকসভালৈ নিৰ্বাচিত হৈ ৭ম আৰু অষ্টম লোকসভাৰ আসনখনো তেওঁ অক্ষুণ্ণ ৰাখিছে। ২০০৪ চনৰ পৰা ২০১৬ চনৰ ভিতৰত তেওঁ ছত্তীশগড়[1][2] ৰ পৰা ৰাজ্যসভাৰ সদস্য হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

কৰ্মজীৱন

[সম্পাদনা কৰক]

মহছিনা কিদৱাইয়ে উত্তৰ প্ৰদেশ চৰকাৰ আৰু ভাৰত চৰকাৰত কেইবাটাও মন্ত্ৰী পদত অধিষ্ঠিত হৈ আহিছে।[2]

কিডৱাই কংগ্ৰেছ দলৰ ভিতৰতে এআইচিচিৰ সাধাৰণ সম্পাদককে ধৰি বিভিন্ন নেতৃত্বৰ পদত অধিষ্ঠিত হৈ আহিছে। কিডৱাই কংগ্ৰেছ পাৰ্টিৰ মুৰব্বী ছোনিয়া গান্ধীৰ সান্নিধ্যত থকাৰ বাবে পৰিচিত।[3]

ইয়াৰ উপৰি তেওঁ কংগ্ৰেছৰ কাৰ্য্যকৰী সমিতিৰ সদস্য। লগতে অসমীয়া আৰু পঞ্জাৱৰ ইস্তাহাৰ ৰূপায়ণ সমিতিৰ আহ্বায়ক আছিল।[4]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

১৯৫৩ চনৰ ১৭ ডিচেম্বৰত খলিল আৰ কিদৱাইৰ সৈতে মহছিনা কিদৱাইৰ বিবাহ হয়। তেওঁৰ তিনিগৰাকী কন্যা আছে।[2]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. asp#CHT MEMBERS OF RAJYA SABHA (STATE WISE LIST), CHHATTISGARH[সংযোগবিহীন উৎস]
  2. 2.0 2.1 2.2 "Website of SMT. MOHSINA KIDWAI, Member of Parliament (Rajya Sabha)". http://164.100.24.167:8080/members/Website/Mainweb.asp?mpcode=1955। আহৰণ কৰা হৈছে: 15 June 2007. 
  3. "STATE OF THE CONGRESS: Half done, but no clue ahead". Archived from the original on 14 October 2012. https://web.archive.org/web/20121014191236/http://tehelka.com/story_main21.asp?filename=Ne110406Half_done.asp। আহৰণ কৰা হৈছে: 15 June 2007. 
  4. "AICC release of 22 April, 2002 after the reshuffle". Archived from the original on 6 February 2012. https://web.archive.org/web/20120206055641/http://www.congresssandesh.com/may-2002/12.html। আহৰণ কৰা হৈছে: 15 June 2007.